ETV Bharat / state

শিক্ষা বিভাগৰ অভিধানৰ পৰা বাদ পৰিল ‘মাদ্ৰাছা’

author img

By

Published : Jun 6, 2021, 7:25 PM IST

এতিয়াৰে পৰা ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানৰ নামৰ লগত সন্নিবিষ্ট নহয় ‘মাদ্ৰাছা’ শব্দ । ফিকাহ আকাইদ বিষয়ৰ পাঠ্যপুথিৰ সমাপ্তি ঘটিল । শিক্ষা বিভাগৰ এক বিধেয়কৰ জৰিয়তে সামৰণি পেলোৱা হ’ল মাদ্ৰাছা শিক্ষা । সেই অনুসৰি চাপৰ মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নামো চাপৰ ৰৌমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে নামাকৰণ কৰা হ’ল ৷

end of madrassa
মাদ্ৰাছাৰ অৱসান

পূৱ বিলাসীপাৰা, 6 জুন : অসম চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে এক যুগান্তকাৰী সিদ্ধান্ত । এতিয়াৰে পৰা চৰকাৰী খৰচত বন্ধ হ’ল ধৰ্মীয় শিক্ষাব্যৱস্থা । ৰাজ্যৰ 111 খন মাদ্ৰাছাৰ নাম সলনিৰ নিৰ্দেশনা জাৰি কৰে শিক্ষা বিভাগে । যাৰ ফলস্বৰূপে শিক্ষা বিভাগৰ অভিধানৰ পৰা নোহোৱা হ’ল ‘মাদ্ৰাছা’ শব্দটো । উল্লেখ্য যে, 2022 চনৰ 31 মে’ৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যক্ৰমত চৰকাৰীভাৱে যোগান ধৰা নহয় ফিকাহ আকাইদ পাঠ্যপুথি ৷ এই বিষয়টো আৰৱী পাঠ্যপুথিত সংলগ্ন বিষয় হিচাপে থাকিব পাৰে বুলি জানিব পৰা গৈছে ৷

end of madrassa
মাদ্ৰাছাৰ অৱসান

ৰাজ্যৰ মাদ্ৰাছাসমূহত অধ্যয়ন কৰা ছাত্র-ছাত্ৰীসকলৰ বাবে যেন এতিয়া নষ্টালজিক হৈ পৰিছে প্ৰাণৰো আপোন মাদ্ৰাছাখন । শিক্ষা বিভাগৰ বলিষ্ঠ প্ৰচেষ্টাত ন-ৰূপত গঢ় দিয়া হ’ব মাদ্ৰাছাসমূহ । সেই মৰ্মে চাপৰ মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নাম চাপৰ ৰৌমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে নামকৰণ কৰা হয় ।

মাদ্ৰাছাৰ অৱসান

ইয়াৰ পাচতে এক মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে চাপৰবাসীৰ মাজত । উল্লেখ্য যে, 1968 চনত প্ৰতিষ্ঠা লাভ কৰা এই চাপৰ মাদ্ৰাছা উচ্চ মাধ্যমিক বিদ্যালয়খন 1991 চনত উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ কৰা হৈছিল । তেতিয়াৰ পৰাই মাদ্ৰাছাখনৰ পৰা বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত বহু কেইবাৰ স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান শিক্ষা বিভাগৰ অভিধানত ইতিহাস হৈ পৰিল মাদ্ৰাছা ৷

লগতে পঢ়ক : বৃক্কৰ ৰোগত আক্ৰান্ত আফ্ৰিণাক আৰ্থিক সহায়ৰ প্ৰয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.