ETV Bharat / state

ঐতিহ্যৰে ভৰপুৰ ধুবুৰীৰ পৰ্যটনক্ষেত্ৰসমূহ

মহাবাহুৰ পাৰত অৱস্থিত ঐতিহাসিক চহৰ ধুবুৰী ৷ ৰজাদিনীয়া ইতিহাসেৰে সমৃদ্ধ চাৰিশ বছৰীয়া পুৰণি চহৰখন ৷ ঐতিহ্যমণ্ডিত ধুবুৰীলৈ আগমন ঘটে বহুসংখ্যক বিদেশী পৰ্যটকৰ ৷ কিন্তু ধুবুৰীৰ পৰ্যটন ক্ষেত্ৰসমূহলৈ চৰকাৰৰ পৰ্যটন বিভাগৰ নাই কোনো সঁহাৰি ৷ ফলত সংৰক্ষণৰ অভাৱত জহি-খহি গৈছে প্ৰায়বোৰ ইতিহাস সমৃদ্ধ কীৰ্তিচিহ্ন ৷

Over view of tourist places in dhubri assam etv bharat news
ঐতিহ্যৰে ভৰপুৰ ধুবুৰীৰ পৰ্যটনক্ষেত্ৰসমূহ
author img

By

Published : Jun 26, 2020, 10:35 PM IST

ধুবুৰী,26 জুন: অসমৰ গুৰুত্বপূৰ্ণ পৰ্যটনস্থলী সমূহৰ ভিতৰত অন্যতম হৈছে ধুবুৰীৰ পৰ্যটন ক্ষেত্ৰসমূহ ৷ জিলাখনত 1600 শতিকাত ব্ৰহ্মপুত্ৰৰ পাৰত স্থাপন কৰা হৈছিল পাঁচপীৰ দৰগাহৰ লগতে অসমৰ আটাইতকৈ পুৰণি গুৰুদ্বাৰ ৷ 1505 খ্ৰীষ্টাব্দত শিখ ধৰ্মগুৰু গৰাকী আহিছিল ধুবুৰী ভ্ৰমণৰ উদ্দেশ্যে ৷ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থান কৰা গুৰুনানকৰ সৈতে ধুবুৰীত মিলন ঘটিছিল শ্ৰীমন্ত শংকৰদেৱৰ ৷ ধুবুৰীত স্থাপন হোৱা গুৰুদ্বাৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম । ইতিহাসক সাক্ষী কৰি মহাবাহুৰ পাৰত জিলিকি আছে নেতাই ধুবুনী ঘাট । কথিত পুৰাণ অনুসৰি, সতী বেউলাই সৰ্প দংশন ফলত মৃত্যুবৰণ কৰা স্বামীক জীয়াই তোলাৰ উদ্দেশ্যে কলগছৰ ভূৰত ব্ৰহ্মপুত্ৰৰে আহি নেতাই ধুবুনীৰ কাষ চাপিছিল যিয়ে দেৱ-দেৱীৰ কাপোৰ ধুইছিল । নেতাই ধুবুনীৰ জৰিয়তে দেৱ-দেৱীৰ পৰা বেউলাই মৃত স্বামীৰ জীৱন ঘূৰাই পাবলৈ সমৰ্থ হয় । পৰৱৰ্তী সময়ত এই ঘাটৰ নামৰ পৰাই উৎপত্তি হৈছিল ধুবুৰীৰ নাম । কেৱল এয়াই নহয়, ৰজাদিনীয়া আৰু ব্ৰিটিছ যুগৰ আন বহু পৌৰাণিক সম্পদ আছে ধুবুৰীত ৷ লগতে ভাৰতৰ অন্যতম দুই স্থানত থকা ৰাণী ভিক্টোৰিয়াৰ প্ৰতিমূৰ্তি স্থাপন কৰি পার্ক নির্মাণ কৰা হৈছে চহৰখনত । স্বাধীনতাৰ প্ৰায় চাৰি দশক পিছত ব্ৰিটিছৰ দিনত অৰ্থাৎ ১৯০৫ চনত ব্ৰিটেইনৰ পৰা ভাৰতলৈ অনা হৈছিল ৰাণী ভিক্টোৰিয়াৰ দুটাকৈ সম্পূৰ্ণ প্ৰতিমূৰ্তি । ইটালিয়ান শ্বেত মাৰ্বলেৰে বিশেষভাবে নিৰ্মিত ৰাণী ভিক্টোৰিয়াৰ পূৰ্ণাংগ মূৰ্তি দুটা ফ্ৰান্সে ব্ৰিটিছক উপহাৰ হিচাপে দিয়াৰ পিছত দেশৰ পুনে আৰু ধুবুৰীত স্থাপন কৰা হয় । কিন্তু ১৯৫২ চনৰ বৰ ভূঁইকপত ৰাণী ভিক্টোৰিয়াৰ প্ৰতিমূৰ্তিৰ চকুত থকা দুটা মণি সদৃশ মাৰ্বল খহি পৰে ৷ যি মাৰ্বল নিশাৰ এন্ধাৰত জিলিকি থকা প্ৰত্যক্ষ কৰিছিল পৰ্যটকে ।

