ETV Bharat / state

গৌৰীপুৰৰ বৰভিটা গাঁৱত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি - পথ নিৰ্মাণ

প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা নিৰ্মাণৰ তিনি মাহ নৌহওঁতেই জহি-খহি গৈছে পথৰ দুয়ো কাষ । ৰাইজৰ অভিযোগ অনুসৰি কোনো ধৰণৰ ৰোলাৰ ব্যৱহাৰ নকৰাকৈ আঁচনি বহিৰ্ভূতভাৱে এই পথটোৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰিছে ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই । যাৰ ফলত আহ-যাহ কৰাত অসুবিধাৰ সন্মুখীন হৈছে সাধাৰণ জনতা ৷

গৌৰীপুৰৰ বৰভিটা গাঁৱত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি
author img

By

Published : Apr 29, 2019, 6:03 PM IST

ধুবুৰী,29 এপ্ৰিল: গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিটিএডি এলেকাত পথ নিৰ্মাণত ভয়াৱহ দুৰ্নীতি । ঠিকাদাৰ ,অভিযন্তাৰ বিৰুদ্ধে মুর্দাবাদ ধ্বনিত কঁপিল গৌৰীপুৰৰ বৰভিটা গাঁও ।

ধুবুৰীৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিটিএডিৰ দেৱীতলা বজাৰৰ পৰা বৰভিটা গাঁও হৈ খুটাবাগৰালৈকে নিৰ্মীয়মান পথ এটাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ উল্লেখ্য যে, পূৰ্বৰ স্থানীয় বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে 2015 চনৰ 3 ডিচেম্বৰত কুশল কোঁৱৰ নিৰ্মাণ আঁচনিৰ অধীনত পথচোৱা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল৷ কিন্তু আধাৰশিলা স্থাপনৰ প্ৰায় 3 বছৰৰ পাচত চলিত বৰ্ষতহে আৰম্ভ হৈছে নিৰ্মাণ কাৰ্য৷

গৌৰীপুৰৰ বৰভিটা গাঁৱত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

পাচে,প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথচোৱা নিৰ্মাণৰ তিনি মাহ নৌহওঁতেই জহি-খহি যাবলৈ আৰম্ভ কৰিছে দুয়ো কাষ । ৰাইজৰ অভিযোগ অনুসৰি কোনো ধৰণৰ ৰোলাৰ ব্যৱহাৰ নকৰাকৈ নিয়ম বহিৰ্ভূতভাৱে এই পথটোৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰিছে ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই । যাৰ ফলত আহ-যাহ কৰাত অসুবিধাৰ সন্মুখীন হৈছে সাধাৰণ জনতা ৷ তাৎপৰ্যপূৰ্ণ কথা যে, অভিলাসী আচঁনিটোৰ নাম উল্লেখ কৰা হৈছে যদিওঁ নাম ফলকটোত ৰহস্যজনকভাৱে উল্লেখ কৰা নাই আৱন্টিত ধনৰ পৰিমাণ । ইয়াকলৈও ৰাইজৰ মাজত সৃষ্টি হৈছে বিভ্ৰান্তিৰ ৷

কেৱল এয়াই নহয়,গড়কাপ্তানী বিভাগৰ বিভাগীয় ইঞ্জিনিয়াৰ আৰু ঠিকাদাৰ এতিয়া পথচোৱা নিৰ্মাণৰ বাবে ধাৰ্য কৰা 98 লাখ টকাৰ অধিকাংশই আত্মসাতৰ অংকত ব্যস্ত হৈ পৰিছে বুলিও অভিযোগ কৰে ৰাইজে ৷ সেয়েহে এই ক্ষেত্ৰত উচিত তদন্ত কৰি সঠিক ৰূপে পথ নিৰ্মাণ কৰাৰ দাবী জনাইছে স্থানীয় এবি আমছুৰ লগতে ৰাইজে ।

SLUG- A_DHB_801_805_BTC_CORRUPTION_VIS+BYTE_PTC_SHAHANUR
( Files send through MOJO )

    oc/vo:- মডেল বিটিচিৰ নামত কি চলিছে বিটিএডি অঞ্চলত। গৌৰীপুৰ বিধান সভা সমষ্টিৰ বিটিএডি এলেকাত পথ নিৰ্মাণত ভয়াৱহ দুৰ্নীতি। ঠিকাদাৰ অভিযন্তাৰ বিৰুদ্ধে মূর্দাবাদ ধ্বনিত কঁপিল গৌৰীপুৰৰ বৰভিটা গাঁও।

     vo:- ধুবুৰীৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিটিএডিৰ দেৱীতলা বজাৰৰ পৰা বৰভিটা গাওঁহৈ খুটাবাগৰালৈকে নিৰ্মীয়মান পথ এটাক নিৰ্মাণত ব্যাপক দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ আনকি বিষয়টোলৈ বৰভিটা গাওঁৰ ৰাইজে আজি প্ৰতিবাদ মুখৰ হৈ পৰা দেখা যায়। উল্লেখ্য যে, পূৰ্বৰ স্থানীয় বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে ২০১৫ চনৰ ৩ ডিচেম্বৰৰ কুশল কোঁৱৰ নিৰ্মাণ আঁচনিৰ অধীনত পথচোৱাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল৷ অৱশ্যে আধাৰশিলা স্থাপনৰ প্ৰায় ৩ বছৰ পিছত চলিত বছৰতহে নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে৷ যদিওঁ মাত্ৰ কেইদিনৰ ভিতৰত নামমাত্ৰ কাম কৰিয়েই দায়িত্ব সমৰিছে ঠিকাদাৰে। পিছে প্ৰায় ১ কিলোমিটাৰ দৈৰ্ঘৰ সেই পথছোৱা নিৰ্মাণৰ তিনি মাহ নৌহওতেই জহি খহি যাবলৈ আৰম্ভ কৰিছে পথৰ দুয়ো কাষ। ৰাইজৰ অভিযোগ অনুসৰি কোনো ধৰণৰ ৰলাৰ নমৰাকৈ আঁচনি বহিৰ্ভূত ভাবে এই পথটো নিৰ্মাণ কাৰ্য্য সম্পন্ন কৰিছে ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই। যাৰ ফলত অঞ্চলবাসীয়ে ক্ষুণ্ণ হৈ পৰিছে৷  তাৎপৰ্যপূৰ্ণ কথা যে, অভিলাসী আচঁনিটোৰ নাম উল্লেখ কৰা হৈছে যদিওঁ নাম ফলকটোত ৰহস্যজনক ভাবে উল্লেখ কৰা নহল অবন্টিত ধনৰ পৰিমাণ। ইয়াকলৈও ৰাইজৰ মাজত সৃষ্টি হৈছে বিভ্ৰান্তিৰ৷ যদিওঁ এয়া ৯৮ লাখ টকাৰ আচঁনি। আনহাতে ৰাইজৰ স্পষ্ট অভিযোগ যে, পথচোৱাৰ নিৰ্মাণৰ বাবে ধাৰ্য কৰা ধনৰ অধিকাংশই আত্মস্বাতৰ অংকত ব্যস্ত হৈ পৰিছে গড়কাপ্তানী বিভাগৰ বিভাগীয় ইঞ্জিনিয়াৰ আৰু ঠিকাদাৰে৷ লগতে এইক্ষেত্ৰত উচিত তদন্ত কৰি সঠিক ৰূপে পথ নিৰ্মাণ কৰাৰ দাবী জনাইছে স্থানীয় এবি আমছুৰ লগতে ৰাইজে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.