ETV Bharat / state

কাঁইটীয়া যুক্ত পথ মেৰামতি দাবীত AIUDF কৰ্মীৰ প্ৰতিবাদ - AIUDF leader protest at dhubri

হাটশিঙিমাৰীত এ আই ইউ ডি এফৰ উত্তাল প্ৰতিবাদ । মানকাচৰ ভাৰত-বাংলা সীমান্তৰ কাঁইটীয়া তাঁৰ যুক্ত পথ মেৰামতি সম্পূৰ্ণ কৰাৰ দাবীত হাটশিঙিমাৰীৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে এ আই ইউ ডি এফ কৰ্মীয়ে ।

হাটশিঙিমাৰী
কাঁইটীয়া তাঁৰ যুক্ত পথ মেৰামতি দাবীত AIUDF কৰ্মীৰ প্ৰতিবাদ
author img

By

Published : Feb 7, 2020, 11:54 PM IST

ধুবুৰী, 7 ফেব্ৰুৱাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলা সীমান্তৰ কাঁইটীয়া তাঁৰ যুক্ত পথ মেৰামতি সম্পূৰ্ণ কৰাৰ দাবীত শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে এ আই ইউ ডি এফৰ কৰ্মীয়ে ৷ হাটশিঙিমাৰীস্থিত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বেনাৰ পোষ্টাৰ হাতত লৈ বিভিন্ন শ্ল'গানেৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে দলটোৰ কৰ্মীসকলে ৷ লগতে কাঁইটীয়া তাঁৰ যুক্ত পথৰ মেৰামতি সম্পূৰ্ণ কৰাৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে এ আই ইউ ডি এফৰ সাংগঠনিক সম্পাদক আমিনুল ইছলামে ।

কাঁইটীয়া তাঁৰ যুক্ত পথ মেৰামতি দাবীত AIUDF কৰ্মীৰ প্ৰতিবাদ

উল্লেখ্য যে, বিগত বৰ্ষত বানে অতি ভয়াৱহ ৰূপ ধাৰণ কৰি ভাৰত-বাংলা সীমান্তৰ কাঁইটীয়া তাৰ সহ খহাই নিছিল সীমান্তৰ একাংশ পথ । বাংলাদেশৰ পানীয়ে ভয়াৱহ সংকট চপাই আনিছিল সীমান্ত অঞ্চললৈ । পিছত মুখ্যমন্ত্ৰীৰ উপৰিও ঘটনাস্থলীত কেইবাজনো মন্ত্ৰী সীমান্তত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ লগতে শীঘ্ৰেই সীমান্ত ছিল কৰাৰ বিপৰীতে পথটো মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰে ৷ কিন্তু বৰ্তমান পৰ্যন্ত মেৰামতি কৰা ন'হল গুৰুত্বপূৰ্ণ পথটো ৷

আৰু পঢ়কঃ NIA কাৰ্যালয়ত মাৰাথান জেৰাৰ সন্মুখীন IIT ৰ অধ্যাপক

Intro:হাটশিঙিমাৰীত এ আই ইউ ডি এফৰ উত্তাল প্ৰতিবাদ। মানকাচৰ ভাৰত-বাংলা সীমান্তৰ কাঁইটীয়া তাঁৰ যুক্ত পথ মেৰামতি সম্পূৰ্ণ কৰাৰ দাবীত হাটশিঙিমাৰীত এ আই ইউ ডি এফৰ অৱস্থান ধৰ্মঘট।Body:দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলা সীমান্তৰ কাঁইটীয়া তাঁৰ যুক্ত পথ মেৰামতি সম্পূৰ্ণ কৰাৰ দাবীত শুক্ৰবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ
হাটশিঙিমাৰীস্থিত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ এ আই ইউ ডি এফ দলৰ কৰ্মী সকলে বেনাৰ পোষ্টাৰ হাতত লৈ কাঁইটীয়া তাঁৰৰ পূৰ্ণ নিৰ্মাণ কৰি সুৰক্ষা নিশ্চিত কৰক, হাটশিঙিমাৰী ৰাইজৰ কৃষি ভূমি ৰক্ষা কৰক আদি বিভিন্ন শ্ল'গানেৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰাৰ লগতে অতি শীঘ্ৰে মানকাচৰ ভাৰত-বাংলা সীমান্তৰ কাঁইটীয়া তাঁৰ যুক্ত পথ মেৰামতি সম্পূৰ্ণ কৰাৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে চৰকাৰ লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে এ আই ইউ ডি এফৰ সাংগঠনিক সম্পাদক আমিনুল ইছলামে। উল্লেখযোগ্য যে, বিগত বৰ্ষৰ বানে অতি ভয়াৱহ ৰূপ ধাৰণ কৰি ভাৰত বাংলা সীমান্তৰ কাঁইটীয়া তাৰ সহ খহাই নিছিল সীমান্তৰ এক বহলাংশ পথ। বাংলাদেশৰ পানীয়ে ভয়াৱহ সংকট চপাই আনিছিল সীমান্ত অঞ্চললৈ। পিছত মুখ্যমন্ত্ৰীৰ উপৰিও ঘটনাস্থলীত কেইবাজনো মন্ত্ৰী সীমান্তত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছিল। শীঘ্ৰেই সীমান্ত ছিল কৰাৰ বিপৰীতে পথটো মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰিছিল যদিওঁ আজিও মেৰামতি কৰা নহল গুৰুত্বপূৰ্ণ পথটো।

Byte:- আমিনুল ইছলাম, সাংগঠনিক সম্পাদক, এ আই ইউ ডি এফ।Conclusion:উল্লেখযোগ্য যে, বাৰিষাৰ আগে আগে সীমান্ত ছিল কৰি পথটো মেৰামতিৰ ব্যৱস্থা কৰা নহলে সীমান্ত অঞ্চলৰ প্ৰতি চৰম ভাবুকি অহাৰ সমান্তৰাল ভাৱে দেশৰ প্ৰতি এক ভাবুকি আহি পৰিব বুলি ধাৰণা কৰা হৈছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.