ETV Bharat / state

দুটা ফৈদৰ ভূমি বিবাদত আহত 15 জন ব্যক্তি - land clash

ভূমিক কেন্দ্ৰ কৰি ধুবুৰীৰ হাটশিঙিমাৰীত দুই ফৈদৰ মাজত সংঘৰ্ষ সৃষ্টি ৷ এই সংঘৰ্ষৰ ফলত আহত হৈছে ১৫ জন ব্যক্তি ৷ আহতসকলৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক ৷

Fifteen people injured due to land clash dhubri assam etv bharat news
ভূমি বিবাদ
author img

By

Published : Jun 14, 2020, 9:40 PM IST

ধুবুৰী,14 জুন: দক্ষিণ শালমাৰাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত হাটশিঙিমাৰীৰ ফেকামাৰীত সংঘটিত হৈছে ভূমি বিবাদ ৷ দেওবাৰে দুই ফৈদৰ মাজত সৃষ্টি হয় তুমুল সংঘৰ্ষৰ ৷ প্ৰাপ্ত খবৰ অনুযায়ী,ৰঘুপাৰা গাঁৱৰ বাসিন্দা কছুলউদ্দিন নামৰ ব্যক্তিজনে ফেকামাৰীৰ বাসিন্দা ছৈইদুৰ ৰহমানৰ ভেটি মাটি দখল কৰিবলৈ অহাত বাধা প্ৰদান কৰে ৰাইজে ৷ ৰাইজৰ বাধা নামানি ব্যক্তিজনে সেয়া পিতৃৰ মাটি বুলি দাবী কৰি বলপূৰ্বকভাৱে ছৈইদুৰৰ মাটি দখল কৰিবলৈ উদ্যত হয় ৷ ফলত দুই ফৈদৰ মাজত সংঘৰ্ষ সৃষ্টি হৈ আহত হয় প্ৰায় ১৫জন লোক ৷

ভূমি বিবাদক কেন্দ্ৰ কৰি আহত

তাৰ ভিতৰত ৰমজান আলী আৰু ছৈইদুৰ ৰহমান নামৰ লোক দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে । ঘটনাৰ সম্পৰ্কত ফেকামাৰী গাওঁ পঞ্চায়তৰ সভাপতি ৰিয়াজুল হকে খাৰুৱাবান্ধা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক উন্নত চিকিৎসাৰ বাবে গজাৰিকান্দী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷

লগতে চাওকঃ বাঘজান কাণ্ড সন্দৰ্ভত দল সংগঠনৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.