ধেমাজি, 11 ফেব্ৰুৱাৰী : চ্যুকাফাৰ দ্বিতীয় ৰাজধানী হাবুং নে চৰগুৱা ? এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ধেমাজিৰ বিশিষ্ট সাহিত্যিক তথা পেঞ্চনাৰ উমেশ চেতিয়াই (Reaction of prominent literary figure regarding Ahom kingdom) ৷ উল্লেখ্য যে, বিগত ৩১ জানুৱাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই হাবুঙত উপস্থিত হৈ(CM Himanta on Habung) হাবুঙ চ্যুকাফাৰ দ্বিতীয় ৰাজধানী বুলি মন্তব্য কৰে(CM Himanta Biswa Sharma's Habung controversy) ৷
মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে শিৱসাগৰ জিলাৰ বিভিন্ন দল সংগঠনৰ লগতে ডিমৌৰ চৰ'গুৱাবাসীয়ে মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক স্বীকৃতিক প্ৰত্যাহ্বান জনাই চৰ'গুৱাহে প্ৰকৃততে আহোমৰ দ্বিতীয় ৰাজধানী বুলি দাবী কৰাৰ লগতে একাংশই প্ৰতিবাদো সাব্যস্ত কৰে ৷
চৰ'গুৱাবাসীৰ এই উদ্ভট দাবীক লৈ ইতিমধ্যে ধেমাজিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ হাবুং উন্নয়ন পৰিচালনা সমিতিৰ উপৰি ধেমাজিৰ বৌদ্ধিক সমাজে দাবী কৰা অনুসৰি প্ৰকৃততে ১২৩৯ খৃষ্টাব্দত চ্যাওলুং চ্যুকাফ্যাই ধেমাজিৰ হাবুঙত দ্বিতীয়খন ৰাজধানী(Second Capital of Ahom kingdom)স্থাপন কৰিছিল আৰু ১২৪৪ খৃষ্টাব্দলৈ এই হাবুঙতে ৰাজকাৰ্য পৰিচালনা কৰিছিল ৷
ইয়াৰ সাক্ষী বৰ্তমানৰ হাবুঙৰ প্ৰায় ২৮২ বিঘা মাটিত থকা কেইবাটাও মৈদাম , কেইবাটাও পুখুৰী , হাবুঙক আগুৰি থকা ভিতৰ গড় , বাহিৰ গড় ইত্যাদি সেয়ে সকলো পক্ষকে এই সন্দৰ্ভত বিতৰ্ক নকৰি সংযম ৰাখিবলৈ কাঁতৰে অনুৰোধ জনাইছে বিশিষ্ট সাহিত্যিক উমেশ চেতিয়াই ৷
লগতে পঢ়ক : আজি হাবুঙত চাওৰেন আৰু হলুংহফি মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে