ধুবুৰী, 1 এপ্ৰিল: COVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ধুবুৰী স্বাস্থ্য বিভাগ। ইতিমধ্যে জিলাখনৰ একমাত্ৰ অসামৰিক চিকিৎসালয়ত ৫০ খনকৈ আইছলেছন বিচনা সাজু কৰি ৰখাৰ বিপৰীতে তিনিটা স্তৰত চিকিৎসক আৰু নাৰ্চ সাজু কৰি ৰখা হৈছে ৷ ইমানেই নহয়, অবিভক্ত ধুবুৰী জিলাৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰক লৈ মুঠ ৯৮ খন আইছলেছন বিচনা সাজু কৰি ৰখা বুলি জনাইছে ধুবুৰী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ বি কে দাসে।
উল্লেখ্য যে, নতুন দিল্লীৰ নিজামুদ্দিন মাৰ্কাজলৈ যোৱা অসমৰ দুই শতাধিক লোকৰ তালিকাত ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 80 জনকৈ লোকৰ নাম অন্তৰ্ভুক্ত হৈ থকাৰ এক তথ্য পোহৰলৈ আহিছে। জিলা আৰক্ষী প্ৰশাসনৰ সূত্ৰে জনোৱা অনুসৰি তেওঁলোকৰ কোনো এজন লোক ঘৰলৈ উভতি অহা নাই আৰু এইক্ষেত্ৰত প্ৰশাসনে চোকা দৃষ্টি ৰাখিছে । আনহাতে, ধুবুৰীৰ ঝগৰাৰ পাৰ আৰু ধৰ্মশালা অঞ্চলৰ দুজন লোকৰ আজি তেজৰ নমুনা সংগ্ৰহ কৰি বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে বুলি ধুবুৰী অসামৰিক চিকিৎসালয়ৰ অধীক্ষকগৰাকীয়ে উল্লেখ কৰে ৷ উল্লেখযোগ্য যে, বুধবাৰলৈ জিলাখনত তিনিজন লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে যদিও এজনৰ ফলাফল নিগেটিভ ওলাইছে । উল্লেখ্য যে, এতিয়ালৈকে জিলাখনত ১৭১৮ জন লোকক হোম কোৱাৰেনটাইন কৰা হৈছে।অসমত এজন লোক COVID-19 ত আক্ৰান্ত হোৱাৰ পাছতো সাধাৰণ ৰাইজ এতিয়াও সজাগ হোৱা নাই বুলি দুখ প্ৰকাশ কৰে ধুবুৰী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ বি কে দাসে।