ETV Bharat / state

ৱাৰ্ড সদস্যৰ পত্নীৰ আত্মহত্যা, পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে গোচৰ ৰুজু

author img

By

Published : Oct 27, 2020, 6:21 PM IST

জোনাই মহকুমাৰ ৰাজাখানা পঞ্চায়ত সভাপতি বীৰেণ পেগুৱে সোমবাৰে সন্ধিয়া বাৰ্ড সদস্য বম্বেশ্বৰ পেগুৰ ঘৰত তেওঁৰ পত্নীৰ সৈতে অপকৰ্ম লিপ্ত হৈ থকা সময়তে ঘৰলৈ আহি বম্বেশ্বৰ পেগুৱে হাতে লোটে ধৰা পেলায়। অপকৰ্ম কৰিয়েই ৰাজাখানা পঞ্চায়তৰ সভাপতি বীৰেণ পেগু ঘটনাস্থলীৰ পৰা পলাই যায়।

jonai-suicide-sensetion
ৱাৰ্ড সদস্যৰ পত্নীৰ আত্মহত্যা, পঞ্চায়তৰ সভাপতি বিৰুদ্ধে গোচৰ ৰুজু

জোনাই, ২৭ অক্টোবৰ: জোনাই মহকুমাৰ ৰাজাখানা গাঁও পঞ্চায়তৰ 2 নং বাৰ্ডৰ বাৰ্ড সদস্য তথা 1 নং ৰাজাখানা গাঁৱৰ নিবাসী বম্বেশ্বৰ পেগুৰ পত্নীৰ আত্মহত্যাক কেন্দ্ৰ কৰি জোনাইত তীব্ৰ চঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী মতে জোনাই মহকুমাৰ ৰাজাখানা পঞ্চায়ত সভাপতি বীৰেণ পেগুৱে সোমবাৰে সন্ধিয়া বাৰ্ড সদস্য বম্বেশ্বৰ পেগুৰ ঘৰত তেওঁৰ পত্নীৰ সৈতে অপকৰ্ম লিপ্ত হৈ থকা সময়তে ঘৰলৈ আহি বম্বেশ্বৰ পেগুৱে হাতে লোটে ধৰা পেলায়। অপকৰ্ম কৰিয়েই ৰাজাখানা পঞ্চায়তৰ সভাপতি বীৰেণ পেগু ঘটনাস্থলীৰ পৰা পলাই যায়। স্বামী বম্বেশ্বৰ পেগুৱে অপকৰ্মত লিপ্ত হৈ পলাই যোৱা পঞ্চায়ত সভাপতি বীৰেণ পেগুক পিছে পিছে খেদি যোৱাৰ সময়ত বম্বেশ্বৰ পেগুৰ পত্নী ঘৰৰ পৰা হঠাতে নিৰুদ্দেশ হৈ যায়। ইপিনে পত্নীৰ নিৰুদ্দেশ হোৱাত স্বামী বম্বেশ্বৰ পেগুৱে গাঁৱৰ ৰাইজৰ সহযোগত বিচাৰ খোচাৰ কৰে। কিছু সময়ৰ পিছত নিশা প্ৰায় ৯ বজাত ঘৰৰ পিছফালৰ বাঁহনীবাৰীৰ জুপুৰি ঘৰত ডিঙিত গামোচাৰে চীপ লৈ আত্মহত্যা কৰা অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

ইপিনে ঘটনাৰ পিছতে পৰিয়ালৰ লোকে জোনাই থানাত খবৰ দিয়ে। আৰক্ষীয়ে নিশা ঘটনাস্থলীলৈ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি জোনাই থানালৈ আনে। পৰিয়াল লোকে ঘটনা সন্দৰ্ভত ৰাজাখানা পঞ্চায়ত সভাপতি বীৰেণ পেগুৰ ওপৰত জোনাই থানাত এজাহাৰ দাখিল কৰে। ঘটনা সন্দৰ্ভত জোনাই থানাত ভাৰতীয় দণ্ডাবিধি আইনৰ 306 ৰ ধাৰাৰ অধীনত 117/ 2020 নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে। ইপিনে আৰক্ষীয়ে মৃত মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে ঘটনাৰ পিছৰে পৰা ৰাজাখানা পঞ্চায়ত সভাপতি বীৰেণ পেগু পলাতক হৈ আছে ৷

লগতে পঢ়ক: চিৰাঙত অব্যাহত বনজ সম্পদৰ চোৰাং সৰবৰাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.