ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ বালিচৰৰ 3000 বিঘা মাটিত অৰণ্য সৃষ্টিৰ লক্ষ্য ধেমাজিবাসীৰ

বানপানী আৰু গৰাখহনীয়া হৈ নদীৰ বুকুত জাহ যোৱা ভূমিত ধেমাজিবাসীৰ অৰণ্য সৃষ্টিৰ লক্ষ্য ৷ হাজাৰ-হাজাৰ মূল্যৱান গছৰ পুলি ৰোপন কৰি সূচনা কৰিছে সেউজ বিপ্লৱৰ ৷ ৰাইজৰ এই প্ৰচেষ্টাক উষ্ম আদৰণি বিধায়ক ৰণোজ পেগুৰ ৷

author img

By

Published : May 8, 2020, 11:25 AM IST

Updated : May 8, 2020, 2:06 PM IST

Start forest in dmaji people
ব্ৰহ্মপুত্ৰৰ বালিচৰত ধেমাজিবাসীয়ে 300 বিঘা মাটিত অৰণ্য সৃষ্টিৰ লক্ষ্য

ধেমাজি, 8 মে' : লক্ ডাউনৰ মাজতেই ধেমাজিত সেউজ বিপ্লৱৰ সূচনা ৷ ব্ৰহ্মপুত্ৰৰ বালিচৰত তিনি হাজাৰ বিঘা ভূমিত অৰণ্য সৃষ্টি কৰিব চিচিমু বাসীয়ে ৷

ধেমাজি জিলাৰ পিছপৰা বৃহত্তৰ চিচিমুখ আৰু নামনি চিচিটঙানী অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ সুঁতি চিচি নৈৰ বালিচৰত মিচিং জাতীয় সংগঠন টি এম পিকে আৰু গাওঁ পঞ্চায়তৰ সহযোগত স্থানীয় ৰাইজে প্ৰতিদিনে ৰোপন কৰিছে হাজাৰ-হাজাৰ গছপুলি ৷

দীৰ্ঘদিনীয়া বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰি জাহ যোৱা কৃষি ভূমিত ৰোপন কৰিছে শিমলু, চেগুনকে আদি কৰি বহুতো মূল্যৱান গছৰ পুলি ৷

শুকুৰবাৰে তেওঁলোকে সৃষ্টি কৰা এই অৰণ্য ভূমি পৰিদৰ্শন কৰে বিধায়ক ৰণোজ পেগুৱে ৷ বিধায়ক গৰাকীয়ে প্ৰায় 4 কিল'মিটাৰ খোজকাঢ়ি উপস্থিত হয় এই দুৰ্গম অঞ্চলটোত ৷

ৰাইজৰ এই প্ৰচেষ্টাত বিধায়ক গৰাকী গুণমুগ্ধ হোৱাৰ লগতে সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে অঞ্চলবাসীক ৷

লগতে পঢ়ক : অৰুণাচলৰ পৰা ওদালগুৰি সীমান্তৰে অসমত প্ৰৱেশ শতাধিক লোকৰ

Last Updated : May 8, 2020, 2:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.