ধুবুৰী,13 জানুৱাৰী: স্বামী বিবেকানন্দৰ ১৫৯ তম জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি বুধবাৰে ধুবুৰীৰ গৌৰীপুৰত উন্মোচন কৰা হয় স্বামী বিবেকানন্দৰ এক আৱক্ষ মূৰ্তি ৷ কল্পজ্যোতি ফাউণ্ডেচনৰ সহযোগত ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই উন্মোচন কৰে মহান মনীষী গৰাকীৰ প্ৰতিমূৰ্তি ৷ গৌৰীপুৰৰ এন বি ছি ক্লাৱৰ সম্মুখত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গৌৰীপুৰৰ স্থানীয় মৃত শিল্পী বাবুল পালে নিৰ্মাণ কৰা আৱক্ষ মূৰ্তিটো উন্মোচন কৰা হয়।
উল্লেখ্য যে, মূৰ্তি উন্মোচন অনুষ্ঠানত ধুবুৰী ৰেড ক্ৰছ চ'চাইটি আৰু ধুবুৰী প্ৰেছ ক্লাৱৰ সম্পাদক ৰাজীৱ শৰ্মা, গৌৰীপুৰ ৰামকৃষ্ণ সাৰদা সংঘৰ সভাপতি শুৱল চন্দ্ৰ দে, আৰ কে সেৱাশ্ৰমৰ সভাপতি অখিল বন্ধু দত্ত, ৰাজপৰিয়ালৰ সদস্য প্ৰবীৰ বৰুৱা, কল্পজ্যোতি ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক সায়ন দেকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু বহু কলেজীয়া ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
লগতে পঢ়ক: বাক্সাৰ উৰুকাৰ বজাৰত গ্ৰাহকৰ ভিৰ