ETV Bharat / state

Science Exhibition 2022: চিমেন চাপৰি বাথৌ ইংলিছ স্কুলত বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠান - চিমেন চাপৰি অহৌম বৌঢ়ায় বাথৌ ইংলিছ বিদ্যালয়

বিজ্ঞান মানসিকতা বৃদ্ধিৰে উদ্ভাৱনী শক্তি বিকাশ ঘটোৱাৰ লক্ষ্য আগত ৰাখি জোনাই মহকুমাৰ অন্যতম বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান চিমেন চাপৰি অহৌম বৌঢ়ায় বাথৌ ইংলিছ বিদ্যালয়ে আয়োজন কৰিছে এক বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠানৰ (Science Exhibition 2022) ৷ প্ৰদৰ্শনীমূলক অনুষ্ঠানটোত ভাগ লয় পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ বিজ্ঞান প্ৰদৰ্শনীৰ এই অনুষ্ঠানটো ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ সুপ্ত বিজ্ঞান মানসিকতাক বাস্তৱায়িত কৰি সত্তৰটা বিভিন্ন প্ৰজেক্ট উদ্ভাৱন কৰি প্ৰদৰ্শন কৰিলে বিজ্ঞান প্ৰদৰ্শনীখনত ।

Science Exhibition held at Bwrai Bathou English School Simen Chapori in Jonai
চিমেন চাপৰি বাথৌ ইংলিছ স্কুলত বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠান
author img

By

Published : Dec 19, 2022, 4:07 PM IST

চিমেন চাপৰি বাথৌ ইংলিছ স্কুলত বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠান

জোনাই, 19 ডিচেম্বৰ: মানুহ হ’ল চিন্তাশীল প্ৰাণী । অৰ্থাৎ যাৰ আছে বিভিন্ন বিষয়ত চিন্তা কৰিব পৰা ক্ষমতা ৷ এই গুণৰ বলতেই মানুহে অতীতৰে পৰা প্ৰকৃতিক বিশ্লেষণ আৰু অনুধাৱন কৰি প্ৰাকৃতিক নিয়মসমূহ নিজৰ তথা সমাজৰ কল্যাণৰ বাবে প্ৰয়োগ কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে । মানুহৰ এই প্ৰচেষ্টাই, অৰ্থাৎ প্ৰকৃতিৰ অধ্যয়নেই হ’ল বিজ্ঞান (Science and technology) ।

প্ৰকৃতিক অধ্যয়ন কৰি ইয়াৰ ৰহস্য উদঘাটন কৰাৰ লগত জড়িত হৈ থকা বিশেষ পদ্ধতিয়েই হ'ল বৈজ্ঞানিক পদ্ধতি । সাধাৰণভাৱে ক'বলৈ গ'লে, বৈজ্ঞানিক পদ্ধতি হ'ল প্ৰধানকৈ এটা পৰীক্ষা-নিৰীক্ষাভিত্তিক পদ্ধতি । এই পদ্ধতিৰ সহায়ত প্ৰকৃতিৰ ঘটনা-পৰিঘটনা, প্ৰাকৃতিক উপাদান আদি বিশ্লেষণ কৰি সত্যৰ সন্ধান কৰা হয় ।

বিজ্ঞান মানসিকতা বৃদ্ধিৰে উদ্ভাৱনী শক্তি বিকাশ ঘটোৱাৰ লক্ষ্য আগত ৰাখি জোনাই মহকুমাৰ অন্যতম বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান চিমেন চাপৰি অহৌম বৌঢ়ায় বাথৌ ইংলিছ বিদ্যালয়ে হাতত লয় এক প্ৰশংসনীয় পদক্ষেপ (Bwrai Bathou English School Simen Chapori) ৷ উদ্ভাৱনী শক্তি বিকাশ ঘটোৱাৰ লক্ষ্যৰে বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানটোৱে আজি অৰ্থাৎ সোমবাৰে আয়োজন কৰে এক বিজ্ঞান প্ৰদৰ্শনীৰ (Science Exhibition 2022) ৷

