গোলকগঞ্জ, 21 অক্টোবৰ: ৰাজ্যত পুনৰ পোহৰলৈ আহিছে লাভ জেহাদৰ ঘটনা ৷ হিন্দু সম্প্ৰদায়ৰ যুৱক বুলি নিজকে চিনাকী দি প্ৰেমৰ জাল ৰচিছিল মুছলমান সম্প্ৰদায়ৰ এজন বিবাহিত লোকে ৷ গোলকগঞ্জৰ আৰক্ষীৰ জালত পৰা লোকজনৰ নাম হৈছে খাইৰুল হক ৷ আৰক্ষীৰ গাড়ী চালক হিচাপে কৰ্মৰত আছিল খাইৰুল হক ৷
উল্লেখ্য যে, নিজকে হিন্দু পৰিচয় দি খাইৰুল হকে এবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল যুৱতীগৰাকীৰ সৈতে ৷ এবছৰীয়া প্ৰেমৰ অন্তত শনিবাৰে নিশা কিশোৰীগৰাকীক ভয়-ভীতিৰে পলোৱাই নিয়াৰ সময়তে আৰক্ষীৰ জালত পৰে খাইৰুল ৷ গোলকগঞ্জৰ পৰা ছাগলীয়া অভিমুখে লৈ গৈ থাকোতে গোলকগঞ্জ আৰক্ষীয়ে নিশা পেট্ৰলিং দি থকা সময়তে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ জেৰাতেই ওলায় এই সমগ্ৰ ভয়ংকৰ তথ্য ৷