ETV Bharat / state

অৰুণাচল সীমান্তত হাতী দাঁতসহ আটক চোৰাং ব্যৱসায়ী - অসম অৰুণাচল সীমান্ত

জোনাইত কেবালক্ষাধিক মূল্যৰ ৭টা চোৰাং হাতীদাঁত, এটা বন্দুক আৰু ৭ টা কাৰ্টিজ উদ্ধাৰ (Elephant tusk seized at Jonai) ৷ জোনাই আৰক্ষী অভিযানত দুজন অৰুণাচলী চোৰাং ব্যৱসায়ীক আটক (Arunachali smugglers arrested in Jonai) ৷

Smugglers arrested with ivory
Smugglers arrested with ivory
author img

By

Published : Aug 24, 2022, 7:15 PM IST

জোনাই, 24 আগষ্ট: জোনাই আৰক্ষীয়ে অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে (Police operation against smugglers at Jonai) ৷ ধেমাজি জিলাৰ জোনাইৰ অসম-অৰুণাচল সীমান্তত মঙলবাৰে নিশাৰে পৰা জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়াৰ নেতৃত্বত এটা দলে অভিযান চলায় ৷ দীৰ্ঘ সময়ৰ বাবে চলোৱা অভিযানৰ অন্তত আজি প্ৰায় পুৱা প্ৰায় ৮.৩০ বজাত লক্ষী নেপালী বস্তিত বিক্ৰীৰ বাবে অনা হাতীৰ দাঁতসহ দুজন অৰুণাচলী চোৰাং ব্যৱসায়ীক আটক কৰে (Smugglers arrested with elephant tusks) ।

অসম অৰুণাচল সীমান্তত হাতী দাঁতসহ আটক চোৰাং ব্যৱসায়ী

দুয়োজন অৰুণাচলী চোৰাং ব্যৱসায়ীৰ পৰা জব্দ হয় এখন চুইফ ডিজায়াৰ, ৭টা হাতী দাঁত, এটা দুনলীয়া বন্দুক, ৭ টা কাৰ্টিজ, তিনিটা ম’বাইলসহ কিছু আপত্তিজনক নথি-পত্ৰ (Elephant tusks smuggling at Jonai)। চোৰাং চিকাৰী দুজন হ’ল অৰুণাচলৰ প্ৰদেশৰ পূৱ চিয়াং জিলাৰ চিলে থানাৰ অন্তৰ্গত অঞ্চলৰ টাডে জামহ আৰু টাগে ৰিনা ৷ জব্দ হোৱা চোৰাং হাতী দাঁতসমূহ পৰীক্ষাৰ বাবে জোনাই বন বিভাগক খবৰ দিয়ে আৰক্ষীয়ে ৷

বন বিভাগৰ পৰীক্ষাৰ অন্তত জোনাই থানালৈ লৈ আহে জব্দকৃত চোৰাং হাতী দাঁতসমূহ ৷ এই হাতী দাঁতসমূহৰ বজাৰ মূল্য পাঁচ লাখৰো অধিক বুলি জানিবলৈ দিয়ে জোনাইৰ আৰক্ষী বিষয়া ভাৰ্গমুনি দাসে ৷

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি অসম-অৰুণাচল সীমান্তত হাতীৰ দাঁতৰ চোৰাং ব্যৱসায় চলি থকাৰ বিষয়ে পোৱা গোপন তথ‍্যৰ ভিত্তিত অভিযান চলাইছিল জোনাই আৰক্ষীৰ দলটোৱে (Police operation against ivory smuggler)। উক্ত হাতী দাঁতৰ চোৰাং সৰবৰাহকাৰী দলত জোনাইৰ স্থানীয় ব্যক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে জোনাই আৰক্ষীয়ে । হাতী দাঁতৰ চোৰাং সৰবৰাহকাৰী দুজনক তদন্তৰ বাবে বৰ্তমান জোনাই আৰক্ষীৰ জিম্মাত ৰখা হৈছে ৷

লগতে পঢ়ক: অসমত এটা দশকত শতাধিক বনৰীয়া হাতীৰ অকাল মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.