ETV Bharat / state

অস্তিত্বৰ সংকটত পবা সংৰক্ষিত বনাঞ্চল - জৈৱ বৈচিত্ৰ

অস্তিত্বৰ সংকটত পবা সংৰক্ষিত বনাঞ্চল । দুষ্কৃতিকাৰীয়ে পবা বৰ্ষাৰণ্যত চলাইছে বন ধ্বংস কাৰ্য ৷ নিৰ্লিপ্ত বন বিভাগ ৷

অস্তিত্বৰ সংকটত পবা সংৰক্ষিত বনাঞ্চল
অস্তিত্বৰ সংকটত পবা সংৰক্ষিত বনাঞ্চল
author img

By

Published : Nov 15, 2020, 5:12 PM IST

জোনাই,15 নৱেম্বৰ: ধেমাজি জিলাৰ জোনাই মহকুমাস্থিত বৰ্ষাৰণ্য তথা জৈৱ বৈচিত্ৰৰ ভঁৰাল পবা সংৰক্ষিত বনাঞ্চলত অব্যাহত আছে বন ধ্বংস যজ্ঞ ৷ বিভিন্ন প্ৰজাতিৰ অৰ্কিড, ঔষধি গছ-লতা, দুস্প্ৰাপ্য জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰে সমৃদ্ধশালী বনাঞ্চলখন ধ্বংসত বন মাফিয়াক সংগোপনে সহায়ৰ হাত আগবঢ়োৱাৰ অভিযোগ উত্থাপন হৈছে একাংশ বন বিষয়া আৰু কৰ্মচাৰীৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, চলিত বৰ্ষৰ জুলাই মাহত পবা বৰ্ষাৰণ্যক জোনাইবাসীৰ দাবী অনুসৰি বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়াৰ আশ্বাস প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কিন্তু আজি অস্তিত্বৰ সংকটত পৰিছে বনাঞ্চলখন ৷

দীৰ্ঘসময়ে অব্যাহত থকা বন ধ্বংসৰ ফলতে নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে অসম-অৰুণাচল সীমান্তৱৰ্তী সংৰক্ষিত বনাঞ্চলখন ৷ ইয়াৰ বিপৰীতে জোনাই সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ বাবে তিনিমাইল, চিৰুং আৰু লেকুত তিনিটাকৈ বিট স্থাপন কৰা হৈছে ৷ কিন্তু চোৰাং কাঠ ব্যৱসায়ী আৰু একাংশ বন বিষয়া আৰু কৰ্মচাৰীৰ গোপন বুজাবুজিৰে সম্প্ৰতি চলিছে এই বনাঞ্চল ধ্বংস কাৰ্য ৷ বৰ্ষাৰণ্যখনত থকা মূল্যবান গছ যেনে গমাৰী, শিমলু, উৰিয়াম আদিৰ দৰে মূল্যবান বনজ সম্পদসমূহ একাংশ দুষ্কৃতিকাৰীয়ে দিন-দুপৰতে কাটি তহিলং কৰিছে ৷ এই সমগ্ৰ কাণ্ডৰ তীব্ৰ গৰিহণা দিছে ধেমাজিৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জ্ঞান শৰ্মায়ে ৷

লগতে চাওকঃ নাগ্ৰীজুলিত পথ দুৰ্ঘটনা:শিশুসহ আহত এটি পৰিয়ালৰ পাঁচ গৰাকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.