ETV Bharat / state

আজমলৰ ভেটি কঁপাই বংগ কন্যাৰ নিৰ্বাচনী সভা - ধুবুৰী

অসমীয়াতেই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি ভূপেনদাৰ গীতেৰে ভাষণৰ আৰম্ভণি কৰিলে মমতা বেনাৰ্জীয়ে । আগন্তক তিনি চাৰি মাহৰ ভিতৰত অসম দখল কৰাৰ হুংকাৰ প্ৰদান কৰি কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

আজমলৰ ভেটি কঁপাই বংগ কন্যাৰ নীৰ্বাচনী সভা
author img

By

Published : Apr 5, 2019, 8:34 PM IST

Updated : Apr 5, 2019, 10:37 PM IST

ধুবুৰী, 5 এপ্ৰিলঃ নৰেন্দ্ৰ মোডীৰ শাসন উফৰাই পেলোৱাৰ হুংকাৰ বংগকন্যা মমতা বেনাৰ্জীৰ ৷ অসমৰ ধুবুৰী, বৰপেটা, নগাঁও, কৰিমগঞ্জ, মংগলদৈ, তেজপুৰকে ধৰি মুঠ নটা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে ধুবুৰীৰ পৰাই হুংকাৰ প্ৰদান কৰিলে প্ৰাধনমন্ত্ৰী নৰন্দ্ৰ মোডীক । অসমীয়াতেই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি ভূপেনদাৰ গীতেৰে ভাষণৰ আৰম্ভণি কৰিলে মমতা বেনাৰ্জীয়ে । আগন্তক তিনি চাৰি মাহৰ ভিতৰত অসম দখল কৰাৰ হুংকাৰ প্ৰদান কৰি কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিলে তৃণমূল কংগ্ৰেছৰ নেতৃগৰাকীয়ে । এনআৰচিৰ প্ৰসংগত মোডীক সমালোচনা কৰি নৰেন্দ্ৰ মোডী চৰকাৰে যাক ভাল পায় তাৰ নাম এন আৰ চিত আহিছে, যাক ভাল পোৱা নাই তাৰ নাম অহা নাই বুলি মন্তব্য কৰে মমতাই । তৃণমূল কংগ্ৰেছৰ সপক্ষে ভোটাধিকাৰ সাব্যস্ত কৰি দেশ বচাবলৈও অহ্বান জনালে সকলোকে । ইমানেই নহয়, দেশ কপোঁৱা সাৰদা কেলেংকাৰীৰ প্ৰসংগত মমতা বেনাৰ্জীয়ে কয় যে, সাৰদা কোম্পানীৰ পৰা তিনিশ কোটি টকা লোৱাৰ অভিযোগ থকাৰ পাচতো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কিয় ব্যৱস্থা ল'বলৈ সাহস কৰা নাই নৰেন্দ্ৰ মোডীয়ে ।

আজমলৰ ভেটি কঁপাই বংগ কন্যাৰ নীৰ্বাচনী সভা

কেৱল ইমানেই নহয়, তৃণমূল কংগ্ৰেছক টকাৰে ক্ৰয় কৰা নাযায়, ভাবুকিৰে ক্ৰয় কৰা নাযায় বুলি মন্তব্য কৰি মমতা বেনাৰ্জীয়ে কয় যে, "তৃণমূল কংগ্ৰেছ মাটিৰ দল, মাকৰ দল, ভগৱানৰ দল, আল্লাৰ দল । আমি কাকো ভয় নকৰো । মই অসমীয়াক ভাল পাওঁ, মই অসমৰ চাহ বাগিচাক ভাল পাওঁ । মা কামাখ্যাক ভাল পাওঁ ।" বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে, বেজেপিয়ে অসমীয়া বঙালী ভাগ ভাগ কৰিবলৈ চেষ্টা কৰিছে । হিন্দু আমাৰ ভাই, খ্ৰীষ্টান আমাৰ ভাই, শিখ আমাৰ ভাই, মুছলমান আমাৰ ভাই । আমি কাকো ভাগ ভাগ নকৰো । নাগৰিকত্ব সংশোধনী বিধেয়কত থকা সকলো তথ্য অধ্যয়ন কৰিছো বুলি কৈ মমতাই কয় যে, "কেবত আছে ভয়াৱহ তথ্য । স্বদেশী নাগৰিকক ছয় বছৰৰ বাবে বিদেশী বনাব কেবে ।

ভাষণৰ শেষত অসমৰ সৈতে পশ্চিম বংগৰ সম্পৰ্ক আছে আৰু থাকিব বুলি উল্লেখ কৰি আমি এখন ধৰ্ম নিৰপেক্ষ দেশ বিচাৰিছো । সকলোৱে মিলি একেলগে থাকিব বিচাৰো । আমি এখন যুঁজ কৰি আছো আৰু এই যুঁজত জিকিবলৈ হ'লে সকলোকে তৃণমূল কংগ্ৰেছত ভোট দিবলৈ আহ্বান জনাই মমতা বেনাৰ্জীয়ে ।

SLUG- A_DHB_801_5APRIL_WB_CM_SHAHANUR
Feed send through Live

     ধুবুৰীৰ ঝগৰাৰ পাৰ ষ্টেডিয়ামত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী সভাত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বিগত দহ বছৰে দখলত থকা বদৰুদ্দিন আজমলৰ দুৰ্গ কঁপাই বংগ কন্যাৰ হুংকাৰ নৰেন্দ্ৰ মোডীক। অসমৰ ধুবুৰী, বৰপেটা, নগাঁও, কৰিমগঞ্জ, মঙ্গলদৈ, তেজপুৰকে ধৰি ন খন সমষ্টিত প্ৰাৰ্থীত্ব তৃণমূলৰ।

