ETV Bharat / state

General Election 2024: 24 ত 8 জিকাৰ আশাৰে ভাৰত ইণ্ডিয়া বিবাদক লৈ বিজেপিক সমালোচনা ৱাজেদ আলী চৌধুৰীৰ - MLA Wazed Ali Choudhury Slams Badruddin Ajmal

‘‘24 ত কংগ্ৰেছে আসমত 8 খন আসন লাভ কৰিব ৷ বিজেপিয়ে ভবাৰ দৰে আসন নাপায় ৷ উজনিত কংগ্ৰেছৰ শক্তি বৃদ্ধি হৈছে ৷ ’’ এই মন্তব্য কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ ৷

General Election 2024
24 ত 12 নহয় 8 খন আসন পাব কংগ্ৰেছে এই দাবী কংগ্ৰেছ বিধায়কৰ
author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 10:58 AM IST

24 ত 12 নহয় 8 খন আসন পাব কংগ্ৰেছে এই দাবী কংগ্ৰেছ বিধায়কৰ

ধুবুৰী, 7 ছেপ্টেম্বৰ: লোকসভা নিৰ্বাচনক লৈ তৎপৰ শাসক-বিৰোধী ৷ অসমত কোনে কিমানখন আসন পাব তাক লৈ অসমৰ ৰাজনৈতিক দলসমূহৰ মাজত চলি আছে চৰ্চা ৷ লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছে কিমানখন আসন পাব ! কোন কেইখন আসন পাব কংগ্ৰেছে ! নিৰ্বাচনৰ পূৰ্বেই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে ।

আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ 14 খন আসনৰ ভিতৰত বিজেপিয়ে 12 খন আসন লাভ কৰিব বুলি দাবী কৰাৰ বিপৰীতে কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে বিজেপিৰ দাবীক নস্যাৎ কৰিছে ৷ তেওঁ কয়, ’’আগন্তুক নিৰ্বাচনত 8 খন আসন লাভ কৰিব কংগ্ৰেছে ৷ ধুবুৰী, নগাঁও, কৰিমগঞ্জ, কাজিৰঙা, যোৰহাট, ডিব্ৰুগড়সহ আঠখন আসন লাভ কৰিব ৷ উজনি অসমত আমাৰ শক্তি বৃদ্ধি পাইছে ৷ বিজেপিয়ে ভয় খাইছে বিৰোধী মিত্ৰজোঁট INDIA লৈ ৷ এইবাৰ কেন্দ্ৰত INDIA মিত্ৰজোঁটৰ চৰকাৰ হ’ব ৷’’

আনহাতে, সাংসদ আজমলৰ সন্দৰ্ভত বিধায়ক আলীয়ে কয় যে, বিগত বিধানসভা নিৰ্বাচনত আজমলৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰি এবাৰ পৰাজিত হোৱাৰ বিপৰীতে এবাৰ জয়ী হৈছো ৷ একেদৰে আজমলৰ পুত্ৰৰ সৈতে এবাৰ পৰাজয়ৰ পিচত এবাৰ জয়ী হ’বলৈ সক্ষম হৈছো ৷ সমান সমান । কিন্তু বিগত লোকসভা নিৰ্বাচনত আজমল জয়ী হৈছে ‘২৪ ৰ নিৰ্বাচনত আজমলক পৰাস্ত কৰিম ৷ সেয়ে দলীয় হাইকমাণ্ডৰ ওচৰত প্ৰাৰ্থিত্বৰ বাবে আবেদন জনাম ।

ইফালে INDIA আৰু ভাৰতৰ সন্দৰ্ভত চলি থকা বিতৰ্কৰ মাজতেই জ্যেষ্ঠ কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ’’বিজেপি আৰু নৰেন্দ্ৰ মোদীয়ে INDIA নামৰ সংগঠনক দেখি ভয় খাইছে ৷ আবোল তাবোল বকিবলৈ আৰম্ভ কৰিছে । ইংৰাজে ৰখা ইণ্ডিয়া নাম বাদ দিলে বাকী শব্দবোৰ বাদ দিব পাৰিব নেকি ! বিজেপিয়ে যিমান ভাবিছে সিমান সহজ নহয় ।’’

লগতে পঢ়ক:Dhubri ASTC : ASTC ৰ মাটি বণিক গোষ্ঠীক গটোৱাৰ বিৰুদ্ধে ধুবুৰীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.