ETV Bharat / state

অসম বংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰৰ পৰা অবৈধ গৰু সৰবৰাহ!! - ETV BHARAT

ৰাজ্যখনত চলি থকা গৰুৰ ছিণ্ডিকেট আৰু অবৈধ গৰুৰ বেহা বন্ধ কৰিবলৈ চৰকাৰ খনে চেষ্টা চলাই থকাৰ সময়তো কিন্তু প্ৰকৃততে অবৈধ গৰুৰ বেহা বন্ধ হোৱা নাই৷

অসম বংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰৰ পৰা অবৈধ গৰু সৰবৰাহ
author img

By

Published : Jul 29, 2019, 7:30 PM IST

ধুবুৰী,29 জুলাই: বৰ্তমানেও ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্ত লৈ জাকে জাকে গৰু ৰাষ্ট্ৰীয় পথেৰে সৰবৰাহ হয় ৷ অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰ,গোসাঁইগাঁও হৈ ধুবুৰী লৈ যোৱা হয় গৰুসমূহ ৷ এই অবৈধ সৰবৰবাহ নিশাৰ ভাগত নহয় দিনৰ পোহৰতে চলে ৷ যি সময়ত অসম চৰকাৰৰ আৰক্ষী বিভাগে অবৈধ গৰু সৰবৰাহ আৰু ছিণ্ডিকেট চক্ৰক মষিমূৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে তেনে সময়ত একাংশ ব্যৱসায়ী বংগৰ পৰা গৰু ক্ৰয় কৰা দেখুৱাই জাকে জাকে গৰু গোসাঁইগাঁও,তুলসীবিল,চিঠিলা,নয়াহাট,বিলাসীপাৰা,তামাৰহাট,পাগলাহাট,মটৰঝাৰ হৈ ধুবুৰী জিলাৰ বিভিন্ন গোপন ঠাইলৈ নিয়ে ৷

অসম বংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰৰ পৰা অবৈধ গৰু সৰবৰাহ

উক্ত গৰু সমূহ চোৰাং পথেৰে ভাৰত বাংলাদেশ লৈ নিয়া হয় ৷ দিনৰ ভাগত জাকে জাকে গৰু সমূহ শ্ৰীৰামপুৰৰ পৰা 31 নং(গ) ৰাষ্ট্ৰীয় পথেৰে নিয়া হয় ৷ য'ত গৰু সমূহৰ তেনে কোনো নিৰ্দিষ্ট তথ্য পাতি নাথাকে ৷ গোসাঁইগাঁৱৰ বিভিন্ন গো হাটৰ পৰা ভুৱা ৰচিদ তৈয়াৰ কৰি গৰু সমূহ সৰবৰাহ কৰি আহিছে যদিও এই গৰু বেহা বন্ধ কৰাত ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসনো ৷ একো একোজন লোকে 30-40 টাকৈ গৰু ক্ৰয় কৰা দেখুৱায় যদিও সেই গৰু সমূহ আন কোনো ঠাইত নোলোৱাকৈ ধুবুৰী লৈ নিয়াৰ দৃশ্যই গৰুৰ ছিণ্ডিকেট আৰু অবৈধ বেহা প্ৰমাণিত কৰিছে ৷ এই গৰু সমূহ বংগৰ বাৰভিশাৰ পৰা অনা হয় আৰু ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ হাতত নাই কোনো ৰচিদ আৰু উপযুক্ত তথ্য ৷ একো একোজন শ্ৰমিকক নিৰ্দিষ্ট হাৰত ধন দি গৰু সমূহ নিয়া হয় ৷

বহিঃৰাজ্যৰ গৰু সমূহ ট্ৰাক যোগে বংগৰ অলিপুৰদুৱাৰ জিলাৰ শামুকতলা,পাকৰিগুৰি আদি ঠাইত নমাই ৰাষ্ট্ৰীয় পথেৰে খোজ কঢ়াই লৈ যোৱা হয় ৷ নিতৌ শ শ গৰু এনেদৰে গোসাঁইগাঁৱৰ বিভিন্ন পথেৰে ধুবুৰী জিলাৰ বাংলাদেশ সীমান্তত সৰবৰাহ কৰি আহিছে যদিও সেই সকল গৰু ব্যৱসায়ীক নাকি লগাব পৰা নাই অসম আৰক্ষীয়ে ৷

Intro:Story :-- অসম বংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰৰ পৰা অবৈধ গৰু সৰবৰাহ :: আজিও অব্যাহত আছে গৰুৰ চোৰাং বেহা :: দিনৰ পোহৰত ৰাষ্ট্ৰীয় পথেৰে জাকে জাকে গৰু সৰবৰাহ ::
Feed Name :- Illegal Goru Pachar.
Rpt :- Gossaigaon.
Date :-15/7/19.

Anchore :- ৰাজ্যখনত চলি থকা গৰুৰ ছিণ্ডিকেট আৰু অবৈধ গৰুৰ বেহা বন্ধ কৰিবলৈ চৰকাৰ খনে যিমানেই চেষ্টা নকৰক কিয় প্ৰকৃততে যে অবৈধ গৰুৰ বেহা বন্ধ হোৱা নাই সেয়া Etv bharatৰ কেমেৰাত বন্দী হৈছে ।। আজিও জাকে জাকে গৰু ৰাষ্ট্ৰীয় পথেৰে সৰবৰাহ হয় ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্ত লৈ।। অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰ , গোসাঁইগাঁও হৈ ধুবুৰী লৈ যায় গৰু ।

Body:

S/O :-- নিশা নহয় দিনৰ পোহৰত ৰাষ্ট্ৰীয় পথেৰে জাকে জাকে গৰু সৰবৰাহ হয় । যি সময়ত অসম চৰকাৰৰ আৰক্ষী বিভাগ অবৈধ গৰু সৰবৰাহ আৰু ছিণ্ডিকেট চক্ৰক মষিমূৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে তেনে সময়ত একাংশ ব্যৱসায়ী বংগৰ পৰা গৰু ক্ৰয় কৰা দেখুৱাই জাকে জাকে গৰু গোসাঁইগাঁও , তুলসীবিল, চিঠিলা, নয়াহাট, বিলাসীপাৰা , তামাৰহাট, পাগলাহাট, মটৰঝাৰ হৈ ধুবুৰী জিলাৰ বিভিন্ন গোপন ঠাইলৈ নিয়ে। উক্ত গৰু সমূহ চোৰাং পথেৰে ভাৰত বাংলাদেশ লৈ নিয়া হয়। দিনৰ পোহৰত জাকে জাকে গৰু সমূহ শ্ৰীৰামপুৰৰ পৰা ৩১ নম্বৰ(গ) ৰাষ্ট্ৰীয় পথেৰে নিয়া হয়। সেই গৰু সমূহৰ তেনে কোনো নিৰ্দিষ্ট তথ্য পাতি নাই। Conclusion: গোসাঁইগাঁৱৰ বিভিন্ন গো হাটৰ পৰা ভুৱা ৰচিদ বনাই গৰু সমূহ সৰবৰাহ কৰি আহিছে যদিও এই গৰু বেহা বন্ধ কৰাত ব্যৰ্থ আৰক্ষী। একো একোজন লোকে ৩০ - ৪০ টা কৈ গৰু ক্ৰয় কৰা দেখুৱায় যদিও সেই গৰু সমূহ আন কোনো ঠাইত নোলোৱাকৈ ধুবুৰী লৈ নিয়াৰ দৃশ্যই গৰুৰ ছিণ্ডিকেট আৰু অবৈধ বেহা প্ৰমাণিত কৰিছে। কিন্তু এই গৰু সমূহ বংগৰ বাৰভিশাৰ পৰা অনা হয়। সিহঁতৰ হাতত নাই কোনো ৰচিদ আৰু উপযুক্ত তথ্য। একো একোজন শ্ৰমিকক নিৰ্দিষ্ট হাৰত ধন দি গৰু সমূহ নিয়া হয়। বহি ৰাজ্যৰ গৰু সমূহ ট্ৰাক যোগে বংগৰ অলিপুৰদুৱাৰ জিলাৰ শামুকতলা , পাকৰিগুৰি আদি ঠাইত নমাই ৰাষ্ট্ৰীয় পথেৰে খোজ কাঢ়ি লৈ যায়। নিতৌ শ শ গৰু এনেদৰে গোসাঁইগাঁৱৰ বিভিন্ন পথেৰে ধুবুৰী জিলাৰ বাংলাদেশ সীমান্তত সৰবৰাহ কৰি আহিছে যদিও সেই সকল গৰু ব্যৱসায়িক লাকি লগাব পৰা নাই অসম আৰক্ষী ।।

Byte :- গৰু কঢ়িয়াই নিয়া শ্ৰমিক।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.