ETV Bharat / state

বিধায়ক অশোক কুমাৰ সিংহীৰ সমষ্টিত উন্নয়নৰ ফোপোলা স্বৰূপ - Poor condition of a village no development at Bilashipara village

দ্বীপৰ নৈৰ ওপৰৰ পাইকানডাৰা ১ম গাঁৱত অৱস্থিত এই মৰনফান্দ সদৃশ দলংখনেৰে প্ৰতিদিনে কাষৰীয়া বহু কেইখন গাঁৱৰ ৰাইজ তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে বিপদ সংকুল যাত্ৰা কৰিবলগীয়া হয় ৷

উন্নয়নৰ  ফোপোলা স্বৰূপ
উন্নয়নৰ ফোপোলা স্বৰূপ
author img

By

Published : Feb 3, 2020, 4:03 PM IST

পশ্চিম বিলাসীপাৰা, 3 ফেব্ৰুৱাৰীঃ বিলাসীপাৰা সমষ্টিৰ বিজেপি বিধায়ক অশোক কুমাৰ সিংহীৰ সমষ্টিত উন্নয়নৰ ফোপোলা স্বৰূপ দেখি হতবাক হৈ পৰিব আপুনিও । বিলাসীপাৰা পূৱ বিধানসভা সমষ্টিৰ অন্তৰ্গত পাইকানডাৰা ১ম খণ্ডৰ এখন জৰাজীৰ্ণ দলঙে সুদীৰ্ঘ কালৰ পৰা জীয়াতু ভোগাইছে সাধাৰণ ৰাইজক ৷ বিগত প্ৰায় ২০ বছৰ ধৰি মেৰামতিৰ অভাৱত ক্ৰমাৎ মৰনফান্দৰ ৰূপ ধাৰণ কৰিছে জৰাজীৰ্ণ হৈ পৰা দলংখনে ৷ আনহাতে দলংখনেৰে যাতায়ত কৰাৰ ফলত ইয়াৰ পৰা পৰি ইতিমধ্যে কেবাজনো লোক মৃত্যুমুখত পৰা বুলিও স্থানীয় ৰাইজে অভিযোগ তুলিছে ।

লগতে পঢ়কঃ শিৱসাগৰৰ মেটেকাঘাটত ট্ৰাকৰ খুন্দত নিহত মহিলা

২০ বছৰৰো অধিক কাল ভগ্ন পকী দলংখনৰ বাবে দুখন পঞ্চায়তৰ অন্তৰ্গত প্ৰায় দহখনৰো অধিক গাঁৱৰ কেইবা হাজাৰ লোকে যাতায়তৰ নামত যমৰ যাতনা ভুগিছে । বিশেষকৈ পঞ্চায়ত দুখনৰ অন্তৰ্গত ধূলাপাৰা, পাইকানডাৰা ১ম খণ্ড, উদমাৰী ৩য় খণ্ড, মংগলেৰডাববী, কেশাৰেডুবী, হাউদাৰটাৰী, চাটাপাৰা, কোটেৰ গাঁৱ লক্ষীগঞ্জ অঞ্চললৈ যাতায়ত কৰা পথচাৰী, ছাত্ৰ- ছাত্ৰী তথা ৰোগীসকলেও দলংখনৰ বাবে গুৰুত্বৰ সমস্যাৰ সন্মুখীন হৈ আহিছে । বাৰিষাৰ সময়ত ভয়ানক ৰূপ লোৱা নদীখনৰ মাজেৰেই গঞাই ইপাৰ সিপাৰ হয় ।

উন্নয়নৰ ফোপোলা স্বৰূপ

আনহাতে, বৰ্তমানৰ পৰিৱৰ্তনশীল চৰকাৰখনে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও গাঁওবাসীয়ে আশা পালি আছিল ৷ কিন্তু ইতিমধ্যে বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতো কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা সাৰ পোৱা নাই বিভাগীয় কৰ্তৃপক্ষ । 4 বছৰ উকলি যোৱা পাছতো কোনো এজন জনপ্ৰতিনিধিয়ে অঞ্চলটোৰ ভগ্ন দলংখন মেৰামতিৰ বাবে আজিলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নগ'ল ৷

Intro:SLUG-BILASIPARA. POOR BRIDGE.
Date:- 03/02/2020.

A.I:- বিলাসীপাৰা বিজেপিৰ বিধায়ক অশোক কুমাৰ সিংহীৰ সমষ্টিত উন্নয়নৰ ফোপোলা স্বৰূপ। বিলাসীপাৰা পূৱ বিধান সভা সমষ্টিৰ অন্তৰ্গত পাইকানডাৰা ১ম খণ্ডৰ এখন জৰাজীৰ্ণ দলঙে জীয়াতু ভোগাইছে অঞ্চলবাসীক ৰাইজক | বিগত প্ৰায় ২০ বছৰ ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা দলং খনে মৰন ফান্দ লৈ পৰ্যবসিত হৈছে | দ্বীপৰ নৈৰ ওপৰত পাইকানডাৰা ১ম গাঁৱত অৱস্থিত এই মৰন ফান্দ সদৃশ দলং খনেৰে স্থানীয় বহু কেইখন গাঁৱৰ ৰাইজ তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বিপদ সংকুল যাতায়ত কৰি আহিব লগীয়া হৈছে, এই দলং খনৰ পৰা পৰি ইতিমধ্যে কেবাজন লোক মৃত্যু মুখত পৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে।

Body:V:O:- এই দলংখন লৈ মন কৰক কেনেকৈ কান্ধত চাইকেল লৈ পাৰ হব লগা হৈছে ছাত্ৰ ছাত্ৰীৰ । এই দলংখন হ'ল বিলাসীপাৰা মহকুমা অন্তৰ্গত হাকামা আৰু বাঘমাৰী গাওঁ পঞ্চায়ত সংযোগী দ্বীপো নদীৰ ওপৰত একমাত্ৰ দলংখন জৰাজীৰ্ণ ৰূপে যেন উদঙাই দিছে পৰিবৰ্তনশীল চৰকাৰৰ বিকাশৰ আচল ৰূপ। ২০ বছৰৰো অধিক কাল ধৰি ভগ্ন পকী দলংখনৰ বাবে পঞ্চায়ত দুখনৰ অন্তৰ্গত প্ৰায় দহখনৰো অধিক গাঁৱৰ কেইবা হাজাৰ লোকে যাতায়তৰ যমৰ যাতনা ভুগিছে। বিশেষকৈ পঞ্চায়ত দুখনৰ অন্তৰ্গত ধূলাপাৰা, পাইকানডাৰা ১ম খণ্ড, উদমাৰী ৩য় খণ্ড, মংগলেৰডাববী, কেশাৰেডুবী, হাউদাৰটাৰী, চাটাপাৰা, কোটেৰ গাঁৱ লক্ষীগঞ্জ অঞ্চললৈ যাতায়ত কৰা পথচাৰী, স্কুল- কলেজৰ ছাত্ৰ- ছাত্ৰী তথা ৰোগী সকল গুৰুত্বৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। বাৰিষাৰ সময়ত ভনায়ক ৰুপ লোৱা নদীখনৰ মাজেৰেই গঞাই পাৰ হ'ব লগা হৈছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে বিপজ্জনক নদীখন পাৰ হৈ বিদ্যালয়লৈ যাব লগা হৈছে। তথাপিও কাণসাৰ নাই স্হানীয় বিধায়ক, সাংসদ বিভাগীয় কৰ্তৃপক্ষই তথা জনপ্ৰতিনিধিৰ। অঞ্চলটোৰ অন্তৰ্গত দ্বিপৰকুটিত অৱস্থিত বিলাসীপাৰা মহকুমা অসামৰিক চিকিৎসালয়, লক্ষীগঞ্জ ৰাজ্যিক চিকিৎসালয়,লক্ষীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়, লক্ষীগঞ্জ গাঁৱলীয়া বেঙ্ক, লক্ষীগঞ্জ উপ- আৰক্ষী চকী, লক্ষীগঞ্জ ডাকঘৰ, লক্ষীগঞ্জ জাতীয় বিদ্যালয় আদিলৈ উক্ত দলংখনেৰে নিতৌ গাঁৱবাসী অহা যোৱা কৰোঁতে বহুবাৰ তললৈ পৰি কেইবাগৰাকী লোক ঘুণীয়া হয়। ইমানৰ পাছতো সাৰ পোৱা নাই বিভাগীয় কৰ্তৃপক্ষ। তেনে ক্ষেত্ৰত পৰিৱৰ্তনশীল বৰ্তমানৰ চৰকাৰখনে বিহীত ব্যৱস্থা গ্ৰহণ কবিৰ বুলি গাঁওবাসীয়ে বহু আশা পালি আছিল যদিও চাৰি বছৰ উকলি যোৱাৰ পাছতো কোনো এজন জনপ্ৰতিনিধিয়ে অঞ্চলটোৰ ভগ্ন দলংখন মেৰামতি দূৰৰ কথা, আজি লৈকে দেখি নাপালে উন্নয়নৰ মুখ।

Conclusion:বাইট:-1+2+3+4 স্হানীয় ৰাইজ।

পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.