ETV Bharat / state

জলসিঞ্চন বিভাগে ঢুকি নোপোৱা এখন গাঁও - ASSAM AGRICULTURAL DEPT

ধানখেতিৰ ওপৰত নিৰ্ভৰশীল গাঁওখনৰ ৰাইজে জলসিঞ্চন বিভাগলৈ বাট নাচাই গ্ৰহণ কৰিছে এক অভিনৱ পদ্ধতি ৷ খেতিৰ সময়ত বৰষুণৰ পানীলৈ নিৰ্ভৰ নকৰা গাঁওখনে এক বিশেষ পদ্ধতিৰে পানীযোগান ধৰি আহিছে খেতিপথাৰলৈ ৷ গাওঁ খনৰ প্ৰায় ছয় শ বিঘা মাটিৰ ধান খেতি কৰিছে ৰাইজে ৷

জলসিঞ্চন বিভাগে ঢুকি নোপোৱা এখন গাঁও
author img

By

Published : Jul 5, 2019, 12:27 PM IST

ধুবুৰী, 5 জুলাইঃ ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী অতি ভিতৰুৱা এখন পাহাৰীয়া গাঁও। পৰ্বতঝৰা মহকুমা এলেকাৰ হাতীবন্ধা নামৰ এই গাঁওখনৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত শ শ কৃষকে দেখুৱাইছে আশাৰ সঞ্চাৰ। পাহাৰৰ দ ঠাইৰ মাটি কাটি ধান খেতি কৰাৰ উপযোগী কৰি লৈছে ইয়াৰ কৃষক সকলে। সেয়াও প্ৰায় পাঁচটা দশক পূৰ্বৰ কথা। পঞ্চাশ ষাঠি বছৰ পূৰ্বে ইয়াৰ কৃষক সকলে জলসিঞ্চন বিভাগৰ আশা এৰি নিজে বিকল্প ব্যৱস্থাৰে খেতি পথাৰত পানী যোগান দিয়াৰ ব্যৱস্থা কৰিছিল।

জলসিঞ্চন বিভাগে ঢুকি নোপোৱা এখন গাঁও

দৰাচলতে পঞ্চাশ ষাঠি বছৰ পুৰণি এটা পুখুৰীৰ চাৰিওফালে মথাউৰি বান্ধি বৰষুণৰ পানী সংৰক্ষণ কৰি খৰালি কালত এই পানী ব্যৱহাৰ কৰে খেতি পথাৰত। আনহাতে প্রচণ্ড নেৰানেপেৰা বৰষুণ হ'লে পুখুৰীৰ কাষেৰে যাতে পাহাৰৰ পৰা বৈ অহা পানী নলাৰে পোনে পোনে পথাৰলৈ যাব পাৰে সেই ব্যৱস্থাও কৰি লৈছে ইয়াৰ কৃষক সকলে। পুখুৰীত জমা হৈ থকা এই পানী খেতি পথাৰত ব্যৱহাৰ কৰাৰ উপৰিও গা ধোৱা কামতো ব্যৱহাৰ কৰে অঞ্চলটোৰ ৰাইজে । উল্লেখযোগ্য যে,গাঁওখনৰ শতাধিক কৃষকে প্ৰায় ছয় শ বিঘা ধান খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে । কিন্তু জলসিঞ্চন বিভাগৰ কোনো আঁচনিয়েই ঢুকি নাপালে আজিপৰ্যন্ত ৷ কেৱল নামতহে আছে বিভাগটো ৷ যাৰ বাবে জলসিঞ্চন বিভাগৰ আশা এৰি বিকল্প ব্যৱস্থাৰে বৰষুণৰ পানী সংৰক্ষণ কৰি নিজেই শ শ বিঘা খেতি পথাৰত যোগান ধৰি আহিছে পানী ৷

Intro: ৰাজ্যজুৰি মৃত্যু ঘণ্টা বাজি থকা ৰাজ্যৰ জলসিঞ্চন বিভাগে ঢুকি নোপোৱা এখন গাঁও। এখন পাহাৰীয়া গাঁও। যিখন গাওঁৰ ৰাইজে কেৱল ধান খেতিৰ ওপৰত নিৰ্ভৰশীল। গাওঁ খনৰ প্ৰায় ছয় শ বিঘা ধান খেতিত অভিনৱ পদ্ধতিৰে ৰাইজে খেতি পথাৰত যোগান ধৰে পানী।

Body: ধুবুৰীৰ গৌৰীপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত হৈ থকা কোকৰাঝাৰ জিলাৰ অতি ভিতৰুৱা এখন পাহাৰীয়া গাঁও। পৰ্বতঝৰা মহকুমা এলেকাৰ হাতীবন্ধা গাঁও এইখন। চাৰিওফালে সেউজীয়া পাহাৰ খনৰ মাজত শ শ কৃষকৰ আছে আশাৰ সঞ্চাৰ। পাহাৰৰ দ ঠাইৰ মাটি কাটি ধান খেতি কৰাৰ উপযোগী কৰি লৈছে ইয়াৰ কৃষক সকলে। সেয়াও প্ৰায় পাঁচটা দশক পূৰ্বৰ কথা। পঞ্চাশ ষাঠি বছৰ পূৰ্বে ইয়াৰ কৃষক সকলে জলসিঞ্চন বিভাগৰ আশা এৰি নিজে বিকল্প ব্যৱস্থাৰে খেতি পথাৰত পানী যোগান দিয়াৰ ব্যৱস্থা কৰিছিল।
দৰাচলতে এইখন পুখুৰী পঞ্চাশ ষাঠি বছৰ পূৰ্বে ইয়াৰ কৃষক সকলে খান্দি লৈ পুখুৰীৰ চাৰিওফালে মাথাউৰী বান্ধি বৰষুণৰ পানী সংৰক্ষণ কৰি ৰাখি খৰালি কালত এই পানী ব্যৱহাৰ কৰে খেতি পথাৰত। আনহাতে প্রচণ্ড নেৰানেপেৰা বৰষুণ হলে পুখুৰীৰ কাষেৰে যাতে পাহাৰৰ পৰা বৈ অহা পানী নলাৰে পোনে পোনে পথাৰত যাব পাৰে সেই ব্যৱস্থাও কৰি লৈছে ইয়াৰ কৃষক সকলে। পুখুৰীত জমা হৈ থকা এই পানী খেতি পথাৰত ব্যৱহাৰ কৰাৰ উপৰি গা ধোৱা কামতো ব্যৱহাৰ কৰে ইয়াৰ ৰাইজে। উল্লেখযোগ্য যে, ইয়াৰ কৃষকে জনোৱা মতে গাঁওখনৰ শতাধিক কৃষকে প্ৰায় ছয় শ বিঘা ধান খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে পূৰ্বৰে পৰা।
কিন্তু ৰাজ্যৰ বিয়াগোম জলসিঞ্চন বিভাগ কেৱল নামতহে আছে। বিভাগটোৰ হাতত নাই এনে গাঁও সমূহৰ নাম তালিকা। যাৰ বাবে জলসিঞ্চন বিভাগৰ আশা এৰি বিকল্প ব্যৱস্থাৰে বৰষুণৰ পানী সংৰক্ষণ কৰি নিজেই শ শ বিঘা খেতি পথাৰত যোগান ধৰি আহিছে পানী।

Conclusion: উল্লেখযোগ্য যে, ইয়াৰ কৃষক সকলে পূৰ্বে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিও সুফল পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.