ETV Bharat / state

গৌৰীপুৰত খহনীয়া প্ৰতিৰোধৰ নামত ব্যাপক দুৰ্নীতি - ধুবুৰী

প্ৰায় দহ লাখ টকীয়া আঁচনিৰ কামত দুৰ্নীতিৰ অভিযোগ তুলি ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিল গৌৰীপুৰৰ সাধাৰণ ৰাইজ ৷

গৌৰীপুৰত খহনীয়া প্ৰতিৰোধৰ নামত দুৰ্নীতি !
author img

By

Published : May 17, 2019, 11:42 AM IST

ধুবুৰী, 17 মে': গৌৰীপুৰ দেৱীতলা উন্নয়ন খণ্ডৰ অন্তৰ্গত শ্যাম চৰণেৰ কুটিৰ পৰা সাজুৱাৰ কুটি গাঁৱলৈকে গদাধৰ নৈৰ গঢ়া খহনীয়াই যোৱা বৰ্ষত প্ৰায় বিচ্ছিন্ন কৰিছিল দুয়োখন গাঁৱৰ যাতায়ত ব্যৱস্থা ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষই এম জি এনৰেগা আঁচনিৰ জৰিয়তে ২০১৮-১৯ বৰ্ষত মোকোলাই দিয়ে ৯ লাখ ৫৩ হাজাৰ ৭১৯ টকা ৷ এই কামৰ ঠিকা লাভ কৰে উত্তম সাহা নামৰ ঠিকাদাৰ এজনে ৷ তেঁও স্থানীয় উপ ঠিকাদাৰ এজনৰ জৰিয়তে এই বাঁহৰ পাৰকুপাইনৰ কাম সম্পূৰ্ণ কৰে । কিন্তু দহ লাখ টকীয়া এই আঁচনি ৰূপায়ণৰ নামত ঠিকাদাৰ গৰাকীয়ে বিভাগীয় বিষয়া তথা অভিযন্তাক মেনেজ কৰি নামমাত্ৰ বাঁহ পুতিয়েই দায়িত্ব সামৰিছে বুলি ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ আন একাংশৰ মতে প্ৰায় এক লাখ টকাৰ কাম কৰি বাকী থকা ধন সমূলে আত্মসাৎ কৰিছে বিষয়া অভিযন্তা আৰু ঠিকাদাৰে ৷ যাৰ ফলত এতিয়া প্ৰতিবাদমুখী হৈ উঠিছে গৌৰীপুৰবাসী ৷ লগতে এই ক্ষেত্ৰত উচিত তদন্তৰ দাবী জনাই আঁচনি মতেই কাম কৰাৰ দাবী জনাইছে প্ৰতিবাদী ৰাইজে।

Intro: গৌৰীপুৰত গদাধৰ নৈৰ গখহনীয়া প্ৰতিৰোধৰ নামত দুৰ্নীতি। প্ৰায় দহ লাখ টকীয়া বাঁহৰ পাৰকুপাইনৰ কামত দুৰ্নীতিৰ অভিযোগ তুলি ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিল সাধাৰণ ৰাইজ।

Body: গৌৰীপুৰ দেৱীতলা উন্নয়ন খণ্ডৰ অন্তৰ্গত শ্যাম চৰণেৰ কুটিৰ পৰা সাজুৱাৰ কুটি গাঁও লৈ গদাধৰ নৈৰ গঢ়া খহিনীয়াই যোৱা বৰ্ষত প্ৰায় বিচ্ছিন্ন কৰিছিল দুয়োখন গাঁওৰ যাতায়ত ব্যৱস্থা। ইয়াৰ প্ৰতি লক্ষ্য কৰি বিভাগীয় কৰ্তৃপক্ষই এম জি এনৰেগা আঁচনিৰ জৰিয়তে ২০১৮-১৯ বৰ্ষত মোকোলাই দিয়ে ৯ লাখ ৫৩ হাজাৰ ৭১৯ টকা। যদিওঁ কামৰ ঠিকা লাভ কৰা উত্তম সাহাই স্থানীয় উপ ঠিকাদাৰ এজনৰ জৰিয়তে এই বাঁহৰ পাৰকুপাইনৰ কাম সম্পূৰ্ণ কৰে। কিন্তু পৰা দহ লাখ টকীয়া আঁচনি ৰূপায়ণৰ নামত ঠিকাদাৰ গৰাকীয়ে বিভাগীয় বিষয়া অভিযন্তাক মেনেজ কৰি নামমাত্ৰ বাঁহ পুতিয়েই দায়িত্ব সামৰিছে বুলি ৰাইজে অভিযোগ কৰিছে। একাংশ ৰাইজৰ অভিযোগ যে, মাত্ৰ দুশ মান বাঁহ পুতিয়েই দায়িত্ব সামৰিছে। আন একাংশৰ মতে বৰ বেছি লাখ টকা খৰচ কৰিয়েই বাকী থকা সমূলে আত্মসাৎ কৰিছে বিষয়া অভিযন্তা আৰু ঠিকাদাৰে। যাৰ ফলত ৰাইজে এইদৰে প্ৰতিবাদমুখৰ হৈ পৰা পৰিলক্ষিত হয়।

Conclusion: এই ক্ষেত্ৰত উচিত তদন্তৰ দাবী জনাই আঁচনি মতেই কাম কৰাৰ দাবী জনাইছে প্ৰতিবাদী ৰাইজে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.