সম্ভাৱনা থকা বিজ্ঞান বিষয়ক বিভিন্ন উদ্ভাৱনীমূলক পৰীক্ষা হ’ব পৰা প্ৰদৰ্শনীমূলক অনুষ্ঠানটোত ভাগ লয় পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ সুপ্ত বিজ্ঞান মানসিকতাক বাস্তৱায়িত কৰি সত্তৰটা বিভিন্ন প্ৰজেক্ট উদ্ভাৱন কৰি প্ৰদৰ্শন কৰে । অনুষ্ঠানটোত চিমেন চাপৰি অহৌম বৌঢ়ায় বাথৌ ইংলিছ বিদ্যালয়ৰ অধ্যক্ষ বিদ্ধেশ্বৰ দৈমাৰী, বিদ্যালয়ৰ শৈক্ষিক তত্বাৱধায়ক ললিত চন্দ্ৰ বড়ো, চমকং হাইস্কুলৰ প্ৰধান শিক্ষক হৰজিৎ ৰায়চৌধুৰী প্ৰমুখ্যে বহু সংখ্যক শিক্ষক উপস্থিত থাকে ।

ছাত্ৰ-ছাত্ৰীসকলে সৌৰশক্তিৰে ভেকুৱাম ক্লিনাৰ, বায়ু প্ৰদূষণ ৰোধ কৰা, জলচক্ৰ উৎপাদন, আগ্নেয়গিৰি, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰা কৌশল, বৰষুণৰ পানী সংৰক্ষণ কৰা পদ্ধতি, পুনৰ বনানীকৰণ, জল প্ৰদূষণ ৰোধ কৰা পদ্ধতি, এচিড বৰষুণ, মডেল সেউজ নগৰীকৰণ, বিনামূলীয়া বিদ্যুৎ উৎপাদন পদ্ধতি, ভূমি সংৰক্ষণ, ছেটেলাইট কমিউনিকেচন,শক্তি উৎপাদনৰ দ্বাৰা জেচিবি নিৰ্মাণ আদি বিভিন্ন প্ৰজেক্ট নিৰ্মাণ কৰি উলিয়াই (Science Exhibition in Jonai) ৷

উল্লেখ্য যে বিজ্ঞান প্ৰদৰ্শনীৰ এই অনুষ্ঠানত অভিভাৱকসকল উপস্থিত থাকি কণ কণ ছাত্ৰ-ছাত্ৰীসকলে উদ্ভাৱন কৰা বিভিন্ন প্ৰজেক্টসমূহ প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰা বুলি কৰিলে মন্তব্য । বিদ্যালয়খনৰ অধ্যক্ষ বিদ্ধেশ্বৰ দৈমাৰীয়ে বিজ্ঞান প্ৰদৰ্শনীৰ এই অনুষ্ঠানটোত উপস্থিত থাকি কলে, সাম্প্ৰতিক সময় বিজ্ঞান প্ৰযুক্তিৰ দিন ।

প্ৰতিটো ক্ষেত্ৰতে বিজ্ঞান প্ৰযুক্তিৰ প্ৰয়োজন আহি পৰিছে ৷ সেয়েহে স্কুলীয়া অৱস্থাৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান মানসিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি যাতে নিজৰ নিজৰ সুপ্ত প্ৰতিভাসমূহ উদ্ভাৱনী চিন্তা চৰ্চাৰে আৱিষ্কাৰ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ পৰৱৰ্তী সময়ত ইয়াক আৰু অধিক পৰিসৰত অনুষ্ঠিত কৰা হ’ব বুলি মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে ।

লগতে পঢ়ক: Apiculture farming at West Bengal: অসমত মৌ পালনেৰে স্বাৱলম্বী পশ্চিমবংগৰ মৌ-পালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.