ব্যুৰ ৰিপ'ৰ্ট, 31 জুলাইঃ ৰাজ্যত আৰক্ষীৰ মৌনতাৰ সুযোগ লৈ চোৰে চলাই গৈছে তাণ্ডৱ ৷ নিশাৰ আন্ধাৰৰ সুযোগ লৈ নহয় আৰক্ষীক চেলেঞ্জ কৰি দিনৰ পোহৰত চোৰে চলাইছে লুটপাত ৷ জোনাইৰ কাৰ্পুনপুলি গাঁৱত বুধবাৰে লীলা কান্ত পেগু নামৰ এজন আৰক্ষী জোৱানৰ ঘৰত মানুহ নথকাৰ সুযোগ লৈ দিন দুপৰতে লুণ্ঠন চলাই চোৰে ৷ দাৰে আলমাৰি ভাঙি সোণৰ খাৰু, 3 টা সোণৰ আঙুঠি আৰু নগদ ধন লৈ উধাও হয় চোৰ লগতে লণ্ড ভণ্ড কৰি থৈ যায় কোঠাটোত থকা কাপোৰ কানি আজবাব আদি ৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষী জোৱানজনে জোনাই আৰক্ষীক অৱগত কৰাৰ লগতে এখন এজাহাৰ দাখিল কৰে ৷
আনহাতে তিতাবৰটো চোৰে টোপনি হৰিছে স্থানীয় ৰাইজৰ লগতে আৰক্ষীৰ ৷ মঙলবাৰে তিতাবৰত বজাৰৰ সাপ্তাহিক বন্ধৰ সময়ছোৱাত তিতাবৰ ন আলিৰ "পি এণ্ড জি এন্টাৰ প্ৰাইজ"ৰ তলা ভাঙি চোৰে লুটি লৈ যায় নগদ 35000 হাজাৰ টকাৰ লগতে কেইবাটাও মোবাইল ফোন ৷ ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও আৰক্ষীয়ে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই ৷