ETV Bharat / state

মৰ্মান্তিক: পুত্ৰৰ সন্মুখতে ডকাইতে প্ৰাণ কাঢ়িলে পিতৃ-মাতৃৰ - বিলাসীপাৰা

মঙলবাৰে নিশা বিলাসীপাৰা মহকুমাৰ লক্ষীগঞ্জ পাইকানডাৰা 2য় খণ্ড গাঁৱত সংঘটিত হত্যাকাণ্ড ৷ 9 বছৰীয়া পুত্ৰ সন্তানৰ সন্মুখতে পিতৃ-মাতৃক হত্যা কৰিলে এটি ডকাইতৰ দলে ৷ লুটি নিলে নগদ ধনসহ সোণ-ৰূপৰ আ-অলংকাৰ ৷

author img

By

Published : May 19, 2021, 1:32 PM IST

পশ্চিম বিলাসীপাৰা,19 মে’ : বিলাসীপাৰা মহকুমাৰ লক্ষীগঞ্জ পাইকানডাৰা 2য় খণ্ড গাঁৱত মঙলবাৰে নিশা সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ কণমানি পুত্ৰ সন্তানৰ সন্মুখতে ডকাইতৰ দলে হত্যা কৰিলে পিতৃ-মাতৃক ৷ লুটি নিলে নগদ ধনসহ সোণ-ৰূপৰ আ-অলংকাৰ ৷

জানিব পৰা মতে, মঙলবাৰে নিশাৰ ভাগত 4-5 জনীয়া এটি দুৰ্বৃত্তৰ দলে গাঁওখনৰ জাকিৰ হুছেইন আৰু আচমা বেগমৰ ঘৰৰ খিৰিকী ভাঙি ভিতৰত প্ৰৱেশ কৰে ৷ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ডকাইতৰ দলটোৱে 9 বছৰীয়া পুত্ৰ সন্তানটিৰ সন্মুখতে পিতৃ-মাতৃক গামোচাৰে ডিঙি চেপি হত্যা কৰে ৷ লগতে লুটি নিয়ে নগদ ধনসহ বহু পৰিমাণৰ সোণ-ৰূপৰ আ-অলংকাৰ ৷

বিলাসীপাৰাত হত্যাকাণ্ড

উল্লেখ্য যে, পেচাত জাকিৰ হুছেইন এগৰাকী বিজ্ঞান বিভাগৰ শিক্ষক আৰু আচমা বেগম চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ নাৰ্চৰ চাকৰিত নিয়োজিত আছিল ৷ ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে ৷

ইফালে ঘটনাৰ বিষয়ে জানিব পাৰি ক’ভিড বিধিকো উলংঘা কৰি ঘটনাস্থলীত ভিৰ কৰে শতাধিক স্থানীয় লোকে ৷ শীঘ্ৰেই দোষীক কৰায়ত্ব কৰি ফাঁচিৰ দিয়াৰ দাবী উত্থাপন কৰে পৰিয়ালটোৰ আত্মীয়ৰ লগতে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : কৰিমগঞ্জত প্ৰায় 50 লাখ টকাৰ ব্ৰাউন চুগাৰ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.