ETV Bharat / state

EIA প্ৰত্যাহাৰৰ দাবীত ধেমাজিত ব্লক কংগ্ৰেছৰ মানৱ শৃংখল

author img

By

Published : Aug 10, 2020, 7:40 PM IST

ধেমাজিত ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদ ৷ ENVIRONMENT IMPACT ASSESMENT 2020 চমুকৈ EIA প্ৰত্যাহাৰৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ প্ৰতিবাদকাৰীয়ে এই আইনৰ বিৰোধিতা কৰে ৷

MASSIVE PROTEST IN ASSAM DHEMAJI
EIA প্ৰত্যাহাৰৰ দাবীত ধেমাজিত ব্লক কংগ্ৰেছৰ মানৱ শৃংখল

ধেমাজি, 10 আগষ্ট : কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে সোমবাৰে ধেমাজি জিলাত শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ধেমাজি সদৰত ব্লক কংগ্ৰেছৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ ENVIRONMENT IMPACT ASSESMENT 2020 চমুকৈ EIA প্ৰত্যাহাৰৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ প্ৰতিবাদকাৰীয়ে বন ধংসৰ বিৰোধিতা কৰে ৷

আনহাতে, প্ৰতিবাদস্থলীৰ পৰাই জিলা কংগ্ৰেছৰ সভাপতি নিতু বৰগোঁহাইয়ে কয় যে, অসমৰ বনাঞ্চলত উদ্যোগ বঢ়াবৰ কাৰণে চৰকাৰে ষড়যন্ত্ৰ কৰিছে । গতিকে, বন সম্পদ যাতে সুৰক্ষিত হৈ থাকে তাৰ বাবে চৰকাৰক এই খচৰাখন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷

উল্লেখ্য যে, কেন্দ্ৰীয় বন, জলবায়ু আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা নতুন উদ‌্যোগ স্থাপন কৰাৰ বাবে EIA (Environment Impact Assessment) আইন কাৰ্যকৰী কৰিব বিচাৰিছে ৷ এই নতুন আইনখন পূৰ্বৰ কেতবোৰ কঠোৰ নীতি-নিয়মক সম্পূৰ্ণৰূপে সলনি কৰি প্ৰস্তুত কৰা হৈছে ৷ কেন্দ্ৰীয় চৰকাৰে নতুন উদ‌্যোগ স্থাপন কৰাৰ বাবে পৰিৱেশৰ প্ৰভাৱ মূল্যায়ন আইন (Environment Impact Assessment) কাৰ্যকৰী কৰাক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজ্যত আইনখনৰ বিৰোধিতা আৰম্ভ হৈছে । বিভিন্ন দল-সংগঠনৰ লগতে বিৰোধী দলসমূহে এই আইনখনৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে ।

অভিযোগ অনুসৰি, এই আইন প্ৰযোজ্য হ’লে সুবিধা লাভ কৰিব পাৰিব বণিয়া গোষ্ঠীয়ে ৷ থলুৱাৰ হাতত আৱদ্ধ থকা সম্পদৰ অধিকাৰৰ ক্ষেত্ৰতো এই আইনে হস্তক্ষেপ কৰিব ৷ সীমান্তৰ সমীপত 100 কিল’মিটাৰ দুৰত্বত পথ নিৰ্মাণত নৰজিব ৰাইজৰ কোনো ওজৰ-আপত্তি বা প্ৰশ্ন ৷ তদুপৰি পাইপলাইন স্থাপনত কোনো প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব ৰাইজে ৷

লগতে পঢ়ক : বিদ্যুতৰ যোগান নিয়মীয়াকৰণৰ দাবীৰে যোৰহাটত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.