ETV Bharat / state

জোনাইত লুইতৰ বুকুত জাহ শ শ মিটাৰ ভূমি - জোনাই

ধেমাজি জিলাৰ জোনাইৰ বহু অঞ্চলত এতিয়া বিনিদ্ৰ ৰজনী কটাইছে ৰাইজে । ক্ৰমাৎ বৰলুইতৰ বুকু উফন্দি উঠাত বিভিন্ন ঠাইত সৃষ্টি হৈছে তীব্ৰ খহনীয়াৰ ।

লুইতৰ বুকুত জাহ শ শ মিটাৰ ভূমি
author img

By

Published : Jun 2, 2019, 4:32 PM IST

জোনাই, ২ জুন : শেহতীয়াকৈ হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ উফন্দি উঠা বৰলুইতৰ পানীয়ে ৰাজ্যৰ বিভিন্ন ঠাইত সৃষ্টি কৰিছে তীব্ৰ খহনীয়াৰ । ধেমাজি জিলাৰ জোনাইৰ ঐৰামঘাট, বেৰাচাপৰি, পবামুখ, চিমেনমুখ চেঙাজান - মাজৰবাৰীকে ধৰি ঢকুৱাখনা অঞ্চলতো সৃষ্টি হোৱা খহনীয়াই নৈপৰীয়া ৰাইজক আতংকিত কৰি তুলিছে । ইয়াৰ ফলত জিলাখনৰ একমাত্ৰ বাণিজ্যিক নগৰ চিলাপথাৰলৈও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে গঢ়া খহনীয়াই । কুৰিখনৰো অধিক গাঁও খহনীয়াত জাহ যোৱাৰ লগতে অঞ্চলটোৰ মঙলবৰীয়া বজাৰৰ দুৰ্গাপূজা মন্দিৰটোৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে ৷

লুইতৰ বুকুত জাহ শ শ মিটাৰ ভূমি

উল্লেখ্য যে চিয়াং নদীৰ বান খহনীয়াৰ পৰা জোনাই সদৰক ৰক্ষা কৰি অহা বনাঞ্চলৰ পবামুখ অঞ্চলতো নদীখনে খহনীয়াৰ সৃষ্টি কৰিছে । ঢকুৱাখনাৰ মাতমাৰ পঞ্চায়তৰো বহু অঞ্চলত এনেদৰে খহনীয়া অব্যাহত আছে যদিও কাণসাৰ নাই ধেমাজি - ঢকুৱাখনা জলসম্পদ বিভাগৰ । চৰকাৰ তথা জনপ্ৰতিনিধিৰ চৰম অৱহেলাৰ ফলত এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।

Intro:Body:জোনাইৰ ঐৰামঘাট, পবামুখ, চিমেনমুখ, চেঙাজান- মাজৰবাৰী,ঢকুৱাখনাত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াঃ চিলাপথাৰ নগৰ,চিচি-টেকেলিফুটা মথাউৰিলৈ ভাবুকি, শ শ মিটাৰ ভূমি জাহ গৈছে লুইতৰ বুকুত ৷

জোনাই 2 জুন
শেহতীয়াকৈ নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ উফন্দি উঠিছে বৰলুইতৰ বুকু আৰু ইয়াৰ ফলতে ৰাজ্যৰ বিভিন্ন অংশত সৃষ্টি হৈছে এতিয়া তীব্ৰ খহনীয়াৰ। এইক্ষেত্ৰত ধেমাজি জিলাৰ জোনাইৰ ঐৰামঘাট, বেৰাচাপৰি, পবামুখ, চিমেনমুখ চেঙাজান-মাজৰবাৰীকে ধৰি ঢকুৱাখনা আদি অঞ্চলত ব্ৰহ্মপুত্ৰত সৃষ্টি হোৱা খহনীয়াই নৈপৰিয়া ৰাইজক আতংকিত কৰি তুলিছে। ধেমাজি জিলাৰ ঐৰামঘাট, বেৰাচাপৰি , চিমেনমুখ, চেঙাজান মাজৰবাৰী অঞ্চলত যি দিশে যিহাৰত খহনীয়া সৃষ্টি কৰি আহিছে জিলাখনৰ একমাত্ৰ বানিজ্যিক নগৰ চিলাপথাৰ লৈ তীব্ৰ ভাবুগি কঢ়িয়াই আনিছে ৷ জিলাখনৰ উল্লেখিত অঞ্চলত এতিয়ালৈকে ইতিমধ্যে কুৰিখনৰো অধিক গাঁও খহনীয়াত জাহ যোৱাৰ লগতে বৰ্তমান মঙ্গলবৰীয়া বজাৰৰ দুৰ্গাপুজাৰ মন্দিৰটো খহনীয়াত জাহ যোৱাটো প্ৰকট হৈ পৰিছে ৷উল্লেখীয় যে জোনাই সদৰক চিয়াং নদীৰ বান খহনীয়াৰ পৰা ৰক্ষাৰ কৱজ হিচাপে যোৱা প্ৰায় সাত দশক ধৰি থিয় হৈ থকা পবা বনানঞ্চলৰ পবামুখতো চিয়াং নদীৰ ব্যাপক খহনীয়া অব্যহত থকাত অকল ঐৰামঘাট অঞ্চলেই নহয় অচিৰেই জোনাই সদৰৰ বাবেও অতি ভয়ংকৰ হৈ পৰিছে চিয়াং নদীৰ খহনীয়াইl ইপিনে যি দিশে বৰলুহিতে যি হাৰত খহনীয়া অব্যাহত ৰাখিছে তাৰ যদি প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে দুই এক বছৰতেই বৰলুহিতৰ গতি সম্পুৰ্ণ সলনি হৈ পৰিব আৰু তেতিয়া বগীবিল দলং আনফালেহে ৰৈ পৰিব ৷আনহাতে ঢকুৱাখনাৰ ৰক্ষাকৱচ স্বৰূপ চিচি টেকেলিফুটা মথাউৰীৰ প্ৰতি এতিয়া ব্ৰহ্মপুত্ৰৰ গড়া খহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। ঢকুৱাখনাৰ মাতমাৰ পঞ্চায়তৰ অন্তৰ্গত বাঘচুক, মদাৰগুৰি, বান্দেনাকে আদি কৰি কেইবাটাও স্থানত পানী বঢ়াৰ লগে লগে ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া আৰম্ভ হৈছে। এই ক্ষেত্ৰত কোনো খবৰ নাই ধেমাজি-ঢকুৱাখনা জলসম্পদ বিভাগৰ বিষয়া-অভিযন্তাৰ। কাৰণ আৰু কিছুদিন খহনীয়া অব্যাহত থাকিলে চিচি-টেকেলিফুটা মথাউৰিৰ কাষেৰে বৈ যোৱা একৰীয়া সুতিত সংযোগ হ’ব ব্ৰহ্মপুত্ৰৰ মুল নদী। ফলত একৰিয়া সুতিয়ে নতুনকৈ নিৰ্মাণ কৰি থকা চিচি-টেকেলিফুটা মথাউৰিৰ বিপদ ঘটাৱাটো প্ৰায় নিশ্চিত। ইফালে চৰকাৰ জনপ্ৰতিনিধিৰ চৰম অৱহেলাৰ ফলতে জোনাইৰ ঐৰামঘাটত আজি পৰ্যন্ত চিয়াং নদীৰ খহনীয়াৰ প্ৰতিৰোধৰ বাবে কোনোধৰণ স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰাত অকল ঐৰামঘাট অঞ্চলেই নহয় ঐৰামঘাটৰ পৰা জোনাইৰ চিমেনমূখলৈ চিয়াং নদীৰ খহনীয়াই অধিক ভয়ংকৰ হৈ পৰাত শংকিত হৈ পৰিছে ফলত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।

কৰবী দলে , জোনাইConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.