ETV Bharat / state

Panchayat President Bribe Case : হিতাধিকাৰীক প্ৰাণে মৰাৰ ভাবুকি পঞ্চায়ত সভাপতিৰ - PMGAY

ধেমাজিৰ মাছখোৱাত হিতাধিকাৰীক মাৰপিটৰ অভিযোগ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে পঞ্চায়ত সভাপতিয়ে লৈছিল উৎকোচ (bribe allegation against Panchayat President) । উৎকোচ লোৱাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ বাবেই হিতাধিকাৰী মঞ্জু দাসক প্ৰহাৰৰ অভিযোগ ।

Dhemaji
Dhemaji
author img

By

Published : Mar 1, 2023, 8:21 PM IST

ধেমাজিত হিতাধিকাৰীক প্ৰহাৰৰ অভিযোগ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে

ধেমাজি, ১ মাৰ্চ : পঞ্চায়তৰ সভাপতিৰ দুৰ্নীতিৰ কথা সংবাদ মাধ্যমৰ আগত মুকলিকৈ উদঙাই দি বিপদ পৰিছে এটি দৰিদ্ৰ হিতাধিকাৰী পৰিয়াল ৷ পঞ্চায়তটোৰ সভাপতিগৰাকীৰ এনে কুকীৰ্তি প্ৰচাৰ হৈছিল ইটিভি ডিজিটেল পৰ্টেলত (Dhemaji Panchayat president bribe allegation case) ৷ যাৰবাবে খৰ্গহস্ত হৈ ৰাজহুৱা স্থানতে অভিযোগকাৰী হিতাধিকাৰী মহিলাক মাৰপিট কৰিবলৈ উদ্যত হয় (panchayat president alleged to beaten beneficiary) ৷ যাৰবাবে ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে গাঁওৰক্ষী বাহিনী আৰু আৰক্ষীৰ ওচৰ চাপিবলৈ বাধ্য হৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, ধেমাজি জিলাৰ মাছখোৱা উন্নয়ন খণ্ডৰ অধীনৰ চিচিমুখ গাঁও পঞ্চায়তত কেইবাটাও দৰিদ্ৰ পৰিয়াল প্ৰধানমন্ত্ৰী আবাস যোজনাৰ পৰা বঞ্চিত হৈ থাকিলগীয়া হৈছে (Pradhan Mantri Gramin Awas Yojana, PMGAY) ৷ পঞ্চায়তটোৰ চিচিকলঘৰৰ চাৰিটা সন্তানৰ মাতৃ মঞ্জু দাস আৰু কলিয়া দাস নামৰ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া দুৰ্ভগীয়া পৰিয়ালটোৱে দীৰ্ঘদিন ধৰি এটি চৰকাৰী গৃহৰ পৰা বঞ্চিত হৈ আছিল ৷ পৰিয়ালটোৱে অভিযোগ কৰা মতে, পঞ্চায়তটোৰ সভাপতিয়ে চৰকাৰী গৃহ দিয়াৰ নামত উৎকোচ হিচাপে ৫০০০ টকা বিচাৰিছিল (bribe allegation against Panchayat President) ।

ছোৱালীৰ অলংকাৰ বন্ধকত থৈ হ'লেও মঞ্জু দাসে তাৰে ভিতৰত 2000 টকা দিয়ে পঞ্চায়তটোৰ সভাপতিগৰাকীক । লগতে পঞ্চায়তটোৰ সভাপতিগৰাকীৰ এই দুৰ্নীতিৰ বিষয়ে সকলো কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ভুক্তভোগী মঞ্জু দাসে ৷ এই বাতৰি সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত পঞ্চায়তটোৰ সভাপতি লীলা দলেয়ে পৰিয়ালটোক আক্ৰমণৰ লক্ষ্য হিচাপে লয় ৷ ঘটনা সংক্ৰান্তত মঞ্জু দাসৰ স্বামী কলিয়া দাসে অভিযোগ কৰা মতে, এই বাতৰি প্ৰচাৰ হোৱাৰ পিছত মাছখোৱা আদৰ্শ চিকিৎসালয়ত চাফাইকৰ্মী হিচাপে কাম কৰি থকা অৱস্থাতে পঞ্চায়তটোৰ সভাপতিগৰাকীয়ে মাৰপিট কৰিবলৈ উদ্যত হয় ।

অৱশ্যে স্থানীয় ৰাইজৰ চেষ্টাত কথমপি ৰক্ষা পৰে মঞ্জু দাস ৷ সভাপতিগৰাকীয়ে কলিয়া দাসকো হত্যাৰ ভাবুকি দিয়ে ৷ ফলত উপায়ন্তৰ হৈ জীৱনৰ নিৰাপত্তা বিচাৰি যোৱা ২৮ ফেব্ৰুৱাৰীত চিচিমুখ গাঁওৰক্ষী বাহিনীৰ সভাপতি আৰু সম্পাদকৰ ওচৰত অভিযোগ দাখিল কৰে । অৱশ্যে পিছত গাঁওৰক্ষী বাহিনীৰ পৰমৰ্শমতে ভুক্তভোগী ধেমাজি জিলা আৰক্ষী অধীক্ষকৰ ওচৰলৈ যায় । তাৰ পৰা আহি তেওঁলোকে মাছখোৱা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ।

লগতে পঢ়ক :Jal Jeevan Mission in Kalgachia : জল জীৱন মিছনৰ নামত কলগাছিয়াত বিয়াগোম দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.