ETV Bharat / state

ধুবুৰীত কংগ্ৰেছৰ সুৰা বিৰোধী প্ৰতিবাদ

প্ৰতিবাদী সমদল, পুত্তলিকা দাহেৰে প্ৰতিবাদ

সুৰা সন্ত্ৰাসকলৈ উত্তাল ধুবুৰী
author img

By

Published : Mar 1, 2019, 7:50 PM IST

ধুবুৰী,১ মাৰ্চঃ যোৰহাট-গোলাঘাটত বিষাক্ত সুৰাই সৃষ্টি কৰা বিভীষিকাৰ পাচতে শুকুৰবাৰে ৰাজ্যৰ আন প্ৰান্তৰ লগতে ধুবুৰীতো কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ।

সুৰা সন্ত্ৰাসকলৈ উত্তাল ধুবুৰী
ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ কৰি কংগ্ৰেছ কৰ্মীসকলে দাহ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিকৃতি।

Intro: ধুবুৰীত জ্বলিল মুখ্যমন্ত্ৰী, বিত্ত মন্ত্ৰী আৰু অৱকাৰী মন্ত্ৰীৰ পুত্তোলিকা। সুৰা ট্ৰেজেডিৰ পিছত সৰৱ হৈ আজি ধুবুৰী জিলা কংগ্ৰেছে অসমৰ মুখ্যমন্ত্ৰী, বিত্ত মন্ত্ৰী আৰু অৱকাৰী মন্ত্ৰীৰ পুত্তোলিকা দাহ কৰি সাব্যস্ত কৰে তীব্র প্ৰতিবাদ।

Body: ৰাজ্যত সুৰা ট্ৰেজেডিৰ ফলত অসমৰ গোলাঘাট, যোৰহাট জিলাৰ ডেৰ শতাধিক লোকৰ অকাল মৃত্যু হোৱাৰ পিছতেই জাঙুৰ খাই উঠিছে কংগ্ৰেছ। আজি প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশনা অনুসৰি ধুবুৰী জিলা কংগ্ৰেছে ধুবুৰী ৰাজীৱ ভৱনৰ সন্মুখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অৱকাৰী মন্ত্ৰী পৰিমল শুক্লবদ্ধৰ পুত্তোলিকা দাহ কৰি তীব্র প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপি চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী মূর্দাবাদ, বিত্ত মন্ত্ৰী মূর্দাবাদ আৰু অৱকাৰী মন্ত্ৰী মূর্দাবাদ ধ্বনিৰে পৰিস্থিতি উত্তাল কৰি তোলে কংগ্ৰেছৰ নেতা কৰ্মী সকলে।

Conclusion: এই প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে অসমত চুলাই মদ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবী উত্থাপন কৰে ধুবুৰী জিলা কংগ্ৰেছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.