ETV Bharat / state

চাপৰ-শালকোচা খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিক্ষোভ প্ৰদৰ্শন - ধুবুৰী

ধুবুৰীৰ চাপৰত বেতন বঞ্চিত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণকে ধৰি কেইবাটাও দাবীত শিক্ষকৰ ধৰ্ণা কাৰ্যসূচী । 2 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চাপৰ-শালকোচা খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ।

চাপৰ-শালকোচা খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিক্ষোভ প্ৰদৰ্শন

author img

By

Published : Oct 5, 2020, 2:01 PM IST

ধুবুৰী, ৫অক্টোবৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীৰ চাপৰতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে । 2019 চনৰ 30 ডিচেম্বৰত মুখ্যমন্ত্ৰীয়ে শিক্ষা আৰু বিত্ত বিভাগক দিয়া নিৰ্দেশনা শীঘ্ৰে কাৰ্যকৰী কৰা, পুৰণি পেঞ্চন নীতি বাহাল ৰখা, বেতন বঞ্চিত শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত চাপৰ-শালকোচা খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীয়ে 2 ঘণ্টা ধৰি বিক্ষোভ প্ৰদৰ্শন কৰে ।

চাপৰ-শালকোচা খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিক্ষোভ প্ৰদৰ্শন
চাপৰ-শালকোচা খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিক্ষোভ প্ৰদৰ্শন

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত শিক্ষকসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে । শিক্ষকসকলে দীৰ্ঘদিন ধৰি ভূগি অহা সমস্যাসমূহ সমাধানৰ দাবীত চাপৰ-শালকোচা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষক-শিক্ষয়িত্ৰীসকলে ।

লগতে পঢ়ক : ড্ৰেগন ফলৰ খেতিয়ে হাঁহি বিৰিঙাইছে কৃষকৰ মুখত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.