ETV Bharat / state

হিমন্ত বিশ্বৰ সাম্প্ৰদায়িক ৰাজনীতিয়ে বিপিএফৰ বিজয়ৰ পথ মসৃণ কৰিবঃ দনেশ্বৰ গয়াৰী

author img

By

Published : Dec 8, 2020, 6:47 PM IST

মঙলবাৰে কোকৰাঝাৰ জিলাৰ বাওখুংগুৰী সমষ্টিৰ অন্তৰ্গত বাংঙ্গালডোবাত অনুষ্ঠিত কৰা হয় বিপিএফৰ অন্তিমখন প্ৰচাৰ সভা ৷ প্ৰায় তিনি শতাধিক দলীয় কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰা এই সভাখনত উপস্থিত থাকে সমষ্টিটোৰ বিপিএফৰ প্ৰাৰ্থী দনেশ্বৰ গয়াৰী ৷

As_BLP_EAST_daneshwar-gayari-comment-on-himanta-biswa-sarma_vis_ASC10022
হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিয়ে বিপিএফৰ বিজয়ৰ পথ মসৃণ কৰিবঃদনেশ্বৰ গয়াৰী

পূৱ বিলাসীপাৰা,8 ডিচেম্বৰঃ সোমবাৰে বিটিচিৰ অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ বাক্সা আৰু ওদালগুৰিত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছতে আগন্তুক 10 ডিচেম্বৰত কোকৰাঝাৰ আৰু চিৰাঙত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে ৰাজনৈতিক দলসমূহে ৷ মঙলবাৰে কোকৰাঝাৰ জিলাৰ বাওখুংগুৰী সমষ্টিৰ অন্তৰ্গত বাংঙ্গালডোবাত অনুষ্ঠিত কৰা হয় বিপিএফৰ অন্তিমখন প্ৰচাৰ সভা ৷ প্ৰায় তিনি শতাধিক দলীয় কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰা এই সভাখনত উপস্থিত থাকে সমষ্টিটোৰ বিপিএফৰ প্ৰাৰ্থী দনেশ্বৰ গয়াৰী ৷

হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিয়ে বিপিএফ দল বিজয়ৰ ক্ষেত্ৰত পথ মসৃণ কৰিব বুলি সভাত মন্তব্য কৰে দনেশ্বৰ গয়াৰীয়ে ৷ বিটিচিচ পুনৰ বিপিএফৰে চৰকাৰ গঠনৰ হ’ব বুলি মন্তব্য কৰে দলটোৰ কেন্দ্ৰীয় নেতৃবৃন্দই ৷ উল্লেখ্য যে, বাক্সা জিলাত বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত 80 শতাংশ ভোটদান সম্পন্ন হয় ৷ জিলাখনৰ মুছলপুৰ মহকুমাৰ ২২ নং কোকিলাবাৰী, ২৩ নং দিহিৰা,২৪ নং মুছলপুৰ আৰু ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিকে ধৰি চাৰিটা পৰিষদীয় সমষ্টিৰ মুঠ ৩৭৭ টা ভোটকেন্দ্ৰত গড়ে ৭৯ শতাংশ আৰু তামুলপুৰ মহকুমাৰ ২৬ নং দৰঙাজুলি, ২৭ নং নাগ্ৰীজুলি, ২৮ নং গয়বাৰী, ২৯ নং শুক্লাই চেৰফাং আৰু ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিকে ধৰি পাঁচটা পৰিষদীয় সমষ্টিত মুঠ ৩৮২ টা ভোট কেন্দ্ৰত গড়ে ৭৯.২৬ শতাংশ ভোটদান সাব্যস্ত কৰা হয় ৷

আনহাতে, ওদালগুৰি জিলা ভেৰগাঁও মহকুমাৰ 5টা পৰিষদীয় সমষ্টিৰ 395 টা ভোটগ্ৰহণ কেন্দ্ৰত মুঠ 2,98,705 গৰাকী ভোটাৰে ভোট প্ৰদান কৰে । সমান্তৰালকৈ ওদালগুৰি মহকুমাৰ 5টা সমষ্টিত আছে 412 টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছিল ৷ ইয়াৰে 86টা স্পৰ্শকাতৰ আৰু 57টা অতি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ বিভক্ত কৰা হৈছিল ৷ এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত 2,000 ৰো অধিক কৰ্মচাৰী নিয়োগ কৰা হয় ৷ ইয়াৰ উপৰিও চহৰ অঞ্চলৰ 18 টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰে মহিলা কৰ্মচাৰীয়ে । 5টা সমষ্টিৰ 3,23,703 গৰাকী ভোটাৰে মুঠ 32 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰে ৷

লগতে পঢ়ক-কৃষি আইন বাতিলৰ দাবীৰে মহানগৰীত কৃষক মুক্তিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.