ধেমাজি, 17 ফেব্ৰুৱাৰী: বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত ধেমাজি জিলা যুৱ কংগ্ৰেছৰ সম্পাদিকা চয়নিকা দাসে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বাবুল সোণোৱালৰ বিৰুদ্ধে উত্থাপন কৰিছে কেতবোৰ গুৰুতৰ অভিযোগ ৷ অকল অভিযোগেই নহয়, মঙলবাৰে ধেমাজি সদৰ আৰক্ষী থানাত সোণোৱালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে যুৱ কংগ্ৰেছৰ সম্পাদিকা গৰাকীয়ে ৷
উত্থাপিত অভিযোগ অনুসৰি, বিগত 14 ফেব্ৰুৱাৰীত শিৱসাগৰত ৰাহুল গান্ধীৰ উপস্থিতিত অনুষ্ঠিত হৈ যোৱা কংগ্ৰেছৰ জনসভাৰ ৰাজহুৱাকৈ মহিলা কংগ্ৰেছ কৰ্মীগৰাকীক উদ্দেশ্যি অশ্লীল বাক্যবাণ প্ৰয়োগ কৰিছিল বাবুল সোণোৱালৰ লগতে আৰু তেওঁৰ ব্যক্তিগত বাহনৰ চালক ভদ্ৰ সোণোৱালে ৷ তাৰে পৰিপ্ৰেক্ষিতত অপমানবোধ কৰি মহিলা নেত্ৰীগৰাকীয়ে দাখিল কৰে এজাহাৰ ৷
ইফালে, সমাগত নিৰ্বাচনৰ বাবে ধেমাজি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিতৰত টিকটৰ অন্যতম দাবীদাৰ বাবুল সোণোৱালৰ বিৰুদ্ধে খোদ দলীয় কৰ্মীয়ে এজাহাৰ দাখিল কৰাক কেন্দ্ৰ কৰি চৰ্চাৰ ঢৌ অব্যাহত আছে ৰাজনৈতিক মহলত ৷
লগতে পঢ়ক: বিশ্বকৰ্মাৰ লগত কোনে তুলনা কৰিলে হিমন্ত বিশ্ব শৰ্মাক !