ETV Bharat / state

National unity day 2022: ধেমাজি জিলাৰ ১০০ বিদ্যালয়ত অনুষ্ঠিত হ'ল একতাৰ দৌৰ - MP Pradan Baruah

ধেমাজি জিলাৰ ১০০ বিদ্যালয়ত পালন কৰা হ'ল একতাৰ দৌৰ(National unity day 2022) ৷ সাংসদ প্ৰদান বৰুৱাৰ অংশগ্ৰহণ ৷

National unity day celebrated in Dhemaji
National unity day 2022: ধেমাজি জিলাৰ ১০০ বিদ্যালয়ত অনুষ্ঠিত হ'ল একতাৰ দৌৰ
author img

By

Published : Oct 31, 2022, 7:54 PM IST

ধেমাজি, 31 অক্টোবৰ: লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনটো আজি দেশৰ অন্যান্য অংশৰ লগতে ধেমাজি জিলাতো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে উদযাপন কৰা হয়(National unity day 2022)। এইবাৰ পোনপ্ৰথমবাৰৰ বাবে জিলাখনৰ এশখন বিদ্যালয়ত পুৱা ৭ বজাতে একতাৰ দৌৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়(National unity day celebrated in Dhemaji)।

National unity day celebrated in Dhemaji
National unity day 2022: ধেমাজি জিলাৰ ১০০ বিদ্যালয়ত অনুষ্ঠিত হ'ল একতাৰ দৌৰ

কেন্দ্ৰীয়ভাৱে মৰিঢল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাংসদ প্ৰদান বৰুৱাই কয় যে, ভাৰতবৰ্ষখনক এখন বিশাল ঐক্যবদ্ধ স্বতন্ত্ৰ দেশ হিচাপে গঢ়ি তোলাত চৰ্দাৰ বল্লভভাই পেটেলৰ অৱদান আছিল অপৰিসীম(Sarder ballavbhai petel birth anniversary)।

সেইবাবে স্বাধীন ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী গৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ লগতে তেখেতৰ আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে এই দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে উদযাপন কৰি অহা হৈছে । এইক্ষেত্ৰত উঠি অহা চেমনীয়া, যুৱক-যুৱতীসকলক অধিক জড়িত কৰাৰ লক্ষ্যৰে এইবাৰ বিদ্যালয়সমূহত এই দিৱস পাতিবলৈ লোৱা হৈছে বুলি জানিবলৈ দি তেওঁ ছাত্ৰ-ছাত্ৰী সকলক নিজৰ স্বাস্থ্য ৰক্ষাৰ বাবেও নিয়মীয়াকৈ দৌৰা আৰু খোজকঢ়াৰ অভ্যাস অব্যাহত ৰাখিবলৈ আহ্বান জনায় সাংসদ প্ৰদান বৰুৱাই( MP Pradan Baruah)।

পতাকা জোকাৰি দৌৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সাংসদ প্ৰদান বৰুৱাই ৷ য'ত ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ উপৰি স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে। অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত মিৰ্জানা হুছেইন, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু জিলা ক্ৰীড়া বিষয়া মৃদুল কুমাৰ দত্ত‌ও উপস্থিত আছিল। ইয়াৰ সমান্তৰালভাৱে আজি জিলাখনৰ আন ৯৯ খন উচ্চ অথবা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো জিলা প্ৰশাসনৰ উদ্যোগত আৰু ক্ৰীড়া বিভাগৰ সহযোগত একতাৰ দৌৰ অনুষ্ঠিত কৰা হয়।

ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে । ইয়াৰ উপৰিও আজি ধেমাজি জিলা কৃষি বিষয়াৰ লগতে আন চৰকাৰী কাৰ্যালয়তে বিষয়া-কৰ্মচাৰী সকলে ৰাষ্ট্ৰীয় একতা আৰু সংহতি ৰক্ষাৰ শপত গ্ৰহণ কৰে।

লগতে পঢ়ক: Neel Pawan Baruah : ৰঙিয়াত চিত্রশিল্পীৰ অভিনৱ পদক্ষেপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.