ETV Bharat / state

খৰালিও একাঠু বোকা পানীৰ তলত থকা ধেমাজি নগৰৰ এটা ব্যস্ত পথ - ধেমাজি নগৰ

ধেমাজি নগৰ সমিতিৰ অধীনৰ ৮ নং ৱাৰ্ড তথা কপহুৱা গাঁও হৈ বঙালমাৰী লৈ যোৱা ব্যস্ত পথটোৰ দুৰাৱস্থাই জ্বলা কলা খুৱাইছে পথচাৰী আৰু স্থানীয় ৰাইজক ৷ খৰালিও একাঠু বোকা পানীৰ তলত থকা পথটোক আজিলৈকে ঢুকি নাপালে চৰকাৰখনৰ পৰিৱৰ্তনে ৷

poor road condition of dhemaji town
খৰালিও একাঠু বোকা পানীৰ তলত থকা ধেমাজি নগৰৰ এটা ব্যস্ত পথ
author img

By

Published : Dec 24, 2020, 10:09 AM IST

Updated : Dec 24, 2020, 10:18 AM IST

ধেমাজি, 24 ডিচেম্বৰ: খৰালিও একাঠু বোকা পানীৰ তলত থকা ধেমাজি নগৰৰ এটা ব্যস্ত পথ ৷ পথটোৰ দুৰৱস্থাই জ্বলা কলা খুৱাইছে পথচাৰী আৰু স্থানীয় ৰাইজক ৷ পৰিৱৰ্তনৰ কথা কৈ কৈ চৰকাৰখনেও পাঁচটা বছৰ অতিক্ৰম কৰিলে ৷ কিন্তু পৰিৱৰ্তনে ঢুকি নাপালে ধেমাজি নগৰ সমিতিৰ অধীনৰ ৮ নং ৱাৰ্ড তথা কপহুৱা গাঁও হৈ বঙালমাৰী লৈ যোৱা ব্যস্ত পথটো ৷ ডিচেম্বৰ,জানুৱাৰী মাহলৈকে নুশুকালে বাৰিষাৰ পানী ৷ মাজ পথৰ দ গাঁতত জমা হোৱা পানীয়ে হাৰাশাস্তি কৰিছে অঞ্চলটোৰ ৰাইজক ৷

খৰালিও একাঠু বোকা পানীৰ তলত থকা ধেমাজি নগৰৰ এটা ব্যস্ত পথ

পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰৰ লগতে ধেমাজি নগৰ সমিতিৰ কাম কাজো অতিকৈ সন্দেহজনক ৷ বছৰৰ আটাইকেইটা দিন চৰকাৰী আৱাস গৃহ আৱণ্টনৰ হিতাধিকাৰীসকলৰ বিসংগতিৰ তালিকা প্ৰস্তুত কৰি থাকোতেই দিন যায় ৷ কিন্তু পথটো মেৰামতিৰ বাবে কোনো গুৰুত্ব নাই ৷ সেয়েহে সংশ্লিষ্ট চৰকাৰী কোনো এটা বিভাগে পথটোত সুদৃষ্টি প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: নামৰূপত কা বাতিলৰ দাবীৰে আছুৰ উত্তাল প্ৰতিবাদ

Last Updated : Dec 24, 2020, 10:18 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.