ETV Bharat / state

Tragic incident in Dhubri:বিলাসীপাৰাত জল জীৱনৰ পানীৰ টেংকীত তিনি শ্ৰমিকৰ মৃত্যু - জল জীৱনৰ পানীৰ টেংকীত তিনি শ্ৰমিকৰ মৃত্যু

বিলাসীপাৰাত ঠিকাদাৰ-অভিযন্তাৰ চূড়ান্ত গাফিলতিৰ ভয়ংকৰ পৰিণতি । জল জীৱন মিছন আঁচনিৰ পানীৰ টেংকী ছাফা কৰিৱ গৈ অক্সিজেন শূন্য হৈ তিনি শ্ৰমিকৰ মৃত্যু ।

Pathetic incident in Bilasipara
নয়াহাটত মৰ্মান্তিক ঘটনা
author img

By

Published : Jul 25, 2023, 5:54 PM IST

নয়াহাটত মৰ্মান্তিক ঘটনা

বিলাসীপাৰা, ২৫ জুলাই: ধুবুৰী জিলাৰ বিলাসীপাৰাৰ নয়াহাটত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা । নয়াহাটৰ ফকিৰানীঝাৰ খোৱাপানী যোগান আঁচনিৰ কাম কৰিবলৈ যোৱা তিনি শ্ৰমিকৰ মত্য়ু । অক্সিজেন শূন্য হৈ থকা জল জীৱন মিছন আঁচনিৰ পানীৰ টেংকীত কামৰ বাবে সোমোৱাৰ পিচতেই মৃত্য়ু কোলাত ঢলি পৰে শ্ৰমিক কেইজনে ।

অভিযোগ অনুসৰি চৰকাৰৰ যাবতীয় নীতি-নিয়মক সম্পূৰ্ণ ৰূপে জলাঞ্জলি দি অতি নিম্নমানৰ কাম কৰি আছিল ঠিকাদাৰ আনিমুল হক আৰু বিলাসীপাৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা অংশুমান শৰ্মাই । আজি এইগৰাকী দুৰ্নীতিবাজ ঠিকাদাৰ আনিমুল হক আৰু অভিযন্তা অংশুমান শৰ্মাই তিনি শ্ৰমিকক ইচ্ছাকৃত ভাৱে নমাই দিছিল বিষাক্ত গেছ আৰু অক্সিজেন শূন্য হৈ থকা পানীৰ টেংকীত। উক্ত পানীৰ টেংকী চাফা কৰি থকা অবস্থাত অক্সিজেনৰ অভাৱত মৃত্যু মুখত পৰে তিনিওজন শ্ৰমিক ।

এই মৃত্যু হোৱা শ্ৰমিক কেইজন হৈছে ক্ৰমে ফকিৰানীঝাৰ দ্বিতীয় খণ্ড গাঁৱৰ ছহিদুৰ ইছলাম (২০), ছুৱাপাতা দ্বিতীয় খণ্ড গাঁৱৰ ছায়েদ আলী (২৪) আৰু ফকিৰানীঝাৰ দ্বিতীয় খণ্ড গাঁৱৰ হজৰত আলী (২০)। শ্ৰমিক আইন অমান্য কৰাৰ অপৰাধত আৰু তিনি যুৱ শ্ৰমিকৰ মৃত্যু হোৱাৰ পিছত ঠিকাদাৰ আনিমুল হক আৰু অভিযন্তা অংশুমান শৰ্মাক গ্ৰেপ্তাৰৰ দাবী জনাইছে বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে ।

এই ঘটনাটো সংঘটিত হোৱাৰ পিচতেই স্থানীয় ৰাইজে বিলাসীপাৰা থানাৰ আৰক্ষীক খবৰ দিয়ে । পিছত ঘটনাস্থলীত উপস্থিত হয় বিলাসীপাৰা আৰক্ষী, দণ্ডাধীশ, ধুবুৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু বিলাসীপাৰাৰ মহকুমাধিপতি । প্ৰশাসনৰ লোকে তিনি শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক:Congress criticised PM Modi: অসমক আদানি আম্বানিৰ ব্যৱসায়ৰ ক্ষেত্র কৰিছে প্ৰধানমন্ত্ৰীয়ে; জয়প্ৰকাশ দাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.