ETV Bharat / state

বাঁহৰ চুঙাৰে ৰাষ্ট্ৰীয় পতাকা নিৰ্মাণ কৰা এগৰাকী কুটীৰ শিল্পী - Gangadhar Rai

দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈছে সমগ্ৰ দেশবাসী ৷ ইয়াৰ মাজতে বাঁহৰ চুঙাৰে ৰাষ্ট্ৰীয় পতাকা নিৰ্মাণ কৰি চমক সৃষ্টি কৰিছে চাপৰৰ এগৰাকী কুটীৰ শিল্পীয়ে ৷

a-cottage-artist-who-made-the-national-flag-with-bamboo
বাঁহৰ চুঙাৰে ৰাষ্ট্ৰীয় পতাকা নিৰ্মাণ কৰা এগৰাকী কুটীৰ শিল্পী
author img

By

Published : Aug 14, 2021, 10:49 PM IST

পূৱ বিলাসীপাৰা, 14 আগষ্ট : স্বাধীনতা দিৱস উপলক্ষে চাপৰৰ বহলপুৰত বাঁহৰ চুঙাৰে ৰাষ্ট্ৰীয় পতাকা নিৰ্মাণ কৰি উলিয়াইছে এগৰাকী প্ৰতিভা সম্পন্ন ব্যক্তি গংগাধৰ ৰায়ে ৷ অসমক কুটীৰ শিল্পৰ ক্ষেত্ৰত প্ৰভাৱশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্প শিল্পী গৰাকীৰ ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা বিশেষভাৱে সমাদৃত এইগৰাকী শিল্পী গংগাধৰ ৰায় ৷

বাঁহৰ চুঙাৰে ৰাষ্ট্ৰীয় পতাকা নিৰ্মাণ কৰা এগৰাকী কুটীৰ শিল্পী

চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বহলপুৰ বৰপাৰা দ্বিতীয় খণ্ড গাঁৱৰ প্ৰতিভাশালী ব্যক্তি হল গংগাধৰ ৰায় ৷ শেহতীয়াভাৱে ৰায়ে নিজৰ প্ৰতিভাৰ দ্বাৰা অসমৰ মুখ্যমন্ত্ৰীৰ পৰা শুভেচ্ছা পত্ৰও লাভ কৰিছে ৷ নিজৰ সুপ্ত প্ৰতিভাৰ দ্বাৰা 2017 চনৰ পৰা বাঁহৰ চুঙাৰে ৰাষ্ট্ৰীয় পতাকা নিৰ্মাণ কৰি ৰাইজ তথা অসম চৰকাৰৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে এই গৰাকী কুটীৰ শিল্পীয়ে ৷

নিজৰ সৃজনীশীল চিন্তা প্ৰয়োগ কৰি ৰায়ে নিজৰ ঘৰটোকো আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে ৷ ৰায়ে নিজৰ ঘৰটোক সপোন পঁজা আৰু কক্ষটোৰ নাম মাতৃ কোলা হিচাপে নামকৰণ কৰিছে ৷

লগতে পঢ়কঃ জাতিৰ পিতা মহাত্মা গান্ধীয়ে জিৰণি লোৱা এটা বিশেষ বঙলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.