বিলাসীপাৰা,3 জুন: সোমবাৰে বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ অৱস্থান ধৰ্মঘট | বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি কৰা বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ কৰ্মকৰ্তাসকলে ৷ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত ধুবুৰী জিলা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ উদ্যোগত পালন কৰা হয় এই ধৰ্মঘট |
বিদেশী সজাই ডিটেনচন কেম্পত ৰখা প্ৰাক্তন সেনা বিষয়া সোণা উল্লাহক বিনাৰ্চতে মুক্তিৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