ETV Bharat / state

আহুধানৰ খেতি কৰি আহুকালত ধেমাজিৰ কৃষক - ধেমাজি কৃষি বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ

ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে আহুধানৰ খেতিৰে টনকিয়াল হোৱাৰ চেষ্টা কৰি বিপদত পৰিছে ধেমাজিৰ একাংশ কৃষক ৷ নিৰ্ধাৰিত সময়ত ধানৰ বীজ নোলোৱাত ক্ষোভ উজাৰিছে এইসকল ভুক্তভোগী কৃষকে ৷

আহুধানৰ খেতি কৰি আহুকালত ধেমাজিৰ কৃষক
আহুধানৰ খেতি কৰি আহুকালত ধেমাজিৰ কৃষক
author img

By

Published : Jun 26, 2021, 10:53 PM IST

ধেমাজি, 26 জুন : ভৰ বাৰিষাৰ পথাৰত ব্যস্ত হৈ পৰিছে অসমৰ কৃষক ৰাইজ ৷ কিন্তু এই সময়তে এক ডাঙৰ বিপদৰ সন্মুখীন হৈছে ধেমাজিৰ আহুধানৰ খেতিয়কসকল ৷ আহুধানৰ খেতি কৰি আহুকাল চপালে ধেমাজিৰ একাংশ কৃষকে ৷ ধেমাজি কৃষি বিভাগৰ আহুধানৰ উন্নত বীজৰ খেতি কৰিবলৈ গৈ বিপদত পৰিছে এইসকল খেতিয়ক ৷

উল্লেখ্য যে, আংশিক লক ডাউনৰ সময়ত কিছু সকাহ পোৱাৰ উদ্দেশ্য আহু ধানৰ খেতি কৰিছিল ধেমাজি কৃষি খণ্ডৰ অধীনৰ বিষ্ণুপুৰ গহপুৰীয়া গাঁৱৰ কেইবাগৰাকীও সাধাৰণ কৃষকে ৷ ধেমাজিৰ কৃষি বিভাগে উন্নত আহুধানৰ বীজ যোগান ধৰিছিল এইসকল কৃষকক ৷ কিন্তু অতি পৰিতাপৰ বিষয় যে নিৰ্ধাৰিত সময়ত আহুধানৰ গছৰ পৰা নোলাল বীজ ৷ উপায়ন্তৰ হৈ আহুধানৰ খেতিডৰা নষ্ট কৰি পুনৰ শালি খেতি কৰিবলৈ চিন্তা কৰিছে কৃষকসকলে ৷

কৃষি বিভাগৰ আহু ধানৰ খেতি কৰি আহুকালত ধেমাজিৰ কৃষক

চৰকাৰী বীজেৰে আহুধানৰ খেতি কৰি অঞ্চলটোৰ গোবিন তামুলী, ধৰ্ম দাস নামৰ কৃষক কেইজনে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

প্ৰতিগৰাকী কৃষকে 2 বিঘাৰ পৰা 4/5 বিঘা পৰ্যন্ত আহু খেতি কৰিছিল ৷ আহুধানৰ খেতিৰ নামত প্ৰতি গৰাকী কৃষকৰ প্ৰায় 15 হাজাৰৰ পৰা 20 হাজাৰ টকা পৰ্যন্ত খৰচ হৈছে ৷ চৰকাৰী বীজৰ খেতি কৰিবলৈ গৈ সৰ্বস্বান্ত হৈ পৰা কৃষকদ্বয়ে এতিয়া ধেমাজি কৃষি বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে ৷

এই খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া ধেমাজি কৃষক ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ কৰ'ণাকালত চহা কৃষকৰ মূৰত কৃষি বিভাগৰ এনেধৰণৰ ৰামটাঙোন সহজভাৱে ল’ব পৰা নাই ৰাইজে ৷ ৰাইজৰ প্ৰশ্ন দৰিদ্ৰ কৃষকৰ নামত ৰাজভোগ কৰি থকা বিভাগীয় মন্ত্ৰী, আমোলা, শীৰ্ষ বিষয়া, কৰ্মচাৰী, ঠিকাদাৰৰ কেতিয়ালৈ সম্বিৎ ঘূৰি আহিব ৷ কেতিয়ালৈ সংস্কাৰ হ'ব ৰাজ্যৰ কৃষি বিভাগ ?

লগতে পঢ়কঃ ২০০ খন আইচিইউ যুক্ত বিচনাৰে সাজু GMCH ৰ ক'ভিড হাস্পতাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.