# অসমীয়া ভাষাত বিহুৰ শুভেচ্ছা অসমবাসীক।

# ভূপেন দাই গোৱা মানুহ মানুহৰ বাবে, যাযাবৰ, গঙ্গা আমাৰ মা পদ্মা আমাৰ মা গীতলৈ ভূপেনদাৰ প্ৰশংসা।

# তিনি চাৰি মাহৰ ভিতৰত অসম আমি জয় কৰিম।

# এন আৰ চিৰ খচৰাৰ পৰা ৪০ লাখ লোকৰ নাম কৰ্তনৰ লগে লগে হৃদয় স্পৰ্শ হয় মমতাৰ। মাত্ৰ দুই দিনৰ ভিতৰতে আমি মানুহ পঠিয়াইছিলোঁ।

# কিন্তু বংগৰ মন্ত্ৰী সাংসদক অসমত বাধা দিয়া হৈছিল। আমাৰ বাংলালৈ গলে আমি কেতিয়াও বাধা নিদিওঁ। তেন্তে আপোনালোকৰ আপত্তি কয়।

# মোকো আজি বাধা দিয়াৰ চেষ্টা কৰা হৈছিল। মই আজি অসমত আহিছোঁ ক্ষমতা থাকিলে বাধা দিয়ক।

# স্পেইৰী মোডী বাবু আপুনি কেৱল মিছা কথা কৈ ফুৰে। ওলোট পালট কৰি ফুৰে।

# এন আৰ চি কৰা হৈছে ঠিকেই অসমৰ ৰাইজে বিনামূলীয়া চিকিৎসা পোৱা নাই। কৃষকে সেৱা পোৱা নাই। চাহ মজদূৰে সহায় পোৱা নাই। বিনামূলীয়া স্কুল। একোৱেই নাই।

# নৰেন্দ্ৰ মোডী চৰকাৰে যাক ভাল পায় তাৰ নাম এন আৰ চিত আহিছে। যাক ভাল পোৱা নাই তাৰ নাম অহা নাই।

# তৃণমূল লৈ আহক, দেশ বচাওক।

# কণ কণ শিশুক ডিটেনচন কেম্পত ৰখা চৰকাৰে আকৌ মানৱতাৰ কথা কয়। 

# তৃণমূল কংগ্ৰেছক টকাৰে ক্ৰয় কৰা নাযায়, ভাবুকিৰে ক্ৰয় কৰা নাযায়। তৃণমূল কংগ্ৰেছ মাটিৰ দল, মাকৰ দল, ভগৱানৰ দল, আল্লাৰ দল। আমি কাকো ভয় নকৰোঁ।

# সাৰদা কোম্পানীৰ পৰা তিনি কোটি টকা লৈ থকা অভিযুক্ত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কিয় ব্যৱস্থা লবলৈ সাহস কৰা নাই নৰেন্দ্ৰ মোডী। নৰেন্দ্ৰ মোডীক মুকলি প্ৰত্যাহ্বান।

# মই অসমীয়াক ভাল পাওঁ, মই অসমৰ চাহ বাগিচাক ভাল পাওঁ। মা কামাখ্যা মন্দিৰ ভাল পাওঁ।

# অসমীয়া বঙালী ভাগ ভাগ কৰিবলৈ চেষ্টা কৰিছে বিজেপি। হিন্দু আমাৰ ভাই, খ্ৰীষ্টান আমাৰ ভাই, শিখ আমাৰ ভাই, মুছলমান আমাৰ ভাই। আমি কাকো ভাগ ভাগ নকৰোঁ।

# অসমত বিজেপি মানেই অইন। বিজেপি এটা এন আৰ চিৰ ললিপপ আৰু এটা কেবৰ ললিপপ দিছে। ললিপপ আপোনালোকে নাখাব।

# কেবত আছে ভয়াৱহ তথ্য। স্বদেশী নাগৰিকক ছয় বছৰৰ বাবে বিদেশী বনাব।

# কেবত থকা সকলো তথ্য মই অধ্যয়ন কৰিছোঁ।

# অসমবাসী আপোনালোকৰ শুভেচ্ছা লৈ আশীৰ্বাদ লৈ তৃণমূল সংসদত যুঁজিব।

# অসমৰ সৈতে পশ্চিম বংগৰ সম্পৰ্ক আছে আৰু থাকিব।

# অসমৰ মানুহ বাংলাত থাকিলে আপত্তি কিহৰ। বাংলাৰ মানুহ অসমত থাকিলে আপত্তি কিহৰ।

# মোডী চাহ বনোৱা পাঁহৰিছে। এতিয়া হেনো মোডী চকীদাৰ।

# আমি ধৰ্ম নিৰপেক্ষ দেশ বিচাৰিছোঁ। সকলোৱে মিলি একেলগে থাকিব বিচাৰোঁ। শান্তিৰ বাবে যুজঁ।। 

# এই যুঁজ কৰিব গলে দিল্লীৰ বিজেপিক সলনি কৰক। তৃণমূল কংগ্রেছক ভোট দিয়ক।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
Last Updated : Apr 5, 2019, 10:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.