ধুবুৰী, 10 মাৰ্চঃ হোলী উপলক্ষে ড্ৰাই ডে ঘোষণা কৰা হৈছে ধুবুৰী জিলাত ৷ এই সময়ছোৱাত অৰ্থাৎ মঙলবাৰৰ দিনটোত অনুজ্ঞাপত্ৰ থকা সুৰাৰ দোকান,বাৰ আদি খোলা ৰাখিব নোৱাৰিব প্ৰতিষ্ঠান সমূহে ৷ কিন্তু এফালে যদি প্ৰশাসনে ড্ৰাই ডে ঘোষণা কৰিছে আনফালে আকৌ জিলা প্ৰশাসনৰ অজ্ঞাতে একাংশ দুষ্ট চক্ৰই গোপনে চলাই আছে চুলাই মদ,বিলাতী সুৰাৰ ৰমৰমীয়া বেহা ৷ সোমবাৰে নিশা ধুবুৰীৰ বিভিন্ন অঞ্চলত চলিল সুৰা বিৰোধী অভিযান ৷ আৰক্ষীয়ে চলোৱা এই অভিযানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰিলে বৃহৎ পৰিমাণৰ সুৰা।
উল্লেখ্য যে,বিভিন্ন দোকানত চলা এই অভিযানত বৃহৎ পৰিমাণৰ বিলাতী সুৰা আৰু চুলাই জব্দ কৰাৰ বিপৰীতে উৎখাত কৰে কেইবাটাও চুলাই মদৰ ঘাটি। অৱশ্যে আৰক্ষীৰ এই অভিযানত কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল দলটো । উল্লেখযোগ্য যে, ড্ৰাই ডে চলি থকাৰ সময়তে একাংশ ব্যৱসায়ীয়ে গোপনে চলাই আহিছে অবৈধ সুৰাৰ বেপাৰ।
লগতে চাওকঃ