Over view of tourist places in dhubri assam etv bharat news
ৰাণী ভিক্টোৰিয়াৰ পূৰ্ণাংগ মূৰ্তি

গৌৰীপুৰৰ ৰঙামাটি পাহাৰৰ পাণবাৰীত আছে অসমৰ আটাইতকৈ প্ৰাচীন মছজিদটো । প্ৰায় 1500 খ্ৰীষ্টাব্দত পশ্চিমবংগৰ গৱৰ্ণৰ নৱাব হুছেইন শ্বাহে ইছলাম ধৰ্মাৱলম্বী মোগল সেনাসকলৰ বাবে নিৰ্মাণ কৰিছিল এই মছজিদ ৷ সময়ে সময়ে দেশী-বিদেশী পৰ্যটকে ভিৰ কৰা চহৰখনত আছে এখন মৃতপ্ৰায় আৰ্মেনিয়াম চার্জ আৰু এটা ব্ৰহ্ম মন্দিৰ । কেৱল এয়াই নহয় ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত আছে শ শ বছৰ পুৰণি গুৰুজনাৰ স্মৃতি বিজড়িত ৰাম ৰাইকুটি সত্ৰ ।

ঐতিহ্যৰে ভৰপুৰ ধুবুৰীৰ পৰ্যটনক্ষেত্ৰসমূহ

প্ৰায় চাৰিশ বছৰীয়া ঐতিহ্য বহনকাৰী ধুবুৰী চহৰখনৰ প্ৰতি ৰাজ্যৰ পৰ্যটন বিভাগৰ নাই কোনো সঁহাৰি ৷ ভাৰত-বাংলা সীমান্তৱৰ্তী জিলাখনে বাংলাদেশীৰ আগ্ৰাসনৰ বাবে প্ৰায়ে খবৰৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হয় ৷ কিন্তু প্ৰায় চাৰিশ বছৰীয়া ঐতিহ্যৰে ভৰপুৰ চহৰখনৰ বুকুত আছে বহু ঐতিহাসিক কীৰ্তিচিহ্ন ৷ তৎসত্বেও ৰাজ্যৰ পৰ্যটন বিভাগে গুৰুত্ব আৰোপ কৰা নাই চহৰখনৰ চিহ্নসমূহ সংৰক্ষণ কৰাত ৷ যি সময়ত ৰাজ্য চৰকাৰে পৰ্যটনৰ নামত কোটি কোটি টকাৰ শৰাধ পাতিছে তেনে সময়ত ধুবুৰীৰ চিহ্নসমূহৰ প্ৰতি মাহী আইৰ দৃষ্টি দিয়াটো পৰিতাপৰ বিষয় ৷ সময়ে সময়ে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ জিলাখনলৈ অহা পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই কীৰ্তিচিহ্ন সমূহ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে যদিও সময়ত সেয়া ফুটুকাৰ ফেনত পৰিণত হোৱা পৰিলক্ষিত হৈছে ৷

লগতে চাওকঃ পানী শুকুৱাৰ পিচতো ধেনুধৰাৰ পথত আবদ্ধ একাংশ লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.