ধুবুৰী, ২৭ অক্টোবৰঃ ধুবুৰী জিলাৰ ৰতিয়াদহত সংঘটিত হয় এক ভয়ানক ঘটনা । ফটকাৰ পৰা উফৰি অহা ফিৰিঙতিৰ ফলত ভস্মীভূত হ'ল ট্ৰাকখনে কঢ়িয়াই অনা সকলো তুলা ।
নিশা প্ৰায় ১২ মান বজাত ভাৰত বাংলাদেশ সীমান্তৰ কানুৰীৰ পৰা ভীমগৰ অভিমুখে গৈ থকাৰ অৱস্থাতে AS 01T 3198 নম্বৰৰ ট্ৰাকখনত সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ড । কোনো দুষ্ট চক্ৰই ট্ৰাকখনৰ ওপৰত ফটকা দলিওৱাৰ ফলতেই এই অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ। অগ্নিকাণ্ডৰ ফলত ভষ্মীভূত হয় ট্ৰাকত থকা লক্ষাধিক টকাৰ তুলা । ট্ৰাক চালকজনে চিঞৰ বাখৰ কৰাৰ ফলত স্থানীয় লোকসকলে আহি জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা কৰাৰ লগতে অগ্নি নিৰ্বাপক বহিনীক খবৰ দিয়ে । অগ্নি নিৰ্বাপক বাহিনীৰ তিনি খনকৈ গাড়ী আহি ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও কোন দুষ্ট চক্ৰই এই ঘটনাটো সংঘটিত কৰিছে বৰ্তমান লৈকে উৎঘাটন কৰিবলৈ সক্ষম হোৱা নাই ।