ETV Bharat / state

গৌৰীপুৰ গুদামঘৰৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ মচুৰ দাইল

author img

By

Published : Jul 20, 2019, 10:44 PM IST

শুকুৰবাৰে নিশাৰ ভাগত সংগোপনে আনি এক ট্ৰাক দাইল গুদাম ঘৰটোত থৈ যায় ৷ গুদাম ঘৰত থকা ধানৰ বস্তাৰ তলতে দাইল খিনি সোমাৱাই থৈ দিয়ে যদিও ধানৰ গৰাকীক এই বিষয়ে অৱগত কৰা হোৱা নাছিল বুলি অভিযোগ কৰে ধানৰ গৰাকীয়ে ৷

গৌৰীপুৰ গুদামঘৰৰ পৰা উদ্ধাৰ মচুৰ ডাইল

ধুবুৰী, 20 জুলাইঃ ধুবুৰীৰ গৌৰীপুৰ মাৰ্কেটিং কম্প্লেক্সৰ গুদাম ঘৰত বৃহৎ পৰিমাণৰ মচুৰ দাইল উদ্ধাৰ ৷ বানৰ কবলত পৰি জিলাখনৰ লাখ লাখ লোকে খাদ্যৰ অভাৱত হাহাকাৰ কৰি থকা সময়ত দাইল উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে অঞ্চলজুৰি ৷ উল্লেখ্য যে, শনিবাৰে গৌৰীপুৰস্থিত ধুবুৰী বজাৰ নিয়ন্ত্ৰিত বজাৰ সমিতিৰ গুদাম ঘৰত স্থানীয় ৰাইজে লুকাই ৰখা অৱস্থাত উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ মচুৰ দাইলখিনি ৷ তাৰ পাচতে ঘটনা সন্দৰ্ভত আৰক্ষীৰ লগতে সংবাদ মাধ্যমক খবৰ দিয়ে ৷ অভিযোগ অনুসৰি, শুকুৰবাৰে নিশাৰ ভাগত সংগোপনে আনি এক ট্ৰাক দাইল গুদাম ঘৰটোত থৈ যায় ৷ গুদাম ঘৰত থকা ধানৰ বস্তাৰ তলতে দাইল খিনি সোমাই থৈ দিয়ে যদিও ধানৰ গৰাকীক এই বিষয়ে অৱগত কৰা হোৱা নাছিল বুলি অভিযোগ কৰে ধানৰ গৰাকীয়ে ৷

গৌৰীপুৰ গুদামঘৰৰ পৰা উদ্ধাৰ মচুৰ ডাইল

আনহাতে, ধুবুৰী জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সভাপতি আব্দুছ ছবুৰৰ পুত্ৰই গুদাম ঘৰটো দাইলখিনি লুকুৱাই থয় বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ৷ বান সাহায্যৰ বাবে দিয়া দাইল সমূহ এইদৰে গোপন স্থানত জমা কৰি ৰাখি চোৰাং বজাৰত বিক্ৰী কৰিব বুলি আশংকা প্ৰকাশ কৰে ৰাইজে ।

উল্লেখযোগ্য যে, ঘটনা সন্দৰ্ভত ধুবুৰী জিলা প্ৰশাসনে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে যদিও পৰৱৰ্তী সময়ত ঘটনা কোন দিশে গতি কৰে সেয়াহে লক্ষণীয় হ’ব ৷

Intro: প্ৰলয়ংকাৰী বানৰ কবলত পৰি ধুবুৰী জিলাখনৰ লাখ লাখ লোক খাদ্যৰ অভাৱত হাহাকাৰ কৰি থকাৰ সময়তে ধুবুৰীৰ গৌৰীপুৰ মাৰ্কেটিং কম্প্লেক্সৰ গুদাম ঘৰত বৃহৎ পৰিমাণৰ মচুৰ ডালি উদ্ধাৰ হোৱা এক ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ।

Body: হয়, ধুবুৰী জিলাৰ প্ৰায় এঘাৰ লক্ষাধিক বানাক্ৰান্তই বানৰ কবলত পৰি খাদ্যৰ অভাৱত হাহাকাৰ কৰিব লগীয়া হৈছে। কিন্তু তেনে সময়তে গৌৰীপুৰস্থিত ধুবুৰী বজাৰ নিয়ন্ত্ৰিত বজাৰ সমিতিৰ গুদাম ঘৰত স্থানীয় ৰাইজে লুকাই ৰখা অৱস্থাত বৃহৎ পৰিমাণৰ মচুৰ ডালি উদ্ধাৰ কৰে। তাৰ পিছতেই আৰক্ষী আৰু সংবাদ মাধ্যমক খবৰ দিয়াৰ পিছত ঘটনাস্থলীত উপস্থিত হয় সংবাদ মাধ্যমৰ লগতে আৰক্ষী। উল্লেখযোগ্য যে, ৰাইজে অভিযোগ কৰা মতে নিশাৰ ভাগত অতি সংগোপনে এক ট্ৰাক ডালি গুদাম ঘৰটোত ৰখা হৈছে। ইপিনে গুদাম ঘৰত থকা ধানৰ বস্তাৰ তলত সোমাই থৈ দিয়া হৈছিল ডালি খিনি। যদিওঁ ধানৰ গৰাকীক এই বিষয়ে অৱগত কৰা হোৱা নাছিল বুলি অভিযোগ কৰে ধানৰ গৰাকীয়ে।
Byte:- (824) ধানৰ গৰাকী।

ইপিনে অভিযোগ কৰা মতে ধুবুৰী জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সভাপতি আব্দুছ ছবুৰৰ পুত্ৰই এই গুদাম ঘৰত থকা ধানৰ বস্তাৰ তলত লুকুৱাই ৰখা হৈছে। ৰাইজৰ অভিযোগ মতে, বান সাহায্যৰ বাবে দিয়া ডালি সমূহ এইদৰে গোপন স্থানত জমা কৰি ৰাখি চোৰাং বজাৰত বিক্ৰী কৰিব বুলিও আশংকা প্ৰকাশ কৰে ৰাইজে। লগতে ইয়াৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে ৰাইজে।
Byte:- ৰাইজ

Conclusion:উল্লেখযোগ্য যে, ঘটনা সন্দৰ্ভদ জিলা প্ৰশাসনীয় ভাবে ইতিমধ্যে অনুসন্ধান কৰি থকা হৈছে বুলি জানিব পৰা গৈছে। যদিওঁ পৰৱৰ্তী সময়ত ঘটনা কোন দিশত গতি কৰে সেয়াই লক্ষণীয় বিষয়।।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.