ETV Bharat / state

বিজুলি চাকিৰ পোহৰ দেখি নোপোৱা এখন গাঁও - শক্তি বিভাগ

দেশ স্বাধীন হোৱাৰ ৭৪ বছৰ সম্পূৰ্ণ হ'ল । বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যথেষ্ট উন্নতি হৈছে । ডিজিটেল ইণ্ডিয়াৰ নামত বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে বিজেপি চৰকাৰে । কিন্তু এনে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যুগতো অন্ধকাৰত আছে অসমৰ এখন গাঁও ।

A VERY BACKWARD VILLAGE OF DHUBURI DISTRICT OF ASSAM
এতিয়াও বিজুলি চাকিৰ পোহৰ দেখি নোপোৱা এখন গাঁও
author img

By

Published : Sep 12, 2020, 7:02 AM IST

ধুবুৰী, 12 ছেপ্তেম্বৰঃ স্বাধীনতাৰ ৭৪ টা বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো বিদ্যুতৰ পোহৰ দেখিবলৈ পোৱা নাই অসমৰ এখন গাঁওৰ ৰাইজে । এতিয়াওঁ অন্ধকাৰত আছে বিকশিত অসমৰ ধুবুৰী জিলাৰ এখন গাঁও । গাঁওখন হ'ল গোলকগঞ্জ বিধানসভা সমষ্টিৰ দক্ষিণ কাচখানা গাঁও । এইখন গাঁওত আছে প্ৰায় ৫০ টা পৰিয়াল । কিন্তু এই পৰিয়ালকেইটাই স্বাধীন দেশৰ নাগৰিক হৈও বঞ্চিত মৌলিক অধিকাৰৰ পৰা ।

স্বাধীনতাৰ পিছৰে পৰাই ইয়াৰ ৰাইজে জীৱন কটাই আহিছে অন্ধকাৰৰ মাজত । কিন্তু ইয়াৰ মাজতে গাঁওবাসীলৈ আহিছিল এক সুখৰ বতৰা । প্ৰায় দুবছৰৰ পূৰ্বে দীন দয়াল উপাধ্যায় গ্ৰাম্য জ্যোতি যোজনাৰ জৰিয়তে এই গাঁওখনত পোহৰ দিয়াৰ উদ্দেশ্যে ঘৰে-ঘৰে বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰা হৈছিল । বহুতো জল্পনা-কল্পনাৰ অন্তত যোৱা দুবছৰ পূৰ্বে কেইটামান বিদ্যুতৰ খুটা আৰু তাঁৰ সংযোগ কৰিছে যদিও বিদ্যুৎ এতিয়ালৈকে সংযোগ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ।

স্থানীয় বিধায়ক অশ্বিনী ৰায় সৰকাৰ আৰু বিদ্যুৎ বিভাগক বহুবাৰ আবেদন জনোৱা স্বত্তেও আজিলৈকে বিদ্যুৎ সংযোগ নোহোৱাত গাঁওবাসীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে । শুকুৰবাৰে ক্ষোভিত গাঁওৱাসীয়ে উপায়ন্তৰ হৈ সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ উল্লেখযোগ্য যে, ঘৰে ঘৰে বিনামূলীয়া বিদ্যুৎ যোগান দিয়াৰ আশ্বাস দি অহা ৰাজ্য চৰকাৰে অনাগত দিনত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.