ETV Bharat / state

Cycle Rally ৰে ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস ধুবুৰীত - cycle rally by the students of B N college

ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াকলৈ তৎপৰ ধুবুৰী জিলা প্ৰশাসন ৷ ৰাইজক ভোটাৰ তালিকা সম্পৰ্কে অৱগত কৰিবলৈ হাতত লৈছে বিশেষ প্ৰচেষ্টা ৷

cycle rally by the students of B N college
ধুবুৰীত ভোটাৰ তালিকা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে উলিওৱা হৈছে চাইকেল ৰেলী
author img

By

Published : Nov 14, 2021, 3:38 PM IST

ধুবুৰী, 14 নৱেম্বৰ : 1 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া জোৰদাৰ গতিত চলিছে ধুবুৰীত ৷ চাইকেল ৰেলী আৰু ঠাইতে নতুন ভোটাৰ পঞ্জীয়নেৰে সজাগতা সৃষ্টিৰ পদক্ষেপ ধুবুৰী জিলা প্ৰশাসনৰ ৷

ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াৰ বিষয়ে ৰাইজক অৱগত কৰোৱাৰ লগতে 18 বছৰত ভৰি দিয়া প্ৰতিজন যুৱক-যুৱতীৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে নে নাই সেই বিষয় নিশ্চিত কৰাৰ দায়িত্ব লৈছে ধুবুৰী জিলা প্ৰশাসনে ৷ ইয়াৰ বাবে বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে প্ৰশাসনে ৷

ধুবুৰীত ভোটাৰ তালিকা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে উলিওৱা হৈছে চাইকেল ৰেলী

সজাগতা সৃষ্টিৰ উদ্দেশ্যে শনিবাৰে ধুবুৰীৰ বি এন কলেজৰ পৰা এক চাইকেল ৰেলী উলিওৱা হয় ৷ হাতে হাতে প্লে’ কাৰ্ড লৈ চাইকেল ৰেলীত অংশ লয় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৷ জিলা অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰীয়ে এই চাইকেল ৰেলীৰ Flag off কৰে ৷ কলেজ শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে সজাগতা সভা আৰু ঠাইতে নাম পঞ্জীয়ন শিবিৰো পতা হয় ৷

লগতে চাওক : Assam's Methanol Project : অসমে দখল কৰিব ভূটান, নেপাল আৰু বাংলাদেশৰ বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.