ETV Bharat / state

Dilapidated road in Jonai:বিধ্বস্ত পথে অতিষ্ঠ কৰিছে জোনাইৰ অসম অৰুণাচল সীমান্তৰ ৰাইজক - Poor development in Jonai

চৰকাৰী উন্নয়ণৰ আঁচনিয়ে ঢুকি পোনা নাই জোনাইৰ ছিগা গাঁও পঞ্চায়তক (Siga Gram Panchayat in Jonai deprived from development Schemes) । বোকা পানী গচকি অঞ্চলটোৰ ৰাইজে কৰিছে যাতায়ত । বিধ্বস্ত পথেৰেই দশক দশক ধৰি জোনাই সদৰলৈ যাতায়ত কৰি আহিছে ৰাইজে । ৰাইজৰ দাবীৰ পিছতো ৰায়াং, ৰাজাখানা,ডেতাক নদীত নিৰ্মাণ নহ'ল দলং ।

Dilapidated road in Assam Arunachal border
আঁচনিয়ে ঢুকি নোপোৱা জোনাইৰ ছিগা গাঁও পঞ্চায়ত
author img

By

Published : Feb 26, 2023, 9:09 PM IST

আঁচনিয়ে ঢুকি নোপোৱা জোনাইৰ ছিগা গাঁও পঞ্চায়ত

জোনাই, ২৬ ফেব্ৰুৱাৰী: ধেমাজি জিলাৰ জোনাইৰ এটা বৃহৎ অঞ্চলৰ ১০খন গাঁৱৰ ৰাইজক এতিয়াও ঢুকি পোৱা নাই চৰকাৰী আঁচনিয়ে (Poor development in Jonai)। অসম-অৰুণাচল সীমান্ত অঞ্চল জোনাইৰ ৰাজাখানা গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱৰ ৰাইজে আদিও বঞ্চিত হৈ আছে চৰকাৰী সা-সুবিধাৰ পৰা (Dilapidated road in Assam Arunachal border) । জোনাই বিধানসভা সমষ্টিৰ ছিগা, ৰাজাখানা, জোনাই গাঁও পঞ্চায়তৰ যাতায়ত ব্যৱস্থা আজিও সুচল নোহোৱাত ৰাইজে দুৰ্ভোগ ভুগি আহিছে ।

অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ৰাজগড় আলিৰ পৰা ছিগা গাঁও পঞ্চায়তৰ চিৰা খোৱা,২ নং উদয়পুৰ, সন্তপুৰ,২ নং মাইনাওপুৰ,১ নং ছিংগাপুৰ,১ নং উদয়পুৰ,১ নং,২ নং,৩ নং লাডাংগুৰী,থাইগিৰগুৰী ৰাজাখানা গাঁও পঞ্চায়তৰ বালিজান,সোনাপুৰ সোণাপুৰ অসমীয়া, ডেবিং মিচিং, ঈশ্বৰ পথাৰ,কঠালগুৰী, ৰাবাংগুৰী, ১ নং, ২ নং ৰাজাখানা,বালিজান,ৰায়াং সন্থাপাৰা,দৰুৱাবস্তি,ৰায়াং কাঠনি, ৰায়াং মিলনপুৰ,শান্তিপুৰ,জোনাই গাঁও পঞ্চায়তৰ বালাবাৰী,হাতীজান গাঁও হৈ গৌজৌনপুৰ তিনিআলি সংযোগী পথছোৱা শোচনীয় হৈ আছে । ফলত কেবাটাও দশক ধৰি সমষ্টিটোৰ তিনিখন গাঁও পঞ্চায়তৰ জনসাধাৰণে জৰাৰ্জীণ পথৰ মাজেৰে জোনাই মহকুমা সদৰলৈ যাতায়ত কৰিব লগা হৈছে । ১৯৭৯ চনত গঠন হোৱা জোনাই মহকুমা আৰু ১৯৭৮ চনত জোনাই বিধানসভা সমষ্টি গঠনৰ চাৰিটা দশকৰ পাছতো জোনাই মহকুমা সদৰলৈ দুৰ্বিষহ যাতায়ত কৰিব লগা হৈছে ১১৪ নং জোনাই (জনজাতি) বিধানসভা সমষ্টিৰ ছিগা, ৰাজাখানা আৰু জোনাই সদৰতে লাগি থকা জোনাই গাঁও পঞ্চায়তৰ গঞা ৰাইজে ।

উল্লেখ্য় যে ছিগা গাঁও পঞ্চায়তৰ চিৰাখোৱা গাঁৱৰ সমীপৰ অসম-অৰুণাচল প্ৰদেশৰ ৰাজগড় আলিৰ পৰা ৰাজাখানা গাঁও পঞ্চায়তৰ বহুকেইখন গাঁৱৰ মাজেৰে জোনাই গাঁও পঞ্চায়তৰ বালাবাৰী, হাতীজান হৈ গৌজৌনপুৰ তিনিআলি সংযোগী পথৰ মাজত থকা ডেতাক নদী, ৰাজাখানা নদী, শুকান নলা, মেনজেক নলাৰ ওপৰত দলং নিৰ্মাণ কৰা হোৱা নাই । এই পথছোৱাৰ মাজে মাজে থকা সৰু-বৰ নলাৰ ওপৰতো কালভাৰ্ট নিৰ্মাণ হোৱা নাই । ফলত বছৰৰ সকলো সময়তে বিপদজনকভাৱে যাতায়ত কৰি আহিছে অঞ্চলটোৰ ৰাইজে । উক্ত পথছোৱাৰ জোনাই গাঁও পঞ্চায়তৰ হাতীজান তিনিআলিৰ পৰা বালাবাৰীলৈকে দুই দশক পূৰ্বে পকীকৰণ কৰা হৈছিল যদিও অতি ঠেক পথছোৱা বৰ্তমান জহিখহি যাবলৈ ধৰিছে । পথছোৱা পকীকৰণ নোহোৱাৰ লগতে পথত থকা নদ-নদী, নলাৰ ওপৰত দলং,কালভাৰ্ট নথকাৰ ফলত ছিগা আৰু ৰাজাখানা গাঁও পঞ্চায়তৰ অধিকাংশ গাঁৱৰ ৰাইজে প্ৰায় পোন্ধৰ,বিশ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি জোনকাৰেং, বিজয়পুৰ হৈ ১৫ নং ৰাষ্ট্ৰীয় পথেৰে জোনাই সদৰলৈ আহিব লগা হয় । বাৰিষাৰ কথাটো বাদেই খৰালীও সামান্য় বৰষুণতো বৃহত্তৰ অঞ্চলটোৰ গাঁৱৰ ৰাইজে বোকা পানী গচকি যাতায়ত কৰিবলগীয়া হৈছে।

এই ক্ষেত্ৰত গাঁৱৰ ৰাইজে বাৰে বাৰে চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক‌ আবেদন‌ নিবেদন কৰিছে যদিও কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । উল্লেখ্য় যে ছিগা আৰু ৰাজাখানা গাঁও পঞ্চায়তৰ উল্লেখিত গাঁওসমূহৰ মাজত উচ্চ শিক্ষানুষ্ঠান, চিকিৎসালয়, পশু চিকিৎসালয়কে ধৰি কোনো চৰকাৰী অনুষ্ঠান গঢ় লৈ উঠা নাই । ছিগা আৰু ৰাজাখানা গাঁও পঞ্চায়তৰ ৰাইজে দৈনন্দিন জোনাই সদৰলৈ বিভিন্ন কাম কাজৰ লগতে ৰে'ল,দূৰণিবটীয়া বাছত যাতায়ত কৰিবলৈ জোনাইলৈ যাব লগা হয় । উক্ত পথটোৰেই অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ অন্তৰ্গত নাৰী মহকুমালৈও যাতায়ত কৰিব পৰা ব্যৱস্থা আছে যদিও পথটো জৰাৰ্জীণ অৱস্থাতে কেবাটাও দশক ধৰি থকাত অসম অৰুণাচল প্ৰদেশৰ বহু গাঁৱৰ জনসাধাৰণে বিকল্প পথেৰে জোনাইলৈ যাতায়ত কৰি আহিছে । জোনাই মহকুমাৰ তিনিখনকৈ গাঁও পঞ্চায়তৰ গঞা ৰাইজৰ বাবে অতি গুৰুত্বপূৰ্ণ ছিগাৰ চিৰাখোৱাৰ ৰাজগড় আলিৰ পৰা হাতীজান তিনিআলি সংযোগী পথটো পকীকৰণ কৰি যাতায়তত সুচল কৰিবলৈ ৰাইজে চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক;International Knowledge Festival: ২৭ ফেব্ৰুৱাৰীৰ পৰা কোকৰাঝাৰত আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.