ধুবুৰী, 16 জুনঃ ধুবুৰীৰ আগমনীত জব্দ গাঞ্জাৰ ট্ৰাক ৷ জব্দ কৰা ট্ৰাকখনৰ পৰা উদ্ধাৰ প্ৰায় তিনি কুইন্টল গাঞ্জা ৷ জব্দ গাঞ্জাৰ বজাৰ মূল্য প্ৰায় দহ লাখ টকা বুলি মন্তব্য আৰক্ষীৰ ৷ দেওবাৰে, AS-17-B-9934 নম্বৰৰ ট্ৰাকখন ত্ৰিপুৰা পৰা 31 নং ৰাষ্ট্ৰীয় ঘাই পথেৰে পঞ্জাৱলৈ গৈ আছিল ৷ পঞ্জাৱলৈ যোৱা পথতে অসম বংগ সীমান্ত পাৰ হোৱাৰ পূৰ্বে আগমনী আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ ভিত্তিত জব্দ কৰে গাঞ্জা ভৰ্তি ট্ৰাকখন ৷ আগমনী ৰাজহ চক্ৰ বিষয়া আৰু উপ আৰক্ষী অধীক্ষকৰ উপস্থিতিত আগমনীৰ খুলাত উদ্ধাৰ হয় তিনি কুইন্টল 10 কি'লগ্ৰাম গাঞ্জা ৷ লগতে আটক কৰে দুই গাঞ্জা ব্যৱসায়ী পৰমিন্দৰ সিং আৰু ববি সিং ৷ আটকাধীন দুয়োজন ব্যৱসায়ীৰ ঘৰ পঞ্জাৱত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷
উল্লেখ্য যে, অসম বংগ সীমান্তক ক্ৰাইম জ’ন হিচাপে লৈছে ধুবুৰী আৰক্ষীয়ে ৷ যাৰ বাবে এখনৰ পাচত আনখন গাঞ্জাৰ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে ধুবুৰীত ৷