ETV Bharat / state

ধুবুৰীৰ ভিন্ন প্ৰান্তত আন্তৰ্জাতিক মাতৃ দিৱস পালন - DHUBRI

দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো কেইবা ঠাইত পালন কৰা হয় মাতৃ দিৱস । ধুবুৰীৰ যোগমায়া আশ্ৰম, হৰিসভা প্ৰাঙ্গনত অৰ্ধশতাধিক মাতৃক সম্বৰ্ধনা ৷

ধুবুৰীৰ ভিন্ন প্ৰান্তত আন্তৰ্জাতিক মাতৃ দিৱস পালন
author img

By

Published : May 12, 2019, 5:12 PM IST

ধুবুৰী,12 মে’: ধুবুৰীৰ সমাজকৰ্মী শুচিব্ৰত সিংহৰ একক প্ৰচেষ্টাত এশ গৰাকী দৰিদ্ৰ শ্ৰেণীৰ মাতৃক শাৰী প্ৰদান কৰে । ধুবুৰীৰ যোগময়া আশ্ৰমত যোগময়া আশ্ৰম পৰিচালনা সমিতিৰ সহযোগত ধুবুৰী চহৰৰ বিভিন্ন প্ৰান্তৰ এশ গৰাকী দৰিদ্ৰ মাতৃক শাৰী বিতৰণ কৰাৰ উপৰিও মাতৃ দিৱস উপলক্ষে তেওঁৰ নিজা খৰচৰে এহেজাৰ গৰাকী মাতৃক এই শাৰী বিতৰণ কৰি মাতৃ সেৱা কৰিব বুলি উল্লেখ কৰে সমাজকৰ্মী শুচিব্ৰত সিংহই ৷

ধুবুৰীৰ ভিন্ন প্ৰান্তত আন্তৰ্জাতিক মাতৃ দিৱস পালন

ইপিনে ধুবুৰী চেতনা মঞ্চৰ উদ্যোগত যোৱা বছৰৰ দৰে এইবেলিও দিনযোৰা কাৰ্য্যসূচীৰে পালন কৰা হয় এই মাতৃ দিৱস । প্ৰথমতে মাতৃ বন্দনা কৰি প্ৰয়াত তিনি গৰাকী মাতৃলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে । ইয়াৰ পিছতে ধুবুৰী চহৰৰ ভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত পঞ্চাশ গৰাকী মাতৃক এটা ফুলাম জাপি, মানপত্ৰ, ফুলৰ তৰা, ফুলাম গামোচা, গ্ৰন্থ আদিৰে বিশেষভাৱে সম্বৰ্ধনা দি মাতৃক সেৱা কৰে উদ্যোক্তা সকলে । অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থকা ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পূৰবী কোঁৱৰৰ লগতে চেতনা মঞ্চৰ উপদেষ্টাই মাতৃ সকললৈ এই সম্বৰ্ধনা আগবঢ়ায় ৷

ETV BHARAT
সম্বৰ্ধনা অনুষ্ঠান

উল্লেখ্য যে, চেতনা মঞ্চৰ ফালৰ পৰা হৰিসভা প্ৰাঙ্গনত সম্বৰ্ধিত পঞ্চাশ গৰাকী মাতৃৰ ভিতৰত আছে জাৰ্মানী কন্যা তথা ধুবুৰীৰ দত্তবাৰীৰ বোৱাৰী এৰিকা নন্দী নামৰ এগৰাকী মাতৃ । জাৰ্মানত এই মাতৃ দিৱস উদযাপন কৰাৰ কথা উল্লেখ কৰি তেওঁৰ মাতৃৰ কথা সোঁৱৰাই আজিৰ প্ৰজন্মক পিতৃ-মাতৃ সকলৰ যত্ন ল’বলৈ আহ্বান জনায় ৷

Intro: আজি আন্তৰ্জাতিক মাতৃ দিৱস। দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো কেইবা ঠাইত পালন কৰা হয় মাতৃ দিৱস।

Body: হয়, আজি আন্তৰ্জাতিক মাতৃ দিৱস। দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তত লগতে ধুবুৰীতো কেইবা ঠাইত পালন কৰা হল আন্তৰ্জাতিক মাতৃ দিৱস। প্ৰথমতে ধুবুৰীৰ সমাজকৰ্মী সূচীব্রত সিংহৰ একক প্ৰচেষ্টাত এশ গৰাকী দৰিদ্ৰ শ্ৰেণীৰ মাতৃক শাৰী প্ৰদান কৰে। ধুবুৰীৰ যোগময়া আশ্ৰমত যোগময়া আশ্ৰম পৰিচালনা সমিতিৰ সহযোগ লৈ ধুবুৰী চাহৰৰ বিভিন্ন প্ৰান্তৰ এশ গৰাকী দৰিদ্ৰ মাতৃক শাৰী বিতৰণ কৰাৰ উপৰি মাতৃ দিৱস উপলক্ষে তেওঁৰ নিজা খৰচৰে এহেজাৰ গৰাকী মাতৃক এই শাৰী বিতৰণ কৰি মাতৃ সেৱা কৰিব বুলি উল্লেখ কৰে সমাজকৰ্মী সূচীব্রত সিংহই।
Byte:- (801) সূচীব্রত সিংহ

ইপিনে ধুবুৰী চেতনা মঞ্চৰ উদ্যোগত যোৱা বছৰৰ দৰে এইবেলিও দিনযোৰা কাৰ্য্যসূচীৰে পালন কৰে এই মাতৃ দিৱস। কাৰ্য্যসূচী মতে, প্ৰথমতে মাতৃ বন্দনা কৰি প্ৰয়াত তিনি গৰাকী মাতৃলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ইয়াৰ পিছতে ধুবুৰী চহৰৰ ভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত পঞ্চাশ গৰাকী মাতৃক এখন জাপি, মানপত্ৰ, ফুলৰ তৰা, ফুলাম গামোচা গ্ৰন্থ আদিৰে বিশেষ ভাবে সম্বৰ্ধনা দি মাতৃক সেৱা কৰে উদ্যোক্তা সকলে। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থকা ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পূৰবী কোঁৱৰৰ লগতে চেতনা মঞ্চৰ উপদেষ্টাই মাতৃ সকললৈ এই সম্বৰ্ধনা আগবঢ়ায়।
Byte:- (803) স্বৰবেন্দু বেনাৰ্জী

ইপিনে চেতনা মঞ্চৰ ফালৰ পৰা হৰিসভা প্ৰাঙ্গনত সম্বৰ্ধিত পঞ্চাশ গৰাকী মাতৃৰ ভিতৰত আছে জাৰ্মানী কন্যা তথা ধুবুৰীৰ দত্তবাৰীৰ বোৱাৰী এৰিকা নন্দী নামৰ এগৰাকী মাতৃ। জাৰ্মানত এই মাতৃ দিৱস কৰাৰ কথা উল্লেখ কৰি তেওঁৰ মাতৃৰ কথা সোঁৱৰাই আজিৰ প্ৰজন্মক পিতৃ মাতৃ সকলক যত্ন কৰিবলৈ আহ্বান জনায়।
Byte:- (804) এৰিকা নন্দী

Conclusion: উল্লেখযোগ্য যে, আজিৰ মাতৃ দিৱসৰ জৰিয়তে সকলো পিতৃ মাতৃক সেৱা কৰিবলৈ আহ্বান জনাই মাতৃক সেৱা নকৰি মৃণ্ময় মূৰ্তিক সেৱা কৰাৰ কোনো অৰ্থ নাই বুলি উল্লেখ কৰে উদ্যোক্তা সকলে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.