ETV Bharat / state

একাঠু পানীৰ মাজত এখন প্ৰাৰ্থমিক বিদ্যালয়ত গুণোৎসৱ - Gunotsav held on water at a primary school in Jonai

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে শিক্ষাখণ্ডৰ সংস্কাৰৰ উদ্দেশ্যে তিনিটা পৰ্যায়ত গুণোৎসৱৰ আয়োজন কৰাৰ সময়তে জোনাইৰ এখন বিদ্যালয়ৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীয়ে ভুগিব লগা হৈছে নানানটা অসুবিধা ৷ ইফালে একাঠু পানীৰ মাজতেই বিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰিলে গুণোৎসৱ (Gunotsav Assam 2022) ৷

gunotsav-held-at-jonai-in-very-bad-condition
একাঠু পানীৰ মাজত এখন প্ৰাৰ্থমিক বিদ্যালয়ত গুণোৎসৱ
author img

By

Published : May 13, 2022, 10:08 PM IST

জোনাই, ১৩ মে : যি সময়ত শিক্ষাখণ্ডৰ সংস্কাৰৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে গুণোৎসৱৰ আয়োজন (Gunotsav Assam 2022)কৰিছে, তেনে সময়তে জোনাইৰ এখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ-ছাত্ৰীয়ে ভুগিব লগা হৈছে নানানটা অসুবিধা (Gunotsav held on water at a primary school in Jonai) ৷

উল্লেখ্য যে, জোনাইৰ ২ নং মুৰ্কংচেলেক ৰে'লৱে কলনি নতুন প্ৰাৰ্থমিক বিদ্যালয়ত একাঠু পানীৰ মাজত আয়োজন কৰা হ'ল গুণোৎসৱ ৷ নিশা অহা ধাৰাসাৰ বৰষুণৰ ফলত একাঠু পানীৰ তলতেই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ ল'লে গুণোৎসৱত ৷

একাঠু পানীৰ মাজত এখন প্ৰাৰ্থমিক বিদ্যালয়ত গুণোৎসৱ

শিক্ষাখণ্ডৰ মানদণ্ড উন্নত কৰিবলৈ প্ৰাৰ্থমিক বিদ্যালয়খনত এনে অৱস্থাতেই অনুষ্ঠিত কৰা হ'ল গুণোৎসৱ । সম্প্ৰতি, বিদ্যালয়খনৰ চাৰিওফালে হোৱা বানপানীৰ ফলত সমস্যাত পৰিছে শিক্ষকৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীসকল ৷ এনে বিপদজনক পৰিবেশৰ মাজতেই শিক্ষকসকলে বিদ্যালয়খনৰ বাৰাণ্ডাত আয়োজন কৰিলে গুণোৎসৱ ৷

সম্প্ৰতি, ইয়াৰ স্থায়ী সমাধান বিচাৰি স্থানীয় প্ৰশাসন তথা শিক্ষামন্ত্ৰীলৈ কাঁতৰ অনুৰোধ জনাইছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকলে ৷

লগতে পঢ়ক : নাৰেংগী উচ্চ বিদ্যালয়ত বন বিভাগৰ গছ পুলি ৰোপণ কাৰ্যসূচী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.