ETV Bharat / state

ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ স্বাস্থ্যৰ আৰোগ্য কামনাৰে বড়ো জাতীয় সংগঠনৰ সমূহীয়া প্ৰাৰ্থনা - ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম

বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য একাডেমী বঁটা প্ৰাপক ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ স্বাস্থ্যৰ আৰোগ্য কামনাৰে চিমেন চাপৰিত বড়ো জাতীয় সংগঠনৰ উদ্যোগত সমূহীয়া প্ৰাৰ্থনা আৰু বন্তি প্ৰজ্বলন অনুষ্ঠান অনুষ্ঠিত হয় । সম্প্ৰতি চিলিগুৰীৰ মলয় হস্পিতালত চিকিৎসাধীন অৱস্থাত আছে ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম ।

বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ স্বাস্থ্যৰ অৱনতি, আৰোগ্য কামনাৰে বড়ো জাতীয় সংগঠনৰ সমূহীয়া প্ৰাৰ্থনা
author img

By

Published : Oct 12, 2019, 6:16 PM IST

Updated : Oct 12, 2019, 8:55 PM IST

জোনাই, ১২ অক্টোবৰঃ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য একাডেমী বঁটা প্ৰাপক, বিশিষ্ট শিক্ষাবিদ ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনাৰে চিমেন চাপৰি এছবি বড়ো হাইস্কুল খেলপথাৰত বড়ো জাতীয় সংগঠনসমূহৰ উদ্যোগত সমূহীয়া প্ৰাৰ্থনা আৰু বন্তি প্ৰজ্বলন অনুষ্ঠান অনুষ্ঠিত হয় ।

বিশিষ্ট লেখক, সাহিত্যিক গৰাকী উচ্চ ৰক্তচাপজনিত কাৰনত ২৯ ছেপ্টেম্বৰত চিলিগুৰীৰ মলয় হাস্পতাল আৰু ৰিচাৰ্ছ চেন্টাৰত ভৰ্তি কৰোৱা হয় | সম্প্ৰতি চিকিৎসাধীন অৱস্থাত থকা ব্ৰহ্মৰ আশুআৰোগ্য কামনাৰে অনুষ্ঠিত কৰা হয় সমূহীয়া প্ৰাৰ্থনা আৰু বন্তি প্ৰজ্বলন অনুষ্ঠানৰ । ধেমাজি জিলা ইউবিপিঅৰ সাধাৰণ সম্পাদক দিপাংকৰ নাৰ্জাৰীয়ে আঁত ধৰা এই অনুষ্ঠানত ইউবিপিঅৰ সভাপতি মিহিনিশ্বৰ বসুমতাৰীয়ে বিশিষ্ট সাহিত্যিক গৰাকীৰ জীৱন দৰ্শন আৰু কৰ্মৰাজিৰ ওপৰত চমু বক্তব্য ৰাখে |

বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ স্বাস্থ্যৰ অৱনতি, আৰোগ্য কামনাৰে বড়ো জাতীয় সংগঠনৰ সমূহীয়া প্ৰাৰ্থনা

উল্লেখ্য যে, কোকৰাঝাৰৰ বনৰগাওঁ বড়ো হাইস্কুলৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মই । তাৰোপৰি বড়ো সাহিত্য সভাৰ দুটা কাৰ্যকালৰ সভাপতি আছিল ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম । কবিতা পুথি " অক্ৰাং গংছে নাংগৗ" আং ফৈ ফিংগৗন" চান মৗখাঙৰী বিবাৰ জানানৈ," বিবাৰ গাওদাং আৰু গদ্যপুথি ৰাইথামালা, থুনলাই আৰু চানশ্ৰী, ৰাইথাইহালা, খুনথাই বাইদি বাইদি, থুনলাই আৰু থুনলাই, নৗজৗৰ আৰু চানশ্ৰী ৰচনা কৰে ব্ৰহ্মই | ইতিমধ্যে তেখেতৰ কবিতা বিদ্যালয়, মহাবিদ্যালয়ৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হৈছে | 'বাইদি দেংখৗ বাইদি' কবিতা পুথিৰ বাবে ২০১৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে সাহিত্যিক গৰাকীয়ে |

Intro:Body:বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য একাডেমী বঁটা প্ৰাপক ব্ৰজেন কুমাৰ ব্ৰহ্মৰ স্বাস্থ্যৰ আৰোগ্য কামনাৰে চিমেন চাপৰিত বড়ো জাতীয় সংগঠনৰ উদ্যোগত সমূহীয়া প্ৰাৰ্থনা, বন্তি প্ৰজ্বলন

বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য একাডেমী, টেগৰ সাহিত্য বঁটা, সোমেশ্বৰী ব্ৰহ্ম সাহিত্য বঁটা প্ৰাপক বিশিষ্ট শিক্ষাবিদ ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনাৰে আজি চিমেন চাপৰি এছবি বড়ো হাইস্কুল খেলপথাৰত বড়ো জাতীয় সংগঠনসমূহৰ উদ্যোগত সহস্ৰধিক শুভাকাংক্ষীৰ উপস্থিতত সমূহীয়া প্ৰাৰ্থনা আৰু বন্তি প্ৰজ্বলন কাৰ্য্যসুচী ৰূপায়ণ কৰে|

কোকৰাঝাৰৰ বনৰগাওঁ  বড়ো হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বড়ো সাহিত্য সভাৰ দুটা কাৰ্যকালৰ সভাপতি ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মই কবিতা পুথি " অক্ৰাং গংছে নাংগৗ" আং ফৈ ফিংগৗন" চান মৗখাঙৰী বিবাৰ জানানৈ," বিবাৰ গাওদাং আৰু গদ্যপুথি ৰাইথামালা, থুনলাই আৰু চানশ্ৰী, ৰাইথাইহালা, খুনথাই বাইদি বাইদি, থুনলাই আৰু থুনলাই, নৗজৗৰ আৰু চানশ্ৰী ৰচনা কৰে| তেখেতৰ কবিতা বিদ্যালয়, মহাবিদ্যালয়ৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হৈছে | বাইদি দেংখৗ বাইদি কবিতা পুথিৰ বাবে ২০ ১৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে সাহিত্যিক গৰাকীয়ে |

বিশিষ্ট লেখক, সাহিত্য গৰাকীৰ উচ্চ ৰক্তচাপজনিত  কাৰনত স্বাস্থ্যৰ অৱনতি ঘটাত ২৯ ছেপ্টেম্বৰত চিলিগুৰীৰ মলয় হস্পিতাল আৰু ৰিচাৰ্ছ চেন্টাৰত ভৰ্তি কৰোৱা হয় | সম্প্ৰতি চিকিৎসাধীন অৱস্থাত থকা ব্ৰহ্মৰ আওআৰোগ্য কামনা কৰি অনুষ্ঠিত কৰা সমূহীয়া প্ৰাৰ্থনা আৰু বন্তি প্ৰজ্বলন অনুষ্ঠানৰ আঁত ধৰে ধেমাজি জিলা ইউবিপিঅৰ সাধাৰণ সম্পাদক দিপাংকৰ নাৰ্জাৰীয়ে| ইউবিপিঅৰ সভাপতি মিহিনিশ্বৰ বসুমতাৰীয়ে কাৰ্য্যসুচীত অংশ লৈ বিশিষ্ট সাহিত্যিক গৰাকীৰ জীৱন দৰ্শন, কৰ্মৰাজী ওপৰত চমু বক্তব্য ৰাখে |

ধেমাজি জিলা ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, ধেমাজি জিলা বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক সুশীল বসুমতাৰী, জোনাই জিলা বড়ো সাহিত্য সভাৰ সভাপতি সোনেশ্বৰ বসুমতাৰী, এবছুৰ নেতা লখেন বসুমতাৰী, হিৰণ্য স্বৰ্গীয়াৰী, আবৌফৰ ভাৰতী ব্ৰহ্ম, সোভাৰানী বসুমতাৰী, মাধুৰী বসুমতাৰী, ইউবিপিঅৰ সম্পাদক শুক্ৰেশ্বৰ গয়াৰী, অধ্যক্ষা সৌমশ্ৰী বড়ো, বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি চবিন স্বৰ্গীয়াৰী, প্ৰাক্তন বিএলটি কল্যান পৰিষদৰ মলেন্দ্ৰ নাৰ্জাৰী, ইউবিপিঅৰ ৰাতিৰাম বসুমতাৰী, দৈমালু বসুমতাৰী, অনিল বসুমতাৰী, ৰাজু বসুমতাৰী, বাথৌ মহাসভাৰ বিলাম্বৰ খেৰকটাৰী, শিক্ষক বিমল মুছাহাৰী, দাংসৗৰাং ব্ৰহ্ম, বিদ্ধেশ্বৰ দৈমাৰী প্ৰমূখ্যে বহু সংখ্যক সংগঠনৰ নেতা কৰ্মীয়ে অংশ লয়| বড়ো সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যকৰী সদস্য ললিত চন্দ্ৰ বড়োৰ নেতৃত্বত সমূহীয়া প্ৰাৰ্থনা কৰা অনুষ্ঠানত তিনিশ চাকি জ্বলোৱা হয়|

কৰবী দলে জোনাই Conclusion:
Last Updated : Oct 12, 2019, 8:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.