ETV Bharat / state

জোনাইত বুঢ়ালুইতৰ সংহাৰ : বানত বুৰ গৈছে 60 টাৰো অধিক পৰিয়াল - Flood at Junai

ৰাজ্যত বান পৰিস্থিতি শাম কটাৰ পিছতেই পুনৰ নেৰা নেপেৰা বৰষুণে আতংকৰ সৃষ্টি কৰিছে (Flood at Jonai) ৰাজ্যবাসীক ৷ বান আৰু গৰাখহনীয়াই জুৰুলা কৰিছে জোনাইবাসীক ৷

More than 60 families have been affected by floods at junai

author img

By

Published : Jun 14, 2022, 3:24 PM IST

জোনাই, ১৪ জুন : ৰাজ্যত বান পৰিস্থিতি শাম কটাৰ পিছতেই পুনৰ নেৰা নেপেৰা বৰষুণে আতংকৰ সৃষ্টি কৰিছে (Flood at Jonai) ৷ এইবাৰ জোনাইত বুঢ়া লুইতৰ সংহাৰ ৷ যোৱা কেইবাদিনো ধৰি দি থকা ধাৰাসাৰ বৰষুণৰ ফলত ধেমাজি জিলাৰ জোনাইৰ কবু চাপৰিত চিয়াং নদীৰ বাঢ়নী পানীয়ে পুনৰ বুৰাই পেলাইছে বহুলোকৰ ঘৰ-দুৱাৰ, কৃষিভূমি (Flood affected area at Jonai) । কবু চাপৰিৰ ১ আৰু ৩ নং ৱাৰ্ডত চিয়াং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে প্ৰায় ৬০ টাৰো অধিক পৰিয়ালৰ ঘৰ-দুৱাৰ ৷

ইয়াৰ সমান্তৰালকে জোনাই সমষ্টিৰ অন্তৰ্গত চেঙাজানত ভয়ংকৰ ৰূপত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া । ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়াত আতংকিত হৈ দিশহাৰা হৈ পৰিছে নৈপৰীয়া ৰাইজ । আতংকিত ৰাইজে খহনীয়া প্ৰতিৰোধৰ বাবে নেদেখাজনৰ নাম লৈছে ৷

জোনাইত বুঢ়ালুইতৰ সংহাৰ : বানত বুৰ গৈছে 60 টাৰো অধিক পৰিয়াল

১১৪ নং জোনাই বিধান সভা সমষ্টিৰ অন্তৰ্গত চেঙাজানত ভয়ংকৰ ৰূপত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া ৷ ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ খহনীয়াত ইতিমধ্যে জাহ গৈছে চেঙাজান অঞ্চলৰ বহু কেইখন গাঁৱৰ শ শ পৰিয়ালৰ ঘৰবাৰী, কৃষিভূমি, বিদ্যালয়, মন্দিৰ আদি ৷

সম্প্ৰতি যিকোনো মূহুৰ্তত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত জাহ যোৱাৰ পথত এখন প্ৰাথমিক বিদ্যালয়, এখন অংগনৱাড়ী কেন্দ্ৰৰ লগতে বহু কেইঘৰ মানুহৰ বাসগৃহ, শিক্ষানুষ্ঠান আদি ৷ চকুৰ আগতে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত দৈনিক জাহ গৈছে ৰাইজৰ ঘৰ-বাৰী, মূল্যবান গছ-গছনি ৷ আতংকিত হৈ একাংশ ৰাইজে নিৰাপদ স্থান বিচাৰি অন্য ঠাইলৈ ঢাপলি মেলিছে ৷

জানিব পৰামতে জোনাইৰ চমকং পঞ্চায়তৰ অন্তৰ্গত চেঙাজান অঞ্চলৰ ৰাইজে ব্ৰহ্মপুত্ৰ নৈৰ বান-খহনীয়া প্ৰতিৰোধৰ বাবে বছৰ বছৰ ধৰি চৰকাৰ কিম্বা জনপ্ৰতিনিধিক আবেদন নিবেদন কৰি আহিছে যদিও কোনেও কাণসাৰ নিদিলে ৷ সময় থাকোতে চৰকাৰে চেঙাজান অঞ্চলত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অস্তিত্বৰ ভাবুকিয়ে দেখা দিছে বৃহত্তৰ চেঙাজান অঞ্চলটোত ।

লগতে চাওক :লুইতৰ বুকুত কান্দোনৰ ৰোল : ধুমুহাই আগচিলে যাত্ৰীবাহী লঞ্চ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.