ধেমাজি, 14 মাৰ্চঃ দঞিপলৰ আৰ্শীবাদ বিচাৰি শনিবাৰে ধেমাজি কাঢ়িচুকত সপ্তম বাৰ্ষিক আলি আয়ে লিলেন ২০২০ জৰিয়তে বছৰটোৰ বাবে, কাঢ়িচুকবাসীয়ে আনুষ্ঠানিকভাৱে বিদায় দিলে আলি আয়ে লৃগাং ৷ পুৱাৰে পৰা এক উৎসৱমুখৰ পৰিৱেশৰ মাজত অনুষ্ঠিত হয় লিলেন উৎসৱ ৷ ইয়াৰ বাবে কাঢ়িচুক গাঁৱৰ ৰৌগাং বাকৰিত জনগোষ্ঠীয় নৃত্য কৰিলে মিচিং জনগোষ্ঠীৰ ডেকা গাভৰুৱে ৷ পুৱা সামূহিক চাফাই আৰু পৰম্পৰাগত ৰীতি নীতি মতে আৰম্ভ হোৱা এই অনুষ্ঠানত ঐনিতম আৰু গুমৰাগৰ ছন্দত কপি উঠে কাঢ়িচুকৰ বাকৰি ৷ পৰৱৰ্তী সময়ত মুকলি মঞ্চত গুমৰাগ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ৷
লগতে পঢ়কঃ গোৱালপাৰাত ৰাভা-হাচংৰ ২৫ বছৰ পূৰ্ণ উপলক্ষে সংস্কৃতি সমাৰোহ