ETV Bharat / state

Jal Jeevan Mission at Jonai: জলজীৱন আঁচনিৰ কামত চোৰাংকৈ ব্যৱহৃত হৈছে বিদ্যুৎ

ৰাজ্যত এফালে বিদ্যুতৰ নাটনি(Load shedding in Assam), আনফালে চৰকাৰী আঁচনিৰ কামতো চোৰাংকৈ ব্যৱহৃত হৈছে বিদ্যুৎ ৷ শেহতীয়াকৈ জোনাইত পোহৰলৈ আহিছে এই তথ্য ৷ অজয় কুমাৰ আগৰৱালা ওৰফে মুন্না নামৰ ঠিকাদাৰজনে জলজীৱন মিছন আঁচনিৰ কামত চোৰাংকৈ বিদ্যুৎ ব্যৱহাৰ কৰি অহাৰ ঘটনা পোহৰলৈ আহিছে ৷

author img

By

Published : Jul 25, 2022, 9:44 PM IST

Jal Jeevan Mission at Jonai
জলজীৱন আঁচনিৰ কামত চোৰাংকৈ ব্যৱহৃত হৈছে বিদ্যুৎ

জোনাই, ২৫ জুলাই: জলজীৱন মিছন আঁচনি(Jal Jeevan Mission)ৰ কামত সংঘটিত হৈছে ইটোৰ পিছত সিটো দুৰ্নীতি-অনিয়ম । এইবাৰ জলজীৱন মিছন আঁচনি নিৰ্মানত চোৰাংকৈ বিদ্যুৎ ব্যৱহাৰ কৰাৰ বৃহৎ অভিযোগ উঠিছে জোনাইত (Illegal usage of electricity at Jonai)। জোনাইৰ উজনি ৰতনপুৰ আৰু নামনি ৰতনপুৰৰ কোটিটকীয়া জলজীৱন মিছন আঁচনিৰ কামত অসাধু ব্যৱসায় তথা ঠিকাদাৰ অজয় কুমাৰ আগৰৱালা ওৰফে মুন্নাই চোৰাংকৈ বিদ্যুৎ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে জোনাই বিদ্যুৎ উপসংমণ্ডলৰ বিষয়া-কৰ্মচাৰীৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

জানিব পৰামতে আগতেও বিদ্যুৎ চুৰিৰ সন্দৰ্ভত জোনাই বিদ্যুৎ উপ-সংমণ্ডলে জৰিমনা বিহিছিল ব্যৱসায়ী তথা ঠিকাদাৰ মুন্নাৰ আগৰৱালাক । পৰৱৰ্তী সময়ত বিধিগতভাৱে আঁচনিৰ কামত বিদ্যুৎ ব্যৱহাৰৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ পৰা অস্থায়ী অনুমতি পত্ৰ দিয়া হৈছিল । এই অনুমতিৰ ম্যাদ যোৱা ২৭ জুনত শেষ হৈছিল । ঠিকাদাৰজনে এই অনুমতিপত্ৰ নবীকৰণ নকৰাকৈ অবৈধভাৱে বিগত এমাহ ধৰি আঁচনিৰ কামত চোৰাংকৈ বিদ্যুৎ ব্যৱহাৰ কৰি আহিছে ।

আজি সাংবাদিকৰ দল তথা জোনাই বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ তৎপৰতাত আঁচনি নিৰ্মাণ কৰা ঠাইৰ বিদ্যুতৰ তাঁৰ, পানীৰ মটৰ আৰু এটা গ্ৰেন্দাৰ মেচিন জব্দ কৰিবলৈ সক্ষম হয় । ইয়াৰোপৰি উক্ত আঁচনি দুখনৰ ঠিকাদাৰ অজয় কুমাৰ আগৰৱালা ওৰফে মুন্নাই ব্যক্তিগত মুনাফাৰ কাৰণে আঁচনিৰ কাম অতি নিন্মমানৰ ৰদ-চিমেন্ট, চিপছ আৰু বালিৰ সলনি ক্ৰেচাৰৰ ধূলি ব্যৱহাৰ কৰি নিৰ্মাণ কৰাৰ‌ লগতে কামৰ গতি অতি লেহেমীয়া হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । যাৰ ফলত আঁচনিৰ মুখ্য পানী টেংকীত বাহিৰৰ পৰা লেতেৰা বৰষুণৰ পানী ভিতৰলৈ সোমোৱা পৰিলক্ষিত হৈছে ।

চোৰাংকৈ বিদ্যুৎ সংযোগ কৰি জলজীৱন মিছনৰ আঁচনিৰ নিৰ্মাণকাৰ্য চলাই থকা দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ অজয় কুমাৰ আগৰৱালা ওৰফে মুন্নাৰ বিৰুদ্ধে অসম বিদ্যুৎ বিতৰণ আৰু বাণিজ্যিকীকৰণ বিভাগৰ জোনাই সংমণ্ডলে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়াহে লক্ষণীয় হ’ব৷ ইয়াৰ লগতে বিভাগীয় কৰ্তৃপক্ষই আঁচনি দুখনত ব্যৱহাৰ কৰা ক্ৰেচাৰৰ ধূলিৰে ‌নিৰ্মাণ কৰা পানীৰ টেংকী পুনৰ নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: HSLC compartmental exam: পৰীক্ষাকেন্দ্ৰৰ বিসংগতিয়ে দোধোৰ-মোধোৰত পেলালে পৰীক্ষাৰ্থীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.