ETV Bharat / state

কাৰ গাফিলতিৰ বাবে পলাল আচামী ! - etv bharat assam

বিলাসীপাৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত অঘটন । আৰক্ষীৰ জিম্মাৰ পৰাই পলাল আচামী

কাৰ গাফিলতিৰ বাবে পলাল আচামী !
author img

By

Published : Jun 28, 2019, 11:11 PM IST

বিলাসীপাৰা, 28 জুনঃ বিলাসীপাৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা শুকুৰবাৰে বিয়লি আদালতৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাই গ'ল আচামী ৷ পলায়ন কৰা আচামীজন ফিৰদুছ আলী ৷ বিগত 11 জুনত বিলাসীপাৰাৰ ভাষানীগাঁৱৰ এগৰাকী নাবালিকা ছাত্ৰীক অপহৰণ কৰাৰ অভিযোগত আটক কৰা হৈছিল ফিৰদুছ আলীক ৷ অপহৰণ হোৱা নাৱালিকা ছাত্ৰী গৰাকীৰ পৰিয়ালে লক্ষীগঞ্জ আৰক্ষী চকীত ঘটনাৰ সন্দৰ্ভত দাখিল কৰা অভিযোগৰ ভিত্তিত 569/19 নম্বৰ আৰু 366 ক/ 342 ধাৰাত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখে ৷

কাৰ গাফিলতিৰ বাবে পলাল আচামী !

আৰক্ষীয়ে অভিযান চলাই বিগত 5 জুনৰ দিনা অপহৃতা ছাত্ৰী গৰাকীক উদ্ধাৰ কৰাৰ লগতে লক্ষীগঞ্জত আটক কৰিছিল অপহৰণকাৰী ফিৰদুছ আলীক । ন্যায়িক জিম্মাৰ 14 দিন উকলি যোৱাৰ পিচত আজি মহকুমা আদালতত হাজিৰ কৰোৱা হৈছিল আচামীজনক ৷ আনহাতে,মহকুমা আদালতৰ UTP ৰ আৰক্ষী বিষয়া সমেশ্বৰ শইকীয়া,কনিষ্টবল ছিৰাজুল হক, হায়দৰ আলী আৰু বাণীকান্ত বৰ্মনৰ গাফিলতিৰ বাবে আচামীজন পলায়ন কৰিবলৈ সক্ষম হোৱা বুলি অভিযোগ উত্থাপন হৈছে ৷

Intro:A. I - বিলাসীপাৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত অঘটন | শুকুৰবাৰে বিয়লিৰ ভাগত আদালতৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাই গল আচামী | পলাই যোৱা আচামী জনৰ নাম ফিৰদুছ আলী | ফিৰদুছ আলীয়ে যোৱা ১১ জুনত বিলাসীপাৰাৰ ভাষানীগাঁৱৰ নাবালিকা ছাত্ৰী এগৰাকীক অপহৰণ কৰিছিল | অপহৰণ হোৱা নাৱালিকা ছাত্ৰী গৰাকীৰ পৰিয়ালে লক্ষীগঞ্জ আৰক্ষী চকীত ঘটনাৰ সন্দৰ্ভত দাখিল কৰে এখন এজাহাৰ | এজাহাৰৰ ভিত্তিত অাৰক্ষীয়ে ৫৬৯/১৯ নম্বৰত আৰু ৩৬৬ এ / ৩৪২ ধাৰাত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখে |Body:সেই মতে আৰক্ষীয়ে অভিযান চলাই যোৱা ১৫ জুনৰ দিনা অপহৃতা ছাত্ৰী গৰাকীক উদ্ধাৰ কৰাৰ লগতে লক্ষীগঞ্জত আটক কৰিছিল অপহৰণকাৰী ফিৰদুছ আলীক | সেই দিনাই অপহৰণকাৰী ফিৰদুছক বিলাসীপাৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে | দণ্ডাধীশে অাচামীজনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মাত প্ৰেৰণ কৰিছিল | ১৪ দিন উকলি যোৱাত আজি পুনৰ মহকুমা আদালতত হাজিৰ কৰে আচামীজনক | দণ্ডাধীশে আচামীজনক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মাত দিয়ে | কিন্তু আদালতত হাজিৰ কৰোৱাৰ পিছতে লক আপত নিওঁতে আৰক্ষীৰ হাতৰ পৰাই পলাই যায় আচামী জনে |Conclusion:মহকুমা আদালতৰ UTP ৰ আৰক্ষী বিষয়া সমেশ্বৰ শইকীয়া, কনিষ্টবল ছিৰাজুল হক, নায়ক হায়দৰ আলী আৰু বাণী কান্ত বৰ্মনৰ চৰম গাফিলতিৰ বাবে আচামী জনৰ পলায়ন কৰাৰ অভিযোগ উঠিছে | চাৰিজন আৰক্ষীৰ হাতৰ পৰা আচামী জন কেনেকৈ পলায়ন কৰিলে তাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ | কিন্তু এই ক্ষেত্ৰত আৰক্ষীৰ লোক সকলে ইজনে আনজনৰ গাত জাঁপি দিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গল | এই ক্ষেত্ৰত এক উচ্চ পৰ্য্যায়ৰ তদন্ত হলে ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হব |
Bite
1. ছিৰাজুল হক, কনিষ্টবল,
2. সমেশ্বৰ শইকিয়া, আৰক্ষী উপ পৰিদৰ্শক ( দুয়োজনে কয়েদীজনৰ দায়িত্বত থকা আৰক্ষী)
3. PSI মহকুমা আদালত |

পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত আছাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.