ETV Bharat / state

বিলাসীপাৰাত ড্ৰাগছ সহ আটক তিনি সৰবৰাহকাৰী

author img

By

Published : Aug 16, 2020, 10:29 AM IST

বিলাসীপাৰাত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলোৱা অভিযানত ড্ৰাগছসহ আটক কৰে তিনিজন ব্যক্তিক ৷ নিচাজাতীয় সামগ্ৰীখিনি চাপৰৰ পৰা বিলাসীপাৰাত বিক্ৰী কৰিবলৈ নিয়া সময়তে জব্দ কৰে আৰক্ষীয়ে ৷

বিলাসীপাৰা
বিলাসীপাৰাৰ ড্ৰাগছ সহ আটক তিনি ড্ৰাগছ ব্যৱসায়ী

বিলাসীপাৰা, 16 আগষ্টঃ ধুবুৰীৰ বিলাসীপাৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী ৷ আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলোৱা অভিযানত ১২ নম্বৰ ৱাৰ্ডৰ পৰা জব্দ কৰে নিচাজাতীয় সামগ্ৰীখিনি ৷ আনহাতে, ড্ৰাগছসহ আটক কৰা ব্যৱসায়ীকেইজন হৈছে ক্ৰমে হজৰত আলী, মোস্তাফিজৰ সেখ আৰু আব্দুল বাৰেক ৷ তিনিওৰে ঘৰ চাপৰৰ পুঠিমাৰী শিমলাবাৰীত বুলি জানিব পৰা গৈছে ৷

তাৰোপৰি ড্ৰাগছ ব্যৱসায়ী তিনিজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে এখন বিলাসী বাহন, নগদ ১১ হাজাৰ টকা আৰু তিনিটা মোবাইল ফোন ৷ জব্দকৃত AS-18-A-8466 নম্বৰৰ বাহনখনেৰে চাপৰৰ পৰা বিলাসীপাৰাত বিক্ৰী কৰিবলৈ আনিছিল নিচাজাতীয় সামগ্ৰীখিনি ৷ আনহাতে, ধৃত ড্ৰাগছ ব্যৱসায়ী তিনিজনৰ পৰা অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰখিছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

আৰু পঢ়কঃ অসম কন্যালৈ